Home উত্তৰ পূৰ্বাঞ্চল নগালেণ্ডৰ অ’টিংবস্তিৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিলে সেনাই, ঘটনাস্থলী পৰিদৰ্শন তদন্তকাৰী দলৰ

নগালেণ্ডৰ অ’টিংবস্তিৰ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিলে সেনাই, ঘটনাস্থলী পৰিদৰ্শন তদন্তকাৰী দলৰ

203
0

নাগালেণ্ডৰ টিজিতৰ পৰা অভিজিৎ ভূঞা, ২৯ ডিচেম্বৰ: নগালেণ্ডৰ মন জিলাৰ অ’টিংবস্তিত সংঘটিত নাৰকীয় কাণ্ডৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ভাৰতীয় সেনাই৷ অ’টিংবস্তিত সংঘটিত ঘটনাৰ তদন্তৰ বাবে অহা উচ্ছপদস্থ তদন্তকাৰী দলে আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া৷ আনহাতে, চাৰি ডিচেম্বৰত অটিংবস্তিত সংঘটিত নাৰকীয় কাণ্ডৰ মূল ঘটনাস্থলীৰপৰা তথ্য সংগ্ৰহ কৰি সেনাৰ উচ্ছপদস্থ তদন্তকাৰী দল ইতিমধ্যে উপস্থিত হৈছেহি টিজিত আৰক্ষী থানাত৷ উল্লেখ্য যে চাৰি ডিচেম্বৰত সেনাৰ ২১ পেৰা কমাণ্ডোৰ গুলীত ১৩জন নিৰীহ লোক নিহত হোৱাৰ পৰৱতী সময়ত পাঁচ ডিচেম্বৰত ইয়াৰ প্ৰতিবাদ কৰোঁতে মন টাউনত আন এজন লোক নিহত হৈছিল সেনাৰ গুলীত৷ ইয়াৰ পাছতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছিল সমগ্ৰ মন জিলাত৷ কন্যাক ইউনিয়ন, কন্যাক ইউনিয়নৰ লগতে বিভিন্ন সংগঠনে উচিত তদন্তৰ দাবী জনোৱাৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰো দাবী উত্থাপন হৈছিল৷ ইয়াৰ পাছতে আজি এজন মেজৰ জেনেৰেলৰ নেতৃত্বত কে’বাগৰাকীও সেনা বিষয়াৰ লগতে কেইবাগৰাকী উচ্ছপদস্থ বিষয়া অ’টিংবস্তিত উপস্থিত হৈ গাঁওবাসীৰ হাতত থকা প্ৰথম পক্ষৰ প্ৰাথমিক সাক্ষ্য তথা তথ্য প্ৰমাণ গ্ৰহণ কৰে৷ নগা আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে অটিংবস্তিত উপস্থিত হৈ তথ্য প্ৰমাণ গ্ৰহণ কৰা পাছতে টিজিত আৰক্ষী থানাত ঘটনাৰ প্ৰত্যক্ষদৰ্শীয়ে তেওঁলোকৰ হাতত থকা ভিডিঅ’ ফটো আদি তথ্য পাতি দলটোৱে সংগ্ৰহ কৰে৷ তদুপৰি তদন্তকাৰী দলটোৱে ঘটনাস্থলী পৰিদৰ্শন কৰি এম্বুশ্বৰ সবিশেষ তথ্য সংগ্ৰহ কৰে৷ সেনাৰ এম্বুছত নিহত হোৱা ১৪ নিৰীহ গাঁওবাসীৰ আত্মীয়, অ’টিং গাঁৱৰ জনসাধাৰণ, কন্যাক ইউনিয়ন তথা কন্যাক ছাত্ৰ ইউনিয়নৰ সৈতে আলোচনাত মিলিত হয় দলটো৷ ইফালে, আজি তদন্তকাৰী দলটো টিজিতলৈ অহাৰ পৰিপ্ৰেক্ষিতত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে নাগালেণ্ডৰ আৰক্ষী প্ৰশাসনে৷ আনহাতে, নাগালেণ্ডৰ চৰকাৰে গঠন কৰা উচ্ছস্তৰীয় তদন্তকাৰী সমিতিৰ সদস্যৰ সংখ্যা জ্জ্বজনৰ পৰা ২২ জনলৈ বৃদ্ধি কৰা হৈছে আৰু এই সমিতিয়ে এম্বুশ্ব কৰা ভাৰতীয় সেনা বাহিনীৰ ২১ পাৰা ৰেজিমে সোধা পোছা কৰিবলৈ অনুমতি লাভ কৰিছে বুলি এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা গৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here