Home বৰপেটা চোৰাং চাউলৰ ব্যৱসায়ৰ সৈতে জড়িত বৰপেটাৰ আজাদ সমবায়ৰ সভাপতি-সম্পাদকক গ্ৰেপ্তাৰ

চোৰাং চাউলৰ ব্যৱসায়ৰ সৈতে জড়িত বৰপেটাৰ আজাদ সমবায়ৰ সভাপতি-সম্পাদকক গ্ৰেপ্তাৰ

151
0


আজিজুল হক, ভেল্লা, ১০ ছেপ্তেম্বৰ : চোৰাং চাউলৰ ব্যৱসায়ৰ সৈতে জড়িত বৰপেটাৰ আজাদ সমবায় সমিতিৰ সভাপতি আব্দুল মালেক আৰু সম্পাদক নিজাম খানক বৰপেটা সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। চোৰাং চাউলৰ ব্যৱসায়ৰ সৈতে দীৰ্ঘদিনৰ পৰাই জড়িত হৈ আছিল দুয়োজন বিষয়া। বৰপেটা আৰক্ষীয়ে পৰহি নিশা গ্ৰেপ্তাৰ কৰি সোধা-পোছাৰ অন্তত আজি দুয়োজনকে মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰায়। দুখীয়াৰ বাবে আবন্টিত চাউল চুৰি কৰি ক’লা বজাৰত বিক্ৰী কৰি আহিছিল দুয়োজনে। এই সন্দৰ্ভত আৰক্ষীয়ে গোপন অভিযান চলাই অৱশেষত চোৰাং চাউলৰ ব্যৱসায়ৰ সৈতে জড়িত বৰপেটা সদৰ থানাৰ অন্তৰ্গত পালহাজীস্থিত আজাদ সমবায় সমিতিৰ সম্পাদক নিজাম খান আৰু সভাপতি আব্দুল মালেকক গ্ৰেপ্তাৰ কৰে। অধিক তথ্যৰ বাবে দুয়োজনকে ন্যায়িক জিম্মাত ৰখা হৈছে যদিও শীঘ্ৰেই জে’ল যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। উল্লেখ্য যে বৰপেটাত এটি বৃহৎ চক্ৰই দীৰ্ঘদিনৰ পৰাই দুখীয়া লোকৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনস্থ বিনামূলীয়া চাউল চুৰি কৰি ম্যানমাৰ, বাংলাদেশ, মেঘালয়, মণিপুৰ আদি ঠাইলৈ প্ৰেৰণ কৰাৰ অভিযোগ উঠিছে। দুখীয়া লোকে পাব লগা চাউলৰ এটি অংশ কাটি ৰাখি সেই চাউলখিনি আজাদ সমবায় সমিতিৰ সম্পাদক নিজাম খান আৰু সভাপতি আব্দুল মালেকে বহিঃৰাজ্যত বিক্ৰী কৰি আহিছে বুলিও অভিযোগ উঠিছে। চোৰাং চাউলৰ ব্যৱসায়ৰ সৈতে জড়িত হোৱা দুৰ্নীতিগ্ৰস্ত নিজাম খান আৰু আব্দুল মালেকে ধনৰ পাহাৰ গঢ়ি তোলাৰ অভিযোগ উঠিছে। এই চক্ৰটোৰ সৈতে কোন কোন জড়িত হৈ আছে সেয়া স্পষ্ট হোৱা নাই যদিও বৰপেটাৰ পালহাজী আৰু ঔমূৰাৰ দুজনকৈ লোক জড়িত আছে বুলি এক উৎসৰ পৰা জানিব পৰা গৈছে। কোনে ক’ৰ পৰা কেনেকৈ জড়িত হৈ পৰিছে এই চোৰাং চাউলৰ ব্যৱসায়ত সেয়া পৰৱৰ্তী সময়ত পোহৰলৈ আহিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here