Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পুনৰ বিফল নাছা : যান্ত্ৰিক বিজুতিৰ বাবে দ্বিতীয়বাৰৰ বাবে স্থগিত আৰ্টেমিছ-১ যানৰ...

পুনৰ বিফল নাছা : যান্ত্ৰিক বিজুতিৰ বাবে দ্বিতীয়বাৰৰ বাবে স্থগিত আৰ্টেমিছ-১ যানৰ উৎক্ষেপন

190
0


বিশেষ প্ৰতিনিধি, ৫ ছেপ্টেম্বৰ ঃ
আমেৰিকাৰ মহাকাশ সংস্থা নাছা দ্বিতীয়বাৰৰ বাবে বিফল হ’ল৷ মাৰ্কিন মহাকাশ গৱেষণা সংস্থাটোৱে চন্দ্ৰ অভিমুখে প্ৰেৰণ কৰিবলৈ লোৱা আৰ্টেমিছ-ৰ যানখনত পুনৰ যান্ত্ৰিক বিজুতিয়ে দেখা দিয়াত দ্বিতীয়বাৰৰ বাবে যানখনৰ উৎক্ষেপণ স্থগিত ৰাখিবলগীয়া হয়৷ যোৱানিশা ভাৰতীয় সময় মতে ১১.৪৭ বজাত যানখন চন্দ্ৰ অভিমুখে উৎক্ষেপণ কৰাৰ কথা আছিল৷ পৃথিৱীৰ আটাইতকৈ শক্তিশালী মহাকাশ উৎক্ষেপণ বিজ্ঞাপনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হাতত লোৱাৰ সিদ্ধান্ত লৈছে৷ যিকোনো মিডিয়া প্লেটফৰ্মত প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰচাৰিত সুৰা, গুট্‌খা আৰু অন্যান্য নিষিদ্ধ সামগ্ৰীৰ বিজ্ঞাপনসমূহ অতি সোনকালে বন্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা নিৰ্দেশ দিয়া হৈছে৷ কেন্দ্ৰীয় উপভোক্তা পৰিক্ৰমা সচিব ৰোহিত কুমাৰ সিঙে এই সপ্তাহত এক ডজন উদ্যোগ সংস্থালৈ চিঠি লিখি চাৰোগেট বিজ্ঞাপনৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা আৰোপ কৰিছে৷ এই পত্ৰখনৰ জৰিয়তে বিজ্ঞাপন প্ৰতিষ্ঠানসমূহক আইন অনুসৰণ কৰিবলৈ কোৱা হৈছে৷ আন্তৰ্জাতিক স্পিৰিট্‌্‌ছ এণ্ড ৱাইন এছ’চিয়েচনৰ মুখ্য কাৰ্যবাহী বিষয়া নিশা কাপুৰলৈও প্ৰেৰণ কৰা হৈছে এই পত্ৰ৷ পত্ৰখনৰ জৰিয়তে বিজ্ঞাপন প্ৰস্তুতৰ পূৰ্বে নিৰ্দেশনাসমূহ কঠোৰভাৱে পালন কৰিবলৈ কোৱা হৈছে৷ আইন উলংঘনকাৰীসকলৰ ওপৰতো কঠোৰ ব্যৱস্থা ল’বলৈ সাজু হৈ উঠিছে কেন্দ্ৰীয় চৰকাৰ৷ সুৰা আৰু গুট্‌খাৰ দৰে বহুকেইটা সামগ্ৰীৰ বিজ্ঞাপনৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছত কেন্দ্ৰীয় মন্ত্ৰালয়ে এই সিদ্ধান্ত লৈছে৷ মন্ত্ৰালয়ে আঙুলিয়াই দিছে যে শেহতীয়াকৈ বিশ্বব্যাপী সম্প্ৰচাৰিত ক্ৰীড়া অনুষ্ঠানৰ সময়তো চাৰোগেট বিজ্ঞাপনৰ কে’বাটাও উদাহৰণ দেখা গৈছিল৷ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত সুৰাযুক্ত পানীয়ৰ পোনপটীয়া বিজ্ঞাপনৰ প্ৰচলন হোৱাৰো উদাহৰণ আছে৷ মন্ত্ৰালয়ৰ তৰফৰ পৰা শাস্তি প্ৰদান কৰাৰ পূৰ্বেই এনে বিজ্ঞাপন বন্ধ কৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে৷ যদি নিয়মবোৰ অনুসৰণ কৰা নহয় তেন্তে এনে বিজ্ঞাপনৰ সৈতে জড়িত যিকোনো ব্যক্তি, বিজ্ঞাপন কোম্পানী আনকি চেলিব্ৰিটীসকলৰ ওপৰতো উচিত ব্যৱস্থা লোৱা হ’ব৷ ইতিমধ্যে বহুতো বলীউড তাৰকাই এনেধৰণৰ বিজ্ঞাপন প্ৰচাৰৰ পৰা আঁতৰি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here