Home Main Stories শিল্পী নিলাক্ষী বৰা কভিডত মৃত্যু, শোক

শিল্পী নিলাক্ষী বৰা কভিডত মৃত্যু, শোক

41
0

গণ বাৰ্তা, ডুমডুমা, ২১ মে : মাকুমৰ সমাজ আৰু সাংস্কৃতিক জগতখনৰ এগৰাকী কৰ্মী, শিল্পী নিলাক্ষী বৰাই (৪৪ )কভিডত আক্ৰান্ত হৈ কালি পুনেৰ এখন চিকিৎসালয়ত মৃত্যু হয়। “বুলি” নামেৰে জনপ্ৰিয় নিলাক্ষীৰ স্বামী আছিল এগৰাকী সেনা বিষয়া । মাকুম- ডিগবৈ পথৰ বিশিষ্ট ব্যৱসায়ী প্ৰয়াত গিৰীশ বৰা আৰু মাকুম মহিলা আৰু শিশু উন্নয়ন কেন্দ্ৰৰ সভানেত্ৰী ভাৰতী বৰাৰ জ্যেষ্ঠা কণ্যা আছিল নিলাক্ষী । শিল্পী গৰাকীৰ মৃত্যুত মাকুমৰ সূৰ্যোদয়, মহিলা আৰু শিশু উন্নয়ন কেন্দ্ৰ, মাকুম সাহিত্য সভা, তিনিচুকীয়া জিলা সাহিত্য সভা, মাকুম প্ৰেছ ক্লাৱ আদি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে নিলাক্ষীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। আনহাতে মাকুমৰ নিলাক্ষীৰ মাকুম ডিগবৈ পথৰ ঘৰখনতো ভাতৃ ৰাজ বৰা কভিডত আক্ৰান্ত হোৱাৰ বাবে কনটেণ্টমেন জন হৈ পৰাত কোনো ব্যক্তি তেওলোকৰ ঘৰত প্ৰৱেশ কৰিব পৰা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here