Home Main Stories ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা; অৰুণাচল প্ৰদেশৰ চাহপাত তিনিচুকীয়াত অহাৰ...

ক্ষুদ্ৰ চাহ খেতিয়কৰ পানীত হাঁহ নচৰা অৱস্থা; অৰুণাচল প্ৰদেশৰ চাহপাত তিনিচুকীয়াত অহাৰ বাবে দৰ নিম্ন হোৱা অভিযোগ

302
0

গণ বাৰ্তা, ফিল’বাৰী, ৬ জুলাইঃ কভিড-১৯ মহামাৰিয়ে ৰাজ্যৰ কৃষি ক্ষেত্ৰত ব্যাপক প্ৰভাৱ পেলোৱা দেখা গৈছে। এই সময়তে উজনি অসমৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকললৈ নমাই আনিছে গভীৰ সংকট । বিশেষকৈ উজনি অসমৰ তিনিচুকীয়া জিলাত থকা প্ৰায় ত্ৰিশ হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বৰ্তমান পানীত হাঁহ নচৰা অৱস্থা হৈছে । জিলা খনৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহ পাত বিক্ৰী কৰিয়েই নিজৰ পৰিয়াল পোহপাল দি আহিছে। কিন্তু কভিড সৃষ্ট পৰিৱেশৰ সুযোগ লৈ এটা শক্তিশালী চক্ৰই অতি কৌশলৰে কেঁ‌চা চাহ পাতৰ দাম নিম্ন কৰি অধিক মুনাফা লুটাৰ ফলত চাহ পাতৰ খেতিয়কৰ মাজত হাহাকাৰ অৱস্থাই দেখা দিছে । ক্ষূদ্ৰ চাহ খেতিয়ক সকলক ৰাম টাঙোন দি অভাৱনীয় ভাৱে মালিক পক্ষই প্ৰতি দিনাই হ্ৰাস কৰি আহিছে চাহ পাতৰ দৰ। ইয়াৰ সমান্তৰালকৈ কেঁ‌চা চাহপাতৰ ক্ৰয়ৰ নামত বটলিফ ফেক্টৰিৰ মইমাতলিয়ে ক্ষুদ্ৰ চাহ অতিষ্ঠ কৰি তুলিছে। যাৰ ফলত, এই বছৰত কভিড কালিন পৰিস্থিতিৰ নামতেই ব্যাপক ভাৱে লোকচান হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমামূৰীয়া অঞ্চলত বসবাস কৰা চহা খেতিয়ক সকলৰ উপাৰ্জনৰ মুল কেন্দ্ৰ হৈছে কেঁ‌চা চাহপাত। বৃহত্বৰ ফিল’বাৰী আৰু বুঢ়ীদিহিং মৌজাৰ প্ৰতিখন গাঁ‌ৱৰ প্ৰতি ঘৰে গড়ে প্ৰায় দুই বিঘাকৈ ক্ষুদ্ৰ চাহ বাগিচা আছে। যিটো সময়ত বাগিচা সমুহত ব্যৱহাৰ কৰা কিটনাশক দ্ৰব্য সমুহৰ দৰ হ্ৰাস কৰিবলৈ চৰকাৰ সক্ষম হোৱা নাই , তেনে সময়ত ব্যক্তিগত খণ্ডৰ ফেক্টৰী সমুহে প্ৰতি দিনাই কেচা চাহপাতৰ দৰ হ্ৰাস কৰাত ব্যপক লোকচানৰ সন্মুখিন হৈছে ক্ষুদ্ৰ চাহ খেতিয়ক সকল। বিগত বৰ্ষত ৰাজ্যত কেঁ‌চা চাহপাতৰ দাম বৃদ্ধি হোৱাৰ বাবে বাহ বাহ লোৱা ৰাজ্য চৰকাৰে কিন্তু বৰ্তমান সময়ত কেচা চাহপাতৰ দৰ হ্ৰাস হোৱাত একেবাৰে নিমাতে থকাৰ অভিযোগ কৰিছে স্থানীয় ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।বিগত বৰ্ষৰ এই সময়ত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ৩৫ টকাৰ পৰা ৪০ টকা লৈকে কেজি কেচা চাহ পাতত লাভ কৰিছিল কিন্তু বৰ্তমান সময়ত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে প্ৰতি কেজিত মাত্ৰ ১৬ টকাৰ পৰা ১৯ টকা ভিতৰত দৰ লাভ কৰিছে। প্ৰণিধান যোগ্য যে বৰ্তমান সময়ত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাত প্ৰতি কিলোগ্ৰাম কেঁচা চাহ পাতৰ উৎপাদনী ব্যয় প্ৰায় ১৫.৫০ টকা। আজিৰ তাৰিখত বটলিফ ফেক্টৰী সমূহে দৈনিক দুই টকাৰ পৰা চাৰি টকালৈকে কেঁচা পাতৰ দাম হ্ৰাস কৰাত চাহপাত বিক্ৰীৰ ক্ষেত্ৰত ক্ষুদ্ৰ চাহ খেতিয়কে হাহাকাৰ কৰিব লগীয়া হৈছে।জিলা খনত চাহপাতৰ দৰ হ্ৰাস হোৱাৰ বাবে বিভিন্ন সময়ত ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ লগতে বিভিন্ন দল সংগঠনে কেচা চাহপাতৰ দৰ বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছে যদিও বটলিফ ফেক্টৰীৰ মালিক পক্ষই অলপো গুৰুত্ব নিদিয়া অভিযোগ উত্থাপন হৈছে।বিশেষকৈ তিনিচুকীয়া জিলাৰ কেঁ‌চা চাহপাত ফেক্টৰী সমুহত চুবুৰিয়া ৰাজ্য অৰুণাচল পৰা কেঁ‌চা চাহপাত চোৰাংকৈ অহাৰ বাবে চাহপাতৰ দাম নিম্নগামী হোৱা বুলি একাংশ ক্ষুদ্ৰ চাহ খেতিয়কে অভিযোগ তুলিছে। অৰুণাচলত কেঁচা চাহপাত উৎপাদনী ব্যয় অসমতকৈ কম হোৱাত তিনিচুকীয়া জিলাৰ প্ৰায় ভাগ চাহপাত ফেক্টৰীৰ মালিক পক্ষই জিলা খনৰ উৎপাদিত ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতকৈ অৰুণাচল প্ৰদেশৰ পৰা অহা কেঁ‌চা চাহপাতক অধিক গুৰুত্ব দিয়া বুলি অভিযোগ উত্থাপন কৰিছে। ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা আৰু কেঁ‌চা চাহপাত সৰহবৰাহী সন্থা সমুহে তিনিচুকীয়া জিলাৰ চাহ পাত কাৰখানা সমুহক অৰুণাচল প্ৰদেশৰ পৰা অহা কেঁ‌চা চাহপাত ক্ৰয় নকৰিবলৈ দাবী জনাইছে। ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ আশা অৰুণাচল প্ৰদেশৰ পৰা অসমলৈ কেঁ‌চা চাহপাতৰ সৰবৰাহ বন্ধ কৰিলেই উচিৎ মূল্য পাবলৈ সক্ষম হব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here