Home Main Stories অৰুণাচলত নিহত অসমৰ শ্ৰমিকৰ নিকটতম পৰিয়াললৈ চৰকাৰে আগবঢ়াব এক লাখ টকা আমছুৰ...

অৰুণাচলত নিহত অসমৰ শ্ৰমিকৰ নিকটতম পৰিয়াললৈ চৰকাৰে আগবঢ়াব এক লাখ টকা আমছুৰ প্ৰতিনিধিৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি : আমছুৰ প্ৰতিনিধিৰে হোৱা বৈঠকত মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি

134
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৪ আগষ্ট ঃ ৰাজ্যৰ শেহতীয়া কেইবাটাও জ্বলন্ত সমস্যাক লৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় আমছুৰ এটা প্ৰতিনিধি দল৷ উক্ত বৈঠকতেই কিছুদিন পূৰ্বে অৰুণাচলত নিহত অসমৰ শ্ৰমিকৰ নিকটতম আত্মীয়ক চৰকাৰে এক লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদানৰ কৰাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে৷ ইপিনে, আমছুৰ প্ৰতিনিধি দলটোৱে গৰুখুঁটি আৰু লামডিঙৰ উচ্চেদিত লোকসকলক লৈ বিতংভাৱে আলোচনা কৰে মুখ্যমন্ত্ৰীয়ে৷ আমছুৰ প্ৰতিনিধি দলটোৱে আলোচনা কালত উল্লেখ কৰে যে দৰঙৰ গৰুখুঁটিত ২,০৫০টা পৰিয়ালক উচ্চেদ কৰা হৈছিল৷ ইয়াৰে ৪২৫টা পৰিয়ালক দলগাঁৱত সংস্থাপন দিয়া হয় যদিও আজিও বহু সমস্যাত কক্‌বকাবলগীয়া হৈছে সেইসকল পৰিয়ালে৷ উচ্চেদিত লোকসকলে ৰাস্তা-ঘাট, খোৱাপানী, চিকিৎসা, শিক্ষা আদিকে ধৰি বহু সমস্যাত পৰিছে৷ সেয়ে দলগাঁৱত যিসকল লোকক চৰকাৰী ভূমিত সংস্থাপন দিয়া হ’ল, সেই পৰিয়ালসকলক এই সুবিধাসমূহ প্ৰদানৰ আহ্বান জনোৱাৰ লগতে যিসকল লোক এতিয়াও সংস্থাপন লাভ কৰা নাই, সেইসকল লোককো আৰ্থিক ক্ষতিপূৰণসহ সংস্থাপণৰ দাবী তোলে আমছুৰ প্ৰতিনিধি দলটোৱে৷ বৈঠকত গৰুখুঁটিৰ সেই উচ্চেদিত লোকসকলৰ বিষয়টো মুখ্যমন্ত্ৰী নিজেই তদাৰক কৰিব বুলি আশ্বাস প্ৰদান কৰে৷ ইপিনে, লামডিঙৰ নখুঁটিত যিসকল লোকক উচ্চেদ কৰা হৈছিল সেইসকল পৰিয়ালে আজিও জন্তুৰ দৰে জীৱন নিৰ্বাহ কৰিছে৷ লামডিঙৰ সেই উচ্চেদিত লোকসকলক পৰ্যাপ্ত সাহায্য প্ৰদানেৰে পুনৰ সংস্থাপনৰ দাবী তোলে আমছুৱে৷ উক্ত বৈঠকতেই মুখ্যমন্ত্ৰীয়ে লামডিঙৰ উচ্চেদিত লোকসকলৰ বিষয়টো চোৱা-চিতাৰ বাবে মন্ত্ৰী পীয়ূষ হাজৰিকাক দায়িত্ব প্ৰদান কৰে৷ মন্ত্ৰী পীয়ূষ হাজৰিকাই এতিয়া লামডিঙৰ সেই উচ্চেদিত লোকসকলক সংস্থাপন দিয়া বিষয়টোক তদাৰক কৰিব বুলি আমছুৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে জানিবলৈ দিয়ে৷ ৰাজ্যৰ জ্বলন্ত সমস্যা বান-গৰাখহনীয়াত বহু লোক ভূমিহীন হৈছে৷ প্ৰতি বছৰেই লাখ লাখ পৰিয়ালৰ ভেটি উছন হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত৷ ভূমিহীন লোকসকলক শীঘ্ৰেই ভূমি প্ৰদানৰ দাবী উত্থাপন কৰে আমছুৱে৷ কেৱল এয়াই নহয়, বিদ্যালয়সমূহত শিক্ষকৰ অভাৱ, ছাত্ৰ অনুপাতে শিক্ষক নিযুক্তিৰ প্ৰসংগক লৈয়ো আলোচনা হয়৷ শেষত আমছুৱে মুখ্যমন্ত্ৰীক সাতদফীয়া দাবীসম্বলিত এখন স্মাৰক-পত্ৰ প্ৰদান কৰে৷ প্ৰতিনিধি দলটোত আছিল আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰ, আইনী উপদেষ্টা মোস্তাফা ছাদ্দাম হুছেইন, উপদেষ্টা আইনুদ্দিন আহমেদ, সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম আৰু ইমতিয়াজ হুছেইন৷ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী পীয়ূষ হাজৰিকাৰ সৈতে আমছুৰ বৈঠকখন ইতিবাচক আছিল বুলি উল্লেখ কৰি সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে কয় যে ৰাজ্যৰ কেইবাটাও জ্বলন্ত সমস্যাক লৈ আলোচনা হৈছে৷ আলোচনা কালত মুখ্যমন্ত্ৰীয়ে কেইবাটাও সমস্যা পূৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে৷ বিশেষকৈ অৰুণাচলত নিহত অসমৰ শ্ৰমিকসকলৰ নিকটতম আত্মীয়লৈ এক লাখ টকাৰ আৰ্থিক সাহায্য, গৰুখুঁটি আৰু লামডিঙৰ উচ্চেদিত লোকসকলক চৰকাৰীভাৱে সংস্থাপন৷ পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধান কৰিব বুলি বৈঠকত আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here