Home ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় মহাৰাষ্ট্ৰৰ পিছত দিল্লীত বিজেপিৰ ‘অপাৰেচন লোটাছ’, অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰক অভিযোগ : ৪০...

মহাৰাষ্ট্ৰৰ পিছত দিল্লীত বিজেপিৰ ‘অপাৰেচন লোটাছ’, অৰবিন্দ কেজৰিৱালৰ বিস্ফোৰক অভিযোগ : ৪০ বিধায়কক ২০ কোটি টকাকৈ অফাৰ ৮০০ কোটিৰে দিল্লী চৰকাৰ ভঙাৰ ব্লুপ্ৰিণ্ট বিজেপিৰ

224
0


বিশেষ প্ৰতিনিধি, ২৫ আগষ্ট ঃ মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ঘটনাক্ৰমৰেই পুনৰাবৃত্তি হ’ব নেকি দিল্লীতো! আপাততঃ তেনে আশংকাই এতিয়া গা কৰি উঠিছে দিল্লীত৷ কিয়নো বিজেপিয়ে দিল্লীৰ আপৰ চৰকাৰ ভাঙি পেলোৱাৰ মানসেৰে নতুন কৌশল ৰচনা কৰা বুলি আপৰ শীৰ্ষ নেতৃত্বই অভিযোগ কৰিছে৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ অভিযোগ কৰে যে দিল্লীৰ আপৰ চৰকাৰ ভাঙিবলৈ বিজেপিয়ে ৮০০ কোটি টকা ব্যয় কৰিবলৈ সাজু হৈছে৷ প্ৰতিগৰাকী বিধায়কক ২০ কোটি টকাকৈ অফাৰ আগবঢ়োৱা হৈছে৷ বিজেপিয়ে আপৰ ৪০গৰাকী বিধায়ক ক্ৰয়ৰ যো-জা চলাইছে বুলি অভিযোগ তুলি তেওঁ কয় যে বিজেপিৰ লক্ষ্য পূৰণ হ’বলৈ দিয়া নহ’ব৷ বিজেপিৰ এনে অভিসন্ধিৰ মাজতেই মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বাসগৃহত আজি বিধায়ক দলৰ বৈঠক অনুষ্ঠিত হয়৷ য’ত উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াসহ জ্ঝগৰাকী উপস্থিত নাথাকে৷ চিছ’দিয়া সন্দৰ্ভত দলটোৱে কয় যে তেওঁ হিমাচল ভ্ৰমণত আছে৷ কিন্তু বাকী বিধায়কসকল দলৰ হাইকমাণ্ডৰ সম্পৰ্কত নাই বুলি জানিব পৰা গৈছে৷ বৈঠকৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজঘাটত উপস্থিত হৈ গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জনায়৷ উল্লেখ্য যে এনে পৰিস্থিতিত শুকুৰবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে দিল্লী বিধানসভাৰ এক বিশেষ অধিৱেশন আহ৩ান কৰিছে৷ বুধবাৰে দিল্লী বিধানসভাই জাৰি কৰা জাননী অনুসৰি বিধানসভাৰ অধিৱেশন চ্ছ আগষ্টৰ পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ উল্লেখ্য, আজি দিনটোৰ আৰম্ভণিতে আপৰ ৰাষ্ট্ৰীয় আহ৩ায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে বিজেপিয়ে তেওঁৰ চৰকাৰখন উৎখাত কৰাৰ প্ৰয়াস অব্যাহত ৰাখিছে৷ বিষয়টো বুধবাৰে সন্ধিয়া আপৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিত আলোচনা কৰা হয়৷ কেজৰিৱালৰ বাসভৱনত অনুষ্ঠিত সমিতিৰ বৈঠকত পেনেলে বিজেপিৰ বিধায়কসকলক প্ৰলোভিত কৰাৰ প্ৰচেষ্টাক গৰিহণা দিয়ে৷ বিজেপিলৈ আহিলে চিবিআই-ইডিৰ সকলো গোচৰ বন্ধ কৰা হ’ব বুলি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াই কেইদিনমান আগতে বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল৷ আপে অভিযোগ কৰিছে যে বিজেপিয়ে আপৰ কমেও চাৰিজন বিধায়কক ক্ৰয় কৰাৰ চেষ্টা কৰিছে৷ আপৰ বিধায়কসকলক প্ৰতিজনকে ২০১ পৰা ২৫ কোটি টকা আগবঢ়োৱা হৈছে৷ অৰবিন্দ কেজৰিৱালৰ দলটোৱে দাবী কৰিছে যে বিজেপিয়ে দিল্লীত ‘অপাৰেচন লোটাছ’ সফল কৰিব বিচাৰিছে৷ আপৰ বিধায়কসকলক ‘প্ৰলোভিত কৰিবলৈ’ ফোনযোগে যোগাযোগ কৰাৰ অভিযোগ উঠিছে৷ কোটি কোটি টকাৰ প্ৰলোভন দেখুওৱা হৈছে৷ ইয়াৰ উদ্দেশ্য হৈছে দিল্লীত আপ চৰকাৰক উৎখাত কৰা৷ বুধবাৰে আম আদমি পাৰ্টীৰ চাৰিজন নেতাই একেসময়তে এখন সংবাদ মেলত এই অভিযোগ উত্থাপন কৰে৷ আপৰ নেতা সঞ্জয় সিঙে কয়– দিল্লীত নিৰ্বাচিত চৰকাৰক উৎখাত কৰাৰ ষড়যন্ত্ৰ আৰম্ভ হৈছে৷ বিজেপিয়ে দিল্লীত চিছ’দিয়াক এনে উদ্দেশ্যত ব্যৱহাৰ কৰিব বিচাৰিছিল৷ যিদৰে দলটোৱে মহাৰাষ্ট্ৰৰ একনাথ সিন্দেৰ চৰকাৰ ভাঙিছিল৷ সঞ্জয় সিঙে কয়– বিজেপি সদস্যসকলে আমাৰ বিধায়কসকলক ভাবুকি দি আছে৷ কোৱা হৈছে যে এই ২০১ পৰা ২৫ কোটি টকা লওক, নহ’লে আপুনি মনীষ চিছ’দিয়াৰ দৰে চিবিআইৰ তদন্তৰ সন্মুখীন হ’ব লাগিব৷ আপে কোন বিধায়কসকলক টকা আগবঢ়োৱা হৈছে সেয়াও ৰাজহুৱা কৰিছে৷ সঞ্জয় সিঙে কয় যে দলৰ বিধায়ক অজয় দত্ত, সঞ্জীৱ ঝা, সোমনাথ ভাৰতী আৰু কুলদীপ কুমাৰক এনেধৰণৰ প্ৰস্তাৱ দিয়া হৈছে৷ তেওঁলোকক ফোনৰ দ্বাৰা ভাবুকি দিয়া হৈছিল৷ এয়াৰ সকলো প্ৰমাণ আছে আৰু সময়মতে প্ৰকাশ কৰা হ’ব বুলিও তেওঁ কয়৷ অৱশ্যে, বিজেপিয়ে আপৰ সকলো অভিযোগ অস্বীকাৰ কৰিছে৷ বিজেপি নেতা পৰবেশ বাৰ্মাই কয়– এই কামবোৰ তেওঁলোকৰ নিজৰ দলৰ মানুহে কৰিছে৷ আপৰ অভিযোগক গুৰুত্ব দিয়াৰ কোনো প্ৰয়োজন নাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here