Home Main Stories বাম্বে উচ্চ ন্যায়ালয়ত আজি পুনৰ আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি: আন্তঃৰাষ্টীয় ড্ৰাগছ...

বাম্বে উচ্চ ন্যায়ালয়ত আজি পুনৰ আৰিয়ান খানৰ জামিন আবেদনৰ শুনানি: আন্তঃৰাষ্টীয় ড্ৰাগছ ব্যৱসায়ীৰে সম্পৰ্ক আছে আৰিয়ানৰ: এন চি বি

78
0

মুম্বাই, ২৬ অক্টোবৰ: ক্ৰুজত ড্ৰাগছৰ ঘটনাত গ্ৰেপ্তাৰ হোৱা শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ জামিন আবেদনৰ আজিৰে পৰা বোম্বে উচ্চ ন্যায়ালয়ত আৰম্ভ হৈছে৷ কেইবাঘণ্টা ধৰি আজি বোম্বে উচ্চ ন্যায়ালয়ত আৰিয়ান খানৰ জামিন আবেদনৰ শুনানিৰ পিছত ন্যায়ালয়ে শুনানি প্ৰক্ৰিয়া কাইলৈৰ দিনটোলৈ স্থগিত ৰাখে৷ এই শুনানিত আজি আৰিয়ান খানৰ হৈ যুক্তি দৰ্শোৱা বিশিষ্ট অধিবক্তা প্ৰাক্তন এৰ্টনী জেনেৰেল মুকুল ৰোহতগীয়ে আৰিয়ান খানক মোকলাই দিয়া আহ্বান জনাইছে৷ তেওঁ কয় উদীয়মান যুৱকক শুধৰণিৰ এক সুযোগ দিব লাগে৷ যিহেতু আৰিয়ান খানৰ পৰা ড্ৰাগছ উদ্ধাৰ হোৱা নাছিল৷ সেই অনুসৰি তেওঁক কাৰাগাৰত বন্দী কৰি ৰখাটো যুক্তি নাই৷ আৰিয়ান খানৰ বিৰুদ্ধে ড্ৰাগছ লোৱা আৰু ক্ৰয়-বিক্ৰয়ৰ কোনো গোচৰ চলিব নালাগে৷ তেওঁ আৰবাছ মাৰ্চেণ্টৰ বাহিৰে এই সম্বৰ্ধনত কোনো ব্যক্তিৰ সৈতে পৰিচিত নহয়৷ ইয়াৰ বিপৰীতে এন চি বিৰ হৈ ওকালতি কৰা অধিবক্তাই আৰিয়ান খানৰ জামিন আবেদন পূৰ্ণ বিৰোধিতা কৰিছে৷ এন চি বিৰ অধিবক্তাই কয় যে আৰিয়ান খানে যদি জামিন লাভ কৰে তেন্তে সাক্ষীসকলক প্ৰভাৱিত কৰিব পাৰে৷ একেদৰে তেওঁ আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে লিংক থকাৰ কথাও দৰ্শাইছে এন চি বিয়ে৷ আজিৰ শুনানিত হোৰতগীয়ে কয় আৰিয়ান আৰু আৰবাজ ২ অক্টোবৰৰ দিনা দিনৰ ভাগত ক্ৰুড টাৰ্মিনেলত উপস্থিত হৈছিল৷ এন চি বিৰ কিছু লোক ইয়াৰ পূৰ্বেই টাৰ্মিনেলত উপস্থিত আছিল৷ তেওঁলোকৰ হাতত কিছু তথ্যও আছিল৷ আৰিয়ান খান আৰু আৰবাজ ক্ৰুজত উঠাৰ পূৰ্বেই গ্ৰেপ্তাৰ কৰে৷ আৰিয়ান খানৰ পৰা কোনো ধৰণৰ নিচাসক্ত দ্ৰব্য উদ্ধাৰ কৰা নাছিল আৰু তেওঁ ড্ৰাগছ সেৱন কৰাৰ তথ্য প্ৰমাণিত হোৱা নাই৷ ইয়াৰ উপৰি এতিয়ালৈ কোনো মেডিকেল টেষ্টটো কৰা হোৱা নাই৷ এই সকলো ঘটনা ২ অক্টোবৰৰ পৰা আৰম্ভ হৈছে৷ আৰিয়ান খান ক্ৰুজ পাৰ্টিত গ্ৰাহক নাছিল৷ তেওঁ তাত বিশেষ অতিথিৰূপে উপস্থিত আছিল৷ তেওঁক প্ৰতীক গাবা নামৰ এজন ব্যক্তিয়ে আমন্ত্ৰণ কৰিছিল৷ যিজনে নিজকে ইভেণ্ট মেনেজণ্ট বুলি পৰিচয় দিছিল৷ গাবাই আৰিয়ান আৰু আৰবাজ মাৰ্চেণ্টৰ সৈতে পৰিচিত৷ অধিবক্তাগৰাকীয়ে আৰু কয় যে আৰিয়ান খান উদীয়মান যুৱক৷ সেই বাবে তেওঁক সংশোধনমূলক গৃহলৈ প্ৰেৰণ কৰিব পৰা যায়৷ তেওঁৰ বিৰুদ্ধে কোনো গোচৰ চলাব নালাগে৷ আৰিয়ান খানক অসাংবিধানিকভাৱে গ্ৰেপ্তাৰ কৰা হৈছে৷ তেওঁ কতো ড্ৰাগছ সেৱনৰ কথা উল্লেখ কৰা নাই৷ উল্লেখ্য যে যদি বোম্বে উচ্ছ ন্যায়ালয়ে ২৯নৱেম্বৰৰ ভিতৰত আৰিয়ান খানৰ জামিন আবেদন শুনানি সম্পূৰ্ণ কৰি শ্বাহৰুখ খানৰ পুত্ৰক সকাহ দিয়ে তেন্তে ২৯১ পৰা ৩০ অক্টোবৰৰ ভিতৰত নিজ গৃহলৈ উভতিব পাৰিব৷ যদি আৰিয়ান খানৰ অধিবক্তাই জামিন আবেদনৰ বিৰোধিতা কৰি এন চি বিয়ে আৰু ৩-চ্ছ্ৰ দিনৰ ন্যায়িক জিম্মাত বিচাৰে তেন্তে আৰিয়ান খান নিজ গৃহলৈ উভতাত কিছু বিলম্ব ঘটিব৷ কিয়নো ২৯ অক্টোবৰলৈহে ন্যায়ালয় খোলা থাকিব৷ ৩০অক্টোবৰ শনিবাৰ আৰু ৩১অক্টোবৰ দেওবাৰ৷ ইয়াৰ পিছত ৰ নৱেম্বৰৰ পৰা ১৫ নম্বেৰলৈ দিপাৱলীৰ উপলক্ষে ন্যায়ালয় বন্ধ থাকিব৷ উল্লেখ্য যে ইয়াৰ পূৰ্বে শ্বাহৰুখনৰ পুত্ৰ জামিনৰ বাবে ন্যায়ালয়ৰ কাষ চাপিছিল৷ অধিবক্তা সতীশ মানসিন্দে আৰু অমিত দেশাই৷ কিন্তু এই দুয়োগৰাকী জ্যেষ্ঠ অধিবক্তাই শ্বাহৰুখ খানৰ পুত্ৰক জামিনত মোকলাই অনাত বিফল হৈছিল৷ যাৰ বাবে বোম্বে উচ্ছ ন্যায়ালয়ত শ্বাহৰুখনৰ পুত্ৰ হৈ ওকালতি কৰিছে প্ৰাক্তন এৰ্টনী জেনেৰেল মুকুল ৰোহতগী৷ প্ৰকাশিত তথ্য অনুসৰি মুকুল ৰোহতগীয়ে প্ৰতিটো শুনানিৰ নামত ১০লাখ টকাৰ মাচুল গ্ৰহণ কৰে৷ ২০০২৬নৰ গুজৰাট সংঘৰ্ষত ৰাজ্য চৰকাৰৰ হৈ উচ্ছতম ন্যায়ালয়ত মুকুল ৰোহতগীয়ে ওকালতি কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here