গণ বাৰ্তা, গোৱৰ্দ্ধনা,২০এপ্ৰিল: অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে সজাগ হৈছে ৰাইজ। বুধবাৰে আবেলি হাটাপাৰা বাসী ৰাইজে খেদি খেদি ড্ৰাগছ সহ এজন ড্ৰাগছ আসক্ত যুৱক আটক কৰিবলৈ সক্ষম হয় যদিও এজন পলাই যাবলৈ সক্ষম হয়। আটক কৰা যুৱক জনক ৰাইজে লাইটৰ খুটাত বান্ধি থৈ পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দি আৰক্ষীৰ হাতত গতাই দিয়ে৷ আটক কৰা যুৱক জন বৰপেটাৰোডৰ আৰণ্যকৰ পুতুল বসুমতাৰীৰ পুত্ৰ মাইকেল বসুমতাৰী বুলি জানিব পৰা গৈছে৷ ধৃত যুৱক জনৰ পৰা ৰাইজে এটা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে।ৰাইজে জনোৱা অনুসৰি বহুদিনৰ পৰাই গাঁৱখনৰ এজন ড্ৰাগছ সৰবৰাহকাৰীয়ে ড্ৰাগছৰ ব্যৱসায়ী চলাই আহিছিল আৰু আজি ৰাইজে হাতেলোটে আটক কৰিবলৈ সক্ষম হয়।