Home শিৱসাগৰ শিৱসাগৰৰ অশ্ৰুমণি দত্ত ঘোষক ২০২১বৰ্ষৰ মেঘমল্লাৰ সাহিত্য সৌৰভ বঁটা

শিৱসাগৰৰ অশ্ৰুমণি দত্ত ঘোষক ২০২১বৰ্ষৰ মেঘমল্লাৰ সাহিত্য সৌৰভ বঁটা

161
0

গণ বাৰ্তা, শিৱসাগৰ, ১৮ অক্টোবৰ: ঐতিহাসিক কালুগাঁও অঞ্চলৰ প্ৰিয়ংকা বিবাহ ভৱনৰ প্ৰয়াত সোমেশ্বৰ দত্ত সোঁৱৰণী ক্ষেত্ৰত আজি এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বাবুপট্টি নিৱাসী তথা বিশিষ্ট কবি, লেখিকা অশ্ৰুমণি দত্তক শিৱসাগৰৰ অগ্ৰণী সাহিত্য-সাংস্কৃতিক আৰু ক্ৰীড়া অনুষ্ঠান মেঘমল্লাই ২০২১ বৰ্ষৰ মেঘমল্লাৰ সাহিত্য সৌৰভ বঁটা প্ৰদান কৰে৷ সাহিত্য ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে লাভ কৰা অশ্ৰুমণি দত্ত ঘোষৰ এনে খবৰে স্বাভাৱিকতে উৎফুল্ল কৰিছে শিৱসাগৰৰ বৌদ্ধিক সমাজক৷ উল্লেখ্য যে সৰুৰে পৰাই নৃত্য- গীত-অভিনয়-আবৃত্তিত বহুকেইটা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ কবিতাৰ উপৰিও গল্প, প্ৰবন্ধ আদিত দক্ষতাৰ পৰিচয় দিয়া অশ্ৰুমণি দত্ত ঘোষ বৰ্তমান চি ভি ৰমন একাডেমী জুনিয়ৰ কলেজৰ ছাত্ৰী৷ বিভিন্ন সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত জড়িত অশ্ৰুমণিয়ে ইতিমধ্যে অসম চৰকাৰৰ লেখক সমন্বয় বঁটা-২০২১ বৰ্ষত কবিপ্ৰাণ বঁটা লাভ কৰাৰ উপৰিও ‘সেউজীয়া গান এটাহৈ, নিদ্ৰাত নুফুলা বকুল, মই চুমা দিম বতাহত বতাহে তোমাৰ ওঁঠ চুব, কবি হ’বলৈ বিচৰা নাছিলোঁ আদি কাব্যগ্ৰন্থৰ লগতে ভাষা-সংস্কৃতি বিষয়ৰ গ্ৰন্থ প্ৰকাশ কৰি নিজ প্ৰতিভাৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here