Home Main Stories দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত চলা অৰুনাচলৰ বেদখল উচ্ছেদৰ দাবীত আছু-যুৱ ছাত্ৰ পৰিষদৰ...

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত চলা অৰুনাচলৰ বেদখল উচ্ছেদৰ দাবীত আছু-যুৱ ছাত্ৰ পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচীৰে প্ৰতিবাদগ্ধ

63
0

নাহৰকটীয়া, ১৪ জুলাই : ‘দৈনিক গণ অধিকাৰ’ কাকতৰ বাতৰিৰ প্ৰভাৱ। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ নাকফান এলেকাৰ ১১০ হেক্টৰ ভূমি অৰুণাচল প্ৰদেশে বেদখল কৰি গাঁও, চাহ বাগিচা, বন বিভাগৰ কাৰ্যালয় আদি স্থাপন কৰাৰ সন্দৰ্ভত ‘দৈনিক গণ অধিকাৰ’ৰ মঙলবাৰৰ সংখ্যাত সবিস্তাৰে প্ৰকাশ পোৱাত এতিয়া গৰজি উঠিছে বিভিন্ন দল-সংগঠন। অৰুণাচলীৰ এই আগ্ৰাসনৰ বিৰুদ্ধে প্ৰতিবাদমুখৰ হৈ পৰা আছু আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অৰুণাচলৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰবল প্ৰতিবাদ। নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত আজি নাহৰকটীয়াৰ জয়পুৰৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ দীঘলীঘাট অঞ্চলত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়। উল্লেখ্য যে নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ঋতুপণ গগৈ, সম্পাদক প্ৰাঞ্জল প্ৰতিম গগৈ, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নাহৰকটীয়া আঞ্চলিক সমিতিৰ সভাপতি গৌৰাঙ্গ গগৈ, সম্পাদক দিব্যজ্যোতি ৰাজকোঁৱৰৰ নেতৃত্বত দুই সংগঠনৰ প্ৰায় শতাধিক কৰ্মীয়ে সম্পূৰ্ণ ক’ভিড বিধি মানি হাতে হাতে প্লে­কাৰ্ড লৈ বন বিভাগ হায় হায়, পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ,অৰুণাচলৰ বেদখল উচ্ছেদ কৰক, দিহিং পাটকাইক সুৰক্ষা দিয়ক আদি বিভিন্ন শ্ল­’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে। ইফালে এই প্ৰতিবাদস্থলীত উপস্থিত হৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ নাকফান এলেকাত চলা অৰুণাচলীৰ এই বেদখল কিয় আজি পৰ্যন্ত বন বিভাগে উচ্ছেদ কৰিব নোৱাৰিলে তাক লৈ সৰৱ হৈ পৰাৰ লগতে বন বিভাগৰ নাকৰ তলেদি অৰুণাচলে চলোৱা এই বেদখল সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় ছাত্ৰনেতাজনে। ইফালে ১৯৯৭ চনৰ পৰাই অব্যাহত থকা এই আগ্ৰাসন ৰোধ কৰিবৰ বাবে নাকফানত এক বিঅ’পি স্থাপন কৰা, নাকফান এলেকাত প্ৰৱেশ কৰিবলৈ অসমেদি এক সুগম পথৰ ব্যৱস্থা কৰাৰ দাবী উত্থাপন কৰে সংগঠন দুটাই। তদুপৰি অতিশীঘ্ৰেই ৰাজ্য চৰকাৰ আৰু বন বিভাগে নাকফানৰ এই বেদখল উচ্ছেদ নকৰিলে অসমৰ ভূখণ্ডৰ অখণ্ডতা ৰক্ষাৰ স্বাৰ্থত আছু আৰু জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে অৰুণাচলৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰাৰ হুংকাৰ দিয়ে সংগঠন দুটাই। এতিয়া বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য তথা চৰকাৰ-প্ৰশাসনে এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ’ব। কিন্তু এইদৰে দিহিং পাটকাইৰ মূল্যৱান গছ-গছনি কাটি তহিলং কৰি থাকিলে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান যে কেৱল নামফলকতহে থাকিবগৈ সেয়া ধুৰুপ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here