Home স্থানীয় ধুবুৰীত অশোকাষ্টমী স্নান, লক্ষাধিক ভক্তৰ সমাগম

ধুবুৰীত অশোকাষ্টমী স্নান, লক্ষাধিক ভক্তৰ সমাগম

492
0

ষ্টাফ ৰিপ’ৰ্টাৰ, ধুবুৰী, ৯ এপ্ৰিল ঃ ধুবুৰীত অশোকাষ্টমী স্নানৰ বাবে জিলাখনৰ লগতে ওচৰ-চুবুৰীয়া পশ্চিমবংগৰ ৰাজ্যৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় লক্ষাধিক ভক্তসকল স্নান কৰাৰ বাবে ধুবুৰীত আহি উপস্থিত হয়। উল্লেখ্য যে ক’ভিডকালীন পৰিস্থিতিৰ বাবে যোৱা দুটা বছৰে অনুষ্ঠিত হোৱা নাছিল অশোকাষ্টমী স্নান অথবা সাদ বিষাদ মেলা।  এইবেলি ক’ভিড পৰিস্থিতি কিছু শিথিল হোৱা বাবে আজি স্নানৰ বাবে ভক্তসকল ধুবুৰীত আহি উপস্থিত হোৱা পৰিলক্ষিত হৈছে। নেৰানেপেৰা বৰষুণৰ ফলত, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱাৰ বাবে ধুবুৰী জিলা প্ৰশাসনে ব্যৱস্থা কৰা বিভন্ন ঘাটসমূহৰ ভিতৰত মাত্ৰ পঞ্চুঘাটতে ভক্তসকলক স্নানৰ বাবে অনুমতি প্ৰদান কৰিছে। কাৰণ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীৰ বাবে কোনোধৰণৰ যাতে অপ্ৰীতিকৰ ঘটনা নঘটে তাৰবাবে এই সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে জিলা প্ৰশাসনে।

কালিৰে পৰা ধুবুৰীত আহি উপস্থিত হোৱা ভক্তসকলৰ বাবে মেলা কমিটীয়ে ধুবুৰীৰ শংকৰদেৱ শিশু উদ্যান আদিত বিনামূলীয়াকৈ থকা আৰু খোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ সমান্তৰালকৈ ধুবুৰীৰ কালীবাড়ী আৰু হৰিসভা মন্দিৰ তথা মাৰোৱাৰীসকলৰ আগ্ৰাসন ভৱনত, ভক্তসকলৰ বাবে বিনামূলীয়াকৈ থকা আৰু খোৱাৰ ব্যৱস্থা কৰিছে মন্দিৰ পৰিচালনা কমিটীয়ে। আজি অশোকাষ্টমীৰ স্নান কৰি নিজ নিজ ঘৰলৈ উভতি যোৱাৰ পথত ভক্তসকলৰ বাবে বাবে ধুবুৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে বিভিন্ন সেচ্ছাসেৱী সংগঠনসমূহে শীতল পানীয়, চৰ্বত, খোৱা বস্তুৰ লগতে খিচুৰি আদি প্ৰদান কৰা পৰিলক্ষিত হয়।ইফালে, আজিৰ এই স্নান সম্পৰ্কে, স্থানীয় পুৰোহিতে সাংবাদিকক জনোৱা মতে, এই স্নান ৰাতিপুৱাৰ পৰা আৰম্ভ হৈছে আৰু সন্ধিয়াৰ আগমুহূৰ্তলৈকে শেষ হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here