গণ বাৰ্তা,পালহাজী,৬ মাৰ্চঃ অসম চৰ-চাপৰি সাহিত্য মঞ্চ বৰপেটা জিলা সমিতিৰ উদ্যোগত “উতলা ফাগুনত কবিতাৰ গুঞ্জন’’ শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠান আজি দিনৰ ১১ বজাত বৰপেটা ইথুচ জুনিয়ৰ কলেজ প্ৰাঙ্গণত অনুষ্ঠিত হয় ৷নবীন প্ৰবীণ কবিৰ মধুৰ সান্নিধ্যত কবিতা পাঠ  অনুষ্ঠানটি সঞ্চালনা কৰে চৰ-চাপৰি সাহিত্য মঞ্চ বৰপেটা জিলা সমিতিৰ সভাপতি তথা পালহাজী আজাদ আঞ্চলিক কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ মজিবৰ ৰহমানে ৷ সভাত মুখ্য অতিথি হিচাবে উপস্থিত থাকে বিশিষ্ট কবি, অসম চৰ-চাপৰি সাহিত্য মঞ্চৰ সভাপতি তথা গণ অধিকাৰ কাকতৰ মুখ্য সম্পাদক খবিৰ আহমেদ ডাঙৰীয়াই ৷ বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ক্ৰমে – বিশিষ্ট অভিনেতা তথা নাট্যকাৰ লিয়াকৎ আলী আৰু কবি নঞ্জু দত্তই৷ সভাত কবিতাৰ পৰ্যালোচনা কৰে বিশিষ্ট কবি তথা DIETৰ প্ৰৱক্তা ৰঞ্জিত কুমাৰ কলিতাই ৷সহযোগ কৰে বৰপেটা জিলা সাহিত্য সন্মিলনীৰ সভাপতি তথা চৰ-চাপৰি সাহিত্য মঞ্চ বৰপেটা জিলাৰ মুখ্য উপদেষ্টা সেখ ৰহমত উল্লাহই ৷ অনুষ্ঠানটি উদ্বোধন কৰে লেখিকা নঞ্জু দত্তই৷ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় চল্লিশ গৰাকী নবীন প্ৰবীন কবি সকলে কবিতা পাঠ কৰে৷ সভাত হজৰত আলী আহমেদৰ সুৰ আৰু কবিতা নামৰ এখনি কবিতা পুথি আৰু মহাপ্ৰলয় নামৰ একাংকিকা নাটকৰ পুথি উন্মোচন কৰা হয়৷ কবিতাপুথি খন উন্মোচন কৰে খবিৰ আহমেদে আৰু নাটকৰ পুথিখন উন্মোচন কৰে নাট্যকাৰ লিয়াকৎ আলীয়ে৷ নাট্যকাৰ লিয়াকৎ আলীয়ে কিতাপখন উন্মোচন কৰাৰ সময়ত অতীতৰ সময়ৰ কথা স্মৰণ কৰি আজিৰ অনুষ্ঠানক লৈ আপ্লুত হৈ পৰে৷ কবি খবিৰ আহমেদে কবিতাৰ ৰচনা আৰু সৃষ্টিৰ ওপৰত ভালেখিনি গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ তেখেতে উল্লেখ কৰে যে কবিতাৰ আৰম্ভণিৰ কাৰণেই ক’ত দিহিঙেদিপাঙে ঘূৰিব লগীয়া হয় ৷ তাৰ পিছত কবিয়ে নিজৰ কমাৰশালত বাকীখিনিক সৃষ্টি কৰিব পাৰে ৷ পৰ্যালোচক ৰঞ্জিত কুমাৰ কলিতাই আটাইকেইটা কবিতাই সুন্দৰকৈ পৰ্যালোচনা কৰে আৰু সকলো কবিক ধন্যবাদ জ্ঞাপন কৰে ৷ পৰ্যালোচনা পৰ্বৰ শেষত সকলো কবিকে জিলা সমিতিৰ তৰফৰ পৰা এখনিকৈ প্ৰশংসা পত্ৰ  আগবঢ়োৱা হয়৷ সভাৰ শেষত শলাগৰ শৰাই আগবঢ়ায় অসম চৰ-চাপৰি সাহিত্য মঞ্চ বৰপেটা জিলা সমিতিৰ সম্পাদক তমিজ উদ্দিন আহমেদে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here