Home Main Stories গৰিয়া-মৰিয়াৰ উন্নয়নৰ বাবে ১০০০ কোটিৰ পেকেজ দাবী অসম চিভিল ছ’চাইটিৰ

গৰিয়া-মৰিয়াৰ উন্নয়নৰ বাবে ১০০০ কোটিৰ পেকেজ দাবী অসম চিভিল ছ’চাইটিৰ

246
0

ড্ৰাগ্‌ছ, জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ক লৈ ৰাজ্যজুৰি সজাগতা অভিযান চলোৱাৰ সিদ্ধান্ত

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১১ জুলাই : অসমৰ বৰ্তমানৰ পৰিস্থিতিক লৈ অসম চিভিল ছ’চাইটীয়ে দেওবাৰে এনইএফ ল কলেজৰ প্ৰেক্ষাগৃহত এক বৈঠকত মিলিত হয়। সংগঠনটোৰ কাৰ্যকৰী সমিতিৰ এই বৈঠকৰ উদ্দেশ্য আছিল অসমৰ বৰ্তমানৰ পৰিস্থিতিক লৈ বিষদ আলোচনা আৰু সদস্যভৰ্তিৰ লগতে পুঁজি সংগ্ৰহ। সংখ্যালঘু লোকসকলক উদ্দেশ্যি ৰাজ্য চৰকাৰে চলাই অহা উেচ্ছদ অভিযানৰ লগতে গো-সুৰক্ষা, জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়সমূহ বিষদভাৱে আজিৰ বৈঠকত আলোচনা হয়। এইসমূহ বিষয়ত অসম চিভিল ছ’চাইটীৰ কৰণীয় কি হ’ব, সেই বিষয়ক লৈয়ো আলোচনা হয়। আলোচনাৰ অন্তত সংগঠনটোৱে কে’বাটাও সিদ্ধান্ত গ্ৰহণ কৰে। সংগঠনটোৱে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ভিতৰত আছে ড্ৰাগ্‌ছ, জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়ে ৰাজ্যজুৰি সজাগতা বৃদ্ধি কৰা। সংগঠনটোৱে জনসংখ্যা নিয়ন্ত্ৰণ আৰু ড্ৰাগ্‌ছ নিবাৰণৰ বাবে চৰকাৰে যিসমূহ পদক্ষেপ গ্ৰহণ কৰি আছে তাৰ পূৰ্ণ সহযোগিতা আগবঢ়াই যোৱা আৰু তাৰ সমান্তৰালৈক নিজাববীয়াকৈয়ো সজাগতা অভিযান চলোৱাৰ সিদ্ধান্ত। ইয়াৰ উপৰিও এই বিষয়সমূহক লৈ সংখ্যাগুৰু লোকসকলৰ সৈতে আলোচনাত বহাৰো এক সিদ্ধান্ত লয়। যাতে উপৰোক্ত বিষয়সমূহক লৈ সংখ্যালঘু আৰু সংখ্যাগুৰু একেলগে আগবাঢ়ি যাব পাৰে আৰু এখন ভাল সমাজ গঠন কৰিব পাৰে। লগতে সংগঠনটোৱে এই কথাও প্ৰকাশ কৰিছে যে জনসংখ্যা নিয়ন্ত্ৰণ বিষয়টো কেৱল মুছলনমানৰ বাবেই হ’ব নালাগে। সকলো জাতি-ধৰ্ম লোকৰ বাবে হ’ব লাগে। কেৱল মুছলমান লোকৰ জনসংখ্যা বৃদ্ধি পোৱা নাই, সকলো জাতি- ধৰ্মৰ লোকৰো বৃদ্ধি পাইছে। সেইবাবে জনসংখ্যা নিয়ন্ত্ৰণ আইন সকলোৰে বাবে হ’ব লাগে। লগতে গৰীয়া-মৰীয়া-দেশী জনগোষ্ঠীসকলৰ সৈতে ৪ জুলাইত চৰকাৰে যি আলোচনাত বহিলে সেয়া আদৰণীয় বুলি উল্লেখ কৰে। সোণোৱাল চৰকাৰৰ সময়ছোৱাত এই জনগোষ্ঠীসমূহৰ উন্নয়নৰ বাবে ১০০ কোটি টকা আগবঢ়োৱাৰ ঘোষণা কৰিছিল, কিন্তু সেয়া ঘোষণাতেই সীমাবদ্ধ হৈ ৰ’ল। এই জনগোষ্ঠীকেইটা উন্নয়নৰ বাবে সংগঠনটোৱে এক হাজাৰ কোটি টকাৰ দাবী তুলিছে। অহা ৫ বছৰৰ ভিতৰত জনগোষ্ঠীকেইটাৰ উন্নয়নৰ বাবে চৰকাৰে ১ হাজাৰ কোটি টকা আগবঢ়াবলৈ আহবান জনাইছে। উল্লেখ্য যে আজিৰ এই সভাত উপস্থিত থাকে সংগঠনটোৰ সভাপতি আবচাৰ হাজৰিকা, কাৰ্যকৰী সভাপতি হাফিজ ৰচিদ আহমেদ চৌধুৰী, কাৰ্যকৰী সভাপতি আব্দুল মান্নান, কাৰ্যকৰী সভাপতি ইফটিকাৰ আহমেদ, সাধাৰণ সম্পাদক আব্দুৰ ৰহিম শ্বেখ, পৰামৰ্শদাতা দিলোৱাল হুছেইন, উপ-সভাপতি মুচাদ্দাৰ হুছেইন, পৰামৰ্শদাত আইনুল হক, কোষাধ্যক্ষ ড০ জাকিৰ হুছেইন, সম্পাদকদ্বয় আফ্ৰিদা হুছেইন, এ এছ টাপাদাৰ, জ্যেষ্ঠ সাংবাদিক মেহ্‌দি আলম বৰা, সদস্য আহমেদ হুছেইনকে ধৰি আন বহুজন।

LEAVE A REPLY

Please enter your comment!
Please enter your name here