Home Main Stories হোজাইৰ ফুলতলীত চিকিৎসক, নাৰ্চক আক্ৰমণ কৰা কাৰ্যক অসম চিভিল চ’ছাইটিৰ গৰিহণা, দোষীক...

হোজাইৰ ফুলতলীত চিকিৎসক, নাৰ্চক আক্ৰমণ কৰা কাৰ্যক অসম চিভিল চ’ছাইটিৰ গৰিহণা, দোষীক কঠোৰ শাস্তি ৰ দাবী

89
0

গুৱাহাটী, ২ জুন : হোজাই জিলাৰ লংকাৰ উদালি ফুলতলি ক’ভিড কেন্দ্ৰত এগৰাকী ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি ৰোগীজনৰ আত্মীয়ই কালি চিকিৎসক, নাৰ্চ আৰু স্বাস্থ্য সেৱাৰ লগত জড়িত লোকক যি বৰ্বৰোচিতভাৱে আক্ৰমণ কৰিলে, তাক অসম চিভিল চ’ছাইটিয়ে তীব্ৰ গৰিহণা দিছে আৰু আক্ৰমণকাৰী সকলো দোষীক গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰৰ ওচৰত দাবী জনাইছে। এক প্ৰেছ বিজ্ঞপ্তিযোগে অসম চিভিল চ’ছাইটিৰ সম্পাদকদ্বয় আফ্ৰিদা হুছেইন আৰু ছাহজাহান তালুকদাৰে চিকিৎসকৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণক গৰিহনা দি কয় যে— সম্প্ৰতি দ্বিতীয় ক’ভিডজনিত জটিল পৰিস্থিতিত চিকিৎসক, নাৰ্চকে ধৰি স্বাস্থ্য সেৱাৰ লগত জড়িত লোকসকলে কঠিন পৰিস্থিতিৰ মাজত নিজ জীৱনকো আওকান কৰি চিকিৎসা সেৱা আগবঢ়াই আহিছে। আগশাৰীৰ এই ক’ভিড যুঁজাৰুসকলৰ অক্লান্ত সেৱাৰ বাবেহ× সাধাৰণ মানুহ যথেষ্ট পৰিমাণে সুৰক্ষিত হৈ আছে। একমাত্ৰ পাৰিবাৰিক আৱেগত ভাহি চিকিৎসা সেৱাত জড়িত লোকক এনে বৰ্বৰভাৱে আক্ৰমণ কৰা কাৰ্যক গৰিহনা দিয়াৰ ভাষা নাহ×। চিকিৎসা সেৱা, বিশেষকৈ চৰকাৰী খণ্ডৰ চিকিৎসা সেৱাৰ লগত জড়িতসকলক উপযুক্ত নিৰাপত্তা প্ৰদান কৰিবলৈ অসম চিভিল চ’ছাইটিয়ে চৰকাৰৰ ওচৰত দাবী জনাহইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here