Home Main Stories বন্দুকৰ উত্তৰ বন্দুকেৰে দিছে অসম আৰক্ষীয়ে, অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান সন্মান প্ৰদান...

বন্দুকৰ উত্তৰ বন্দুকেৰে দিছে অসম আৰক্ষীয়ে, অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান সন্মান প্ৰদান কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : অসম আৰক্ষীৰ ডেৰশ বছৰীয়া ইতিহাসৰ আজি এক গৌৰৱোজ্জ্বল দিন – মুখ্যমন্ত্ৰী

74
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১০ মে’ ঃ আজি মঙলবাৰ৷ অসম আৰক্ষীৰ বাবে এক ঐতিহাসিক দিন৷ আজিৰ এই দিনটোতেই দেশৰ সন্মানীয় ‘ৰাষ্ট্ৰপতিৰ নিচান’ৰে সন্মানিত হ’ল অসম আৰক্ষী৷ শান্তি আৰু যুদ্ধ উভয় ক্ষেত্ৰতে অসম আৰক্ষীয়ে ৰাষ্ট্ৰলৈ আগবঢ়োৱা ব্যতিক্ৰমী সেৱাৰ স্বীকৃতিস্বৰূপে অসম আৰক্ষীক প্ৰদান কৰা হয় ৰাষ্ট্ৰপতিৰ নিচান সন্মান৷ আজি গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে৷ ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰা অসম দেশৰ নৱমখন ৰাজ্য৷ আইন-শৃংখলা ৰক্ষা, সন্ত্ৰাসবাদ নিৰ্মূল আদিকে কৰি বহুকেইটা দিশ পৰ্যালোচনা কৰি ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা এই বিৰল সন্মানৰ অধিকাৰী হ’ল অসম আৰক্ষী৷ সন্মানীয় ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰি দিয়া ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এই সন্মানৰ বাবে অসম আৰক্ষী আৰু অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে৷ তেওঁ কয় যে আজিৰ পৰা অসম আৰক্ষীয়ে আন এক মাইলৰ খুঁটি স্পৰ্শ কৰিলে৷ অসম আৰক্ষীৰ ডেৰশ বছৰীয়া গৌৰৱোজ্জ্বল ইতিহাসৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় একতাৰ বাবেও অসম আৰক্ষীয়ে সাহসেৰে যুঁজাৰ নজিৰ আছে৷ অত্যন্ত প্ৰতিকূল আৰু প্ৰত্যাহ৩ানমূলক পৰিস্থিতিৰে যুঁজাৰ অভিজ্ঞতা থকা অসম আৰক্ষীৰ এক দীঘলীয়া গৌৰৱোজ্জ্বল ইতিহাস আছে৷ বৰ্তমান সময়ত ৭০ হাজাৰৰো অধিক লোক থকা শক্তিশালী অসম আৰক্ষীয়ে সন্ত্ৰাসবাদ, অবৈধ অনুপ্ৰৱেশ আদি বিভিন্ন সমস্যাৰে দীৰ্ঘদিন ধৰি যুঁজ দি আহিছে আৰু এইক্ষেত্ৰত সফলতা অৰ্জন কৰিছে৷ বহু সময়ত সেনাৰ সৈতেও সহযোগ কৰি বহুকেইটা অপাৰেচনত অসম আৰক্ষীয়ে সফলতা অৰ্জন কৰিছে৷ তেওঁ লগতে কয় যে অসম আৰক্ষীৰ সফল অভিযানৰ বাবেই ৰাজ্যখনলৈ শান্তিৰ পৰিৱেশ ঘূৰি আহিছে৷ উগ্ৰপন্থী সংগঠনসমূহ শান্তি চুক্তি কৰি মূলসুঁতিলৈ ঘূৰি আহিছে৷ জ্ঝ,০০০ উগ্ৰপন্থীৰ কেডাৰে শান্তিৰ পথ বাছি লৈছে৷ ইতিমধ্যে ৰাজ্যখনৰ ২৩খন জিলাৰ পৰা সেনাবাহিনীৰ বিশেষ ক্ষমতা আইন উঠাই দিছে৷ পৰিৱেশ ভাল হোৱাৰ লগে লগে শীঘ্ৰে সমগ্ৰ ৰাজ্য ইয়াৰ পৰা মুক্ত হ’ব৷ অসম আৰক্ষীক প্ৰশংসা কৰি তেওঁ কয় যে অনুপ্ৰৱেশ, চোৰাং বেপাৰ, ড্ৰাগ্‌ছ, ছিণ্ডিকেট, গঁড় হত্যা ৰোধ আদি ক্ষেত্ৰত অসম আৰক্ষীয়ে অভূতপূৰ্ব সফলতা লাভ কৰিছে৷ অসম আৰক্ষীয়ে যোগ্যতাৰ বাবেই ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰিছে বুলি তেওঁ সদৰী কৰে৷ দেশৰ ভাল আৰক্ষীৰূপে অসম আৰক্ষীয়ে স্থান লাভ কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমত শান্তি আৰু বিকাশৰ সূচনা হৈছে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে লগতে কয় যে অসম আৰক্ষীয়ে বন্দুকৰ উত্তৰ বন্দুকেৰে দিছে৷ শূন্য সহনশীল নীতি অৱলম্বন কৰিছে অসম আৰক্ষীয়ে৷ এটা সময়ত সেনাবাহিনীক প্ৰদান কৰা হৈছিল বিশেষ ক্ষমতা৷ কিন্তু এতিয়া নিবনুৱা যুৱক-যুৱতীক দিয়া হৈছে বিশেষ ক্ষমতা৷ আনহাতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয় যে অসম আৰক্ষীৰ ডেৰশ বছৰীয়া ইতিহাসৰ আজি এক গৌৰৱোজ্জ্বল দিন৷ এক নতুন সন্মানেৰে বিভূষিত হ’ল অসম আৰক্ষী৷ সেৱাৰ স্বীকৃতিস্বৰূপে অসম আৰক্ষীয়ে লাভ কৰিলে ৰাষ্ট্ৰীয় সন্মান৷ নানান সীমাবদ্ধতা আৰু প্ৰত্যাহ৩ানৰ মাজত অসম আৰক্ষীয়ে আগবঢ়োৱা কৰ্মকুশলতা অদ্বিতীয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সন্ত্ৰাসবাদ দমনকে ধৰি বিভিন্ন ক্ষেত্ৰত অসম আৰক্ষীয়ে সফলতা অৰ্জন কৰিছে৷ শূন্য সহনশীল হৈ ড্ৰাগ্‌ছমুক্ত, অপৰাধমুক্ত অসম গঢ়াৰ বাবে অসম আৰক্ষীয়ে অভিযান চলাই আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ড্ৰাগ্‌ছৰ ক্ষেত্ৰত বিগত এবছৰত ২,৮৩৪টা গোচৰ ৰুজু কৰাৰ লগতে চ্ছ্ৰ,৮৩৮জনক গ্ৰেপ্তাৰ কৰিছে৷ লগতে ৫৫০ কোটি টকাৰ ড্ৰাগ্‌ছ জব্ধ কৰা হৈছে৷ অপৰাধৰ হাৰ প্ৰতি এক লাখত ৩৪৪টাৰ পৰা ২২২টালৈ নামি আহিছে৷ সাধাৰণ ৰিক্সা-ঠেলাচালককে ধৰি দৰিদ্ৰ লোকজনে নিজৰ বন্ধু বুলি গণ্য কৰিব পৰা আৰক্ষী মই বিচাৰোঁ বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সাধাৰণ লোকক আক্ৰমণ কৰা আৰক্ষী আমাক নালাগে৷ জনতাই নিজকে ২৪ ঘণ্টাই সুৰক্ষিত অনুভৱ কৰা আৰক্ষী বিচাৰোঁ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সকলো বাধা ওফৰাই অসমখনক অপৰাধ তথা অপৰাধীমুক্ত কৰিব লাগিব৷ এইক্ষেত্ৰত আৰক্ষীক শূন্য সহনশীল হোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে আহ৩ান জনায়৷ আদৰণী ভাষণত আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে এই ঐতিহাসিক দিনটো অসম আৰক্ষীৰ বুৰঞ্জীত সোণোৱালী আখৰেৰে লিখা থাকিব৷ উল্লেখ্য যে ৰাষ্ট্ৰপতিৰ নিচান গ্ৰহণৰ বাবে নেহৰু ষ্টেডিয়ামত অসম আৰক্ষীয়ে অনুষ্ঠিত কৰে ‘অলংকৰণ পেৰেড’৷ এই পেৰেডত অসম আৰক্ষীৰ দহটাকৈ বাহিনীৰ অভিবাদন গ্ৰহণ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে৷ তেওঁ খোলা জিপ্‌ছীত উঠি অভিবাদন গ্ৰহণ কৰে৷ এক অভিনৱ তথা সুন্দৰ পৰ্বৰ মাজেৰে গৃহমন্ত্ৰী অমিত শ্বাহে অসম আৰক্ষীক ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰে৷ ৰাষ্ট্ৰপতিৰ নিচান গ্ৰহণ কৰে আৰক্ষী বিষয়া পাৰ্থপ্ৰতিম দুৱৰাই৷ আনহাতে, গড়মূৰ সত্ৰৰ সত্ৰাধিকাৰ হৰিদেৱ গোস্বামীয়ে শ্লোক পাঠ কৰি ৰাষ্ট্ৰপতিৰ নিচানত শান্তি জল ছটিয়ায় আৰু বৰদোৱা [বটদ্ৰৱা] সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ গোস্বামীয়ে ঘোষা পাঠ কৰে৷ আনহাতে, মায়ামৰা সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দ চন্দ্ৰ গোস্বামীয়ে আশীৰ্বাদ প্ৰদান কৰে৷ এক অতি আকৰ্ষণীয় পৰ্বৰ মাজেৰে ৰাষ্ট্ৰপতিৰ নিচান প্ৰদান কৰা হয়৷ অসমৰ পূৰ্বে দেশৰ কেন্দ্ৰীয়শাসিত অঞ্চল আৰু ৰাজ্য মিলাই মুঠ জ্ঝখন জিলাৰ আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ নিচান লাভ কৰিছিল৷ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা এই নিচানত আছে অসমৰ মেপৰ লগতে ৩৬টা বিন্দু আৰু অসম আৰক্ষীৰ প্ৰতীক চিহ্ন৷ অসমৰ মেপৰ লগত থকা ৩৬টা বিন্দুয়ে ৰাজ্যখনৰ ৩৬খন জিলাক প্ৰতিনিধিত্ব কৰিছে৷ অসম আৰক্ষীৰ বৰ্ণিল অনুষ্ঠানটোত গৃহমন্ত্ৰী অমিত শ্বাহে তিনিখন গ্ৰন্থ উন্মোচন কৰে৷ অনুষ্ঠানত অসম আৰক্ষীৰ উপৰি উত্তৰ-পূৰ্বাঞ্চলৰ কে’বাখনো ৰাজ্যৰ আৰক্ষীৰ শীৰ্ষ বিষয়া আৰু বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here