Home অসম গুণগত শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে পিছপৰা অসমৰ চৰকাৰী শিক্ষাখণ্ড

গুণগত শিক্ষাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে পিছপৰা অসমৰ চৰকাৰী শিক্ষাখণ্ড

392
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩০ ছেপ্টেম্বৰ ঃ যিসময়ত ৰাজ্য চৰকাৰখনে ইংৰাজী মাধ্যমত শিক্ষা প্ৰদানৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে, সেই সময়তে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ শোচনীয় অৱস্থা পোহৰলৈ আহিছে৷ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে প্ৰকাশ কৰা তথ্যতে স্পষ্ট হৈ পৰিছে অসমৰ চৰকাৰী শিক্ষাখণ্ডৰ পয়ালগা স্বৰূপটো৷ উল্লেখ্য যে ৰাজ্যৰ চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনিয়েই নহয়, ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰা গুণগত শিক্ষাক লৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ শেহতীয়াকৈ ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে প্ৰকাশ কৰা এক প্ৰতিবেদন অনুসৰি অসমৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীয়ে সাধাৰণ গণিতত দক্ষতাৰ তালিকাত দেশৰ ভিতৰত শেষৰ ফালৰ পৰাহে তৃতীয় স্থান লাভ কৰিছে৷ প্ৰতিবেদনখনৰ মতে, ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মৌলিক সংখ্যা চিনাক্তকৰণ, সংখ্যাৰ পাৰ্থক্য, যোগ-বিয়োগ, পূৰণ-হৰণ, ভগ্নাংশ আৰু সংখ্যা বিচাৰৰ দক্ষতা পৰীক্ষা কৰা হৈছিল ৷ কিন্তু এইক্ষেত্ৰত অসমৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ্থীসকলৰ প্ৰদৰ্শন অত্যন্ত শোচনীয় আছিল৷ আনহাতে, শিক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, অসমৰ মাধ্যমিক বিদ্যালয়ত সম্প্ৰতি কৰ্মৰত হৈ আছে ৩৯,২৭৬জন অপ্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক৷ এই শিক্ষকসকলে কোনো প্ৰশিক্ষণ নোলোৱাকৈয়ে বছৰৰ পিছত বছৰ ধৰি পাঠদান কৰি আহিছে৷ একেদৰে ৰাজ্যখনৰ ২৫ শতাংশ মাধ্যমিক বিদ্যালয়ত বিষয় অনুপাতে শিক্ষকৰ অভাৱ আছে৷ যাৰ ফলত শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে আৰু বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়েই পৰীক্ষাত উত্তীৰ্ণ হ’ব নোৱাৰে৷ ২০২০-২১ বৰ্ষত ৰাজ্যখনৰ ৪৫.জ্জ শতাংশ ছাত্ৰ আৰু ৫২.চ্ছ্ৰ শতাংশ ছাত্ৰীয়ে মাধ্যমিক পৰ্যায়ৰ পৰা উচ্ছতৰ মাধ্যমিকলৈ উন্নীত হ’ব নোৱাৰিলে৷ আনকি ২০১৯-২০ বৰ্ষৰ তুলনাত ২০২০-২১ বৰ্ষত মাধ্যমিক পৰ্যায়ৰ পৰা উচ্ছতৰ মাধ্যমিকলৈ উন্নীত হ’ব নোৱৰা ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত ৰাজ্যখনত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যাও বৃদ্ধি হৈছে৷ মাধ্যমিক বিদ্যালয়ত দেশৰ ভিতৰতে সৰ্বাধিক ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা ত্যাগ কৰে অসমতে৷ ৰাজ্যখনত বিগত বৰ্ষত ৩০ শতাংশৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে মাধ্যমিকত আধাতে বিদ্যালয় ত্যাগ কৰিছে৷ আন্তঃগাঁথনিৰ দিশতো অসমৰ বিদ্যালয়সমূহৰ অৱস্থা অতি শোচনীয়৷ তথ্য অনুসৰি, ৰাজ্যখনৰ বিদ্যালয়সমূহত বিদ্যুৎ সংযোগৰ হাৰ হ’ল ৫৭.৬২ শতাংশ৷ অথচ সৰ্বভাৰতীয় স্তৰত এই হাৰ ৮৩.৯২ শতাংশ৷ সেইদৰে বিদ্যালয় চৌহদতে খোৱাপানীৰ ব্যৱস্থা থকা বিদ্যালয়ৰ হাৰ হ’ল ৮৯.৬১ শতাংশ আৰু সৰ্বভাৰতীয় হাৰ ৯৫.১৭ শতাংশ৷ বিদ্যালয়ত সুচল অৱস্থাত থকা কম্পিউটাৰৰ হাৰ হ’ল মাত্ৰ ১৫.৭৩ শতাংশ৷ একেদৰে ইণ্টাৰনেটৰ সংযোগ থকা বিদ্যালয়ৰ হাৰ হৈছে মাত্ৰ চ্ছ্ৰ.৮৩ শতাংশ৷ এয়াই হৈছে ৰাজ্যৰ শিক্ষাখণ্ডৰ প্ৰকৃত ছবি৷ কিন্তু ইয়াৰ পাছতো ৰাজ্য চৰকাৰখনে বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন আৰু গুণগত শিক্ষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই৷ বৰং ৰাজ্য চৰকাৰে নতুন নতুন সিদ্ধান্ত জাপি দি বিতৰ্কৰ সূচনা কৰি আহিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here