Home অসম গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ বৃহৎ যোগদান সমাৰোহ

গুৱাহাটীত তৃণমূল কংগ্ৰেছৰ বৃহৎ যোগদান সমাৰোহ

82
0

গুৱাহাটী, ২৭ এপ্ৰিল : বিজেপিক পৰাস্ত কৰাটো অসম্ভৱ নহয়৷ মা, মাটি আৰু মানুহৰ শ্লো’গানেৰে অসমতো বিজেপিক পৰাস্ত কৰিব তৃণমূল কংগ্ৰেছে৷ বুধবাৰে গুৱাহাটীত অনুস্থিত এক যোগদান সভাত অংশগ্ৰহণ কৰি তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই এইদৰে বিজেপিক উৎখাতৰ হুংকাৰ দিয়ে৷ কংগ্ৰেছৰ পৰা পদত্যাগ কৰি তৃণমূল কংগ্ৰেছত যোগদান কৰা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাই তৃণমূল কংগ্ৰেছৰ অসমৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই বুধবাৰে গুৱাহাটীত অনুষ্ঠিত কৰে এক বিশাল যোগদান সমাৰোহ৷ এই যোগদান সমাৰোহ কাৰ্যসূচীত অংশগ্ৰহণ কৰে পশ্চিমবংগৰ সাংসদ মহুৱা মৈত্ৰৰ উপৰিও ৰিপুণ বৰা, সুস্মিতা দেৱ, মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ মুকুল চাংমা আদি কেইবাগৰাকী নেতাই৷ তৃণমূল কংগ্ৰেছৰ এইসকলক নেতাৰ উপস্থিতিত দলটোত নতুনকৈ যোগদান কৰে বহুকেইটা দলৰ নেতা-কৰ্মীৰ লগতে অগপৰ প্ৰাক্তন মন্ত্ৰী ৰাজেন্দ্ৰ মুছাহাৰীয়ে৷ ইতিমধ্যে চাৰিবাৰৰ বিধায়ক গোপীনাথ দাস, প্ৰাক্তন বিধায়িকা মণিকা বৰাই তৃণমূলত যোগদান কৰি ৰাজ্যত দলটোক গতি দিবলৈ কাম আৰম্ভ কৰিছে৷ বুধবাৰৰ এই যোগদান সমাৰোহতেই দলটোৰ কাম-কাজ অধিক সুচল কৰিবৰ বাবে আগন্তুক ৩ মে’ত অসমত ৰাজ্যিক কাৰ্যালয় মুকলি কৰাৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰা হয়৷ তৃণমূল কংগ্ৰেছত যোগদান কৰি পশ্চিমবংগৰ পৰা ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন কংগ্ৰেছী সুস্মিতা দেৱে বুধবাৰৰ এই সভাত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মতে চলে বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে৷ আনহাতে, আঞ্চলিক দল অসম গণ পৰিষদক বিজেপিৰ সংখ্যালঘু কোষ বুলি কৈ তেওঁ বিজেপি দলত এতিয়া পুৰণি বিজেপি নেতাসকলৰ মৰ্যাদা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ ইফালে, সমাধানৰ দিশে আগবঢ়া অসম-মেঘালয়ৰ সীমা-বিবাদৰ দীৰ্ঘদিনীয়া সমস্যা সন্দৰ্ভত কেতবোৰ বিস্ফোৰক মন্তব্য কৰে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঃ মুকুল চাংমাই৷ এই সীমা-বিবাদ নিষ্পত্তিৰ বাবে ইতিমধ্যে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উচ্ছপদস্থ বিষয়াৰ উপস্থিতিত গৃহমন্ত্ৰী অমিত শ্বাহৰ সন্মুখত নতুন দিল্লীত স্বাক্ষৰিত হৈছিল ভূমি চুক্তি৷ দীৰ্ঘদিনীয়া সীমা-বিবাদৰ সমস্যা সমাধানৰ বাবে দুয়ো ৰাজ্যই মুঠ ৬টা বিবাদিত অংশৰ বাবে সমাধান সূত্ৰ বিচাৰি উলিয়াইছিল৷ কিন্তু মুকুল চাংমাই বুধবাৰে অভিযোগ উত্থাপন কৰিছে যে অসম-মেঘালয়ৰ দীৰ্ঘদিনীয়া সীমা-বিবাদৰ কোনো সমাধান হোৱা নাই৷ দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সীমা-বিবাদ সমাধান হৈছে বুলি নাটক কৰিছে বুলিহে মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here