Home Main Stories মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰঃ সমস্যা সমাধান নকৰিলে আন্দোলন...

মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰঃ সমস্যা সমাধান নকৰিলে আন্দোলন গঢ়ি তুলাৰ হুংকাৰ

78
0

 

গণ   বাৰ্তা বিশেষ, বিহালী  ২০ ছেপ্টেম্বৰ : বিশ্বনাথ সমষ্টিৰ ন-দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত খহনীয়াত ক্ষতিগ্ৰস্ত হোৱা ৭৫০টা পৰিয়ালৰ চৰকাৰী ক্ষতিপূৰণ বিচাৰি আজি পুনৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক স্মাৰক পত্ৰ প্ৰদান কৰে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSPৰ বিশ্বনাথ জিলা সমিতিয়ে। বিশ্বনাথ মহকুমাধিপতিৰ জৰিয়তে প্ৰদান কৰা স্মাৰক পত্ৰ খনত সংগঠনটিয়ে উল্লেখ কৰে যে, ন-দুৱাৰ ৰাজহ চক্ৰ বিষয়াই দিয়া চৰকাৰী তথ্য অনুযায়ী ১৯৯৯চনৰ পৰা বৰ্তমানলৈকে মুঠ উল্লেখিত ৰাজহ চক্ৰৰ অন্তৰ্গত ১৭৪৩ বিঘা ১কঠা ১লোচা ভূমি মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ কবলত পৰাৰ বিপৰীতে ৭৫০টা কৈ পৰিয়াল সম্পূৰ্ণ ক্ষতিগ্ৰস্ত হৈছে। এই পৰিয়াল কেইটিক এতিয়া লৈকে কোনো ধৰনৰ পুনৰ সংস্থাপন আৰু চৰকাৰী ক্ষতিপূৰণ দিয়া হোৱা নাই। আনকি খহনীয়াগ্ৰস্তৰ প্ৰমাণ পত্ৰৰো চৰকাৰী ভাৱে যোগান ধৰা হোৱা নাই। শীঘ্ৰেই এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কাৰ্যকৰী হোৱাকৈ ৭৫০টা পৰিয়ালক চিনাক্ত কৰি ক্ষতিপূৰণ দিয়াৰ দাবী জনায় সংগঠনটিয়ে । আনহাতে চতিয়া আৰু বিশ্বনাথ ৰাজহ চক্ৰৰ অন্তৰ্গত বান-খহনীয়াত ক্ষতিগ্ৰস্থ হোৱা সকলো পৰিয়ালকেই চৰকাৰী ভাৱে পুনৰ সংস্থাপন, কাজিৰঙা ষষ্ঠ‌ সংযোজনাৰ সঠিক সীমা নিৰ্ধাৰন আদি  সমস্যা সমাধানৰ দাবীও স্মাৰক পত্ৰ খনত উল্লেখ কৰে। সংবাদ মাধ্যমলৈ প্ৰেৰিত এক বিবৃতিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক নাজিৰ আহমেদ আৰু বিশ্বনাথ জিলা সমিতিৰ সভাপতি আব্দুল হাকিম চিকদাৰে উল্লেখ কৰে যে বিশ্বনাথ জিলাৰ সংখ্যালঘু অধ্যুষিত অঞ্চল সমূহৰ এনে সমস্যা সমূ্হ সমাধানৰ ক্ষেত্ৰত চৰকাৰে কৃপনালী কৰিলে শীঘ্ৰেই ভয়াবহ গণ আন্দোলনৰ সন্মুখীন হ’ব অসম চৰকাৰ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here