Home অসম সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে সহমতত উপনীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী : সমাধানৰ...

সীমান্তত শান্তি বৰ্তাই ৰখাৰ বাবে সহমতত উপনীত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰী : সমাধানৰ দিশে অসম-মিজোৰামৰ সীমা সমস্যা

201
0

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৬ নৱেম্বৰ ঃ চুবুৰীয়া ৰাজ্য মিজোৰামৰ লগত অসমৰ সাংবিধানিক সীমাত বছৰ বছৰ ধৰি চলি অহা বিবাদ নিষ্পত্তিৰ বাবে দুই ৰাজ্যৰ চৰকাৰী পক্ষৰ লগতে বিৰোধী পক্ষৰ সদস্যক লৈ দুখন সমিতি গঠন কৰা হ’ব। এই সমিতি দুখনে অসম আৰু মিজোৰামৰ সীমা সমস্যা সমাধানৰ বাবে কাম কৰিব। আনকি দুই ৰাজ্যৰ এই জ্বলন্ত সীমা সমস্যা সমাধানৰ বাবে দুইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী ক্ৰমে— ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জোৰাম থাংগাই সঘনে আলোচনাত মিলিত হৈ বিবাদ নিষ্পত্তিৰ বাবে চেষ্টা কৰিব। শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী পৰ্যায়ত অনুষ্ঠিত বৈঠকত এই দুটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখ্য যে সীমা বিবাদক কেন্দ্ৰ কৰি যোৱা কেইবাদশক ধৰি চুবুৰীয়া ৰাজ্য মিজোৰামৰে হৈ থকা তিক্ত সম্পৰ্কৰ অৱসান তথা দুই ৰাজ্যৰ সীমান্ত সমস্যাৰ সমাধানৰ বাট মুকলি কৰিবলৈ বৃহস্পতিবাৰে নতুন দিল্লীত উপস্থিত হৈছিল অসম আৰু মজোৰামৰ মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে—ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জোৰাম থাংগা। বৃহস্পতিবাৰেই মুখ্যমন্ত্ৰীদ্বয়ে অসম ভৱনত আলোচনাত মিলিত হয়। অসম ভৱনত অনুষ্ঠিত এই বৈঠকত অসম চৰকাৰৰ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰাও উপস্থিত থাকে।

ইফালে, শুকুৰবাৰে সন্ধিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ অধ্যক্ষতাত অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীদ্বয় ক্ৰমে—ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জোৰাম থাংগা আলোচনাত মিলিত হয়। এই বৈঠকৰ অন্তত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত বৈঠক সন্দৰ্ভত মন্তব্য কৰি কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসভৱনত অসম আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী পৰ্যায়ত বৈঠকখন অনুষ্ঠিত হয়। এই বৈঠকত অসম আৰু মিজোৰামৰ সীমা সমস্যাৰ বিষয়ে বিতং আলোচনা কৰা হয়। বৈঠকত দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে উভয় ৰাজ্যৰ সীমাত শান্তি আৰু সদ্ভাৱনা বৰ্তাই ৰখাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰামৰ্শত দুইখন ৰাজ্য চৰকাৰে একোখনকৈ সমিতি গঠনৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই সমিতিখনত উভয় চৰকাৰে প্ৰয়োজন হ’লে সৰ্বদলীয় বা বিৰোধী পক্ষৰ সদস্যক জড়িত কৰিব। সমিতি দুখনে অসম আৰু মিজোৰামৰ সীমা সমস্যা, সীমা বিবাদ দূৰ কৰি সমাধানৰ বাবে সকলো পদক্ষেপ, পৰামৰ্শ দিব। সেই অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে এই সমিতি দুখনৰ লগতে প্ৰয়োজন সাপেক্ষে সময়ে সময়ে মুখ্যমন্ত্ৰী পৰ্যায়তো সমান্তৰালভাৱে বৈঠক অনুষ্ঠিত হৈ থাকিব। সমিতি দুখনত কোন কোন থাকিব, সেয়া দুই ৰাজ্যৰ চৰকাৰে নিজে সিদ্ধান্ত গ্ৰহণ কৰিব। কিন্তু সমিতি দুখন হ’ব। সমিতি দুখনত যিমান পাৰি সৰ্বদলীয় সদস্যৰ অন্তৰ্ভুক্তিৰে নহ’লেও বিৰোধী পক্ষক লোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

ইফালে সীমা বিবাদ নিষ্পত্তিৰ বাবে উভয় পক্ষই চৰকাৰীভাৱে আলাপ-আলোচনাৰ মাজতো সীমান্তৰ আগ্ৰাসনৰ ঘটনা সংঘটিত হৈ থকা বুলি কৰা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে এইবোৰ একো নহয়। যিবোৰ ঘটনা হোৱা বুলি কোৱা হৈছে সেয়া মুকলি সীমাত। তাত মিজোৰামে আগ্ৰাসন নকৰে। কেতিয়াবা অসমৰ গাঁৱৰ মানুহে কিবা এটা কৰি দিয়ে, তেতিয়া মিজোৰামৰ গাঁৱৰ মানুহেও কিবা এটা কৰি দিয়ে। পিছত আগ্ৰাসন কৰা বুলি কাকতত প্ৰকাশ হয়। অসমৰ কাকতে মিজোৰামৰ আগ্ৰাসন আৰু মিজোৰামৰ কাকতে অসমৰ আগ্ৰাসন বুলি প্ৰকাশ কৰে। কন্তুি যোৱা ছমাহত এনে বাতৰি ওলালেই উভয় চৰকাৰে আলোচনা কৰি আহিছে। যাৰ বাবে এতিয়া এই সীমা সমস্যাৰ শান্তিপূৰ্ণ সমাধান হ’বলৈ ওলাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম-মিজোৰামৰ সীমা বিবাদ আলোচনাৰ মাজেৰে শান্তিপূৰ্ণ সমাধানৰ পথত আগবঢ়া বুলি দাবী কৰিলেও, প্ৰকৃতাৰ্থত এই জ্বলন্ত সমস্যাৰ সমাধান কিমান সম্ভৱ হয়, সেয়া সময়ত লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here