Home স্থানীয় অসম-মিজোৰামৰ সংঘাত : অসমৰ মাটি অন্য ৰাজ্যক চমজি দিব বিচৰা মুখ্যমন্ত্ৰীৰ ব্যক্তব্যক...

অসম-মিজোৰামৰ সংঘাত : অসমৰ মাটি অন্য ৰাজ্যক চমজি দিব বিচৰা মুখ্যমন্ত্ৰীৰ ব্যক্তব্যক তীব্ৰ বিৰোধিতা মৰিগাঁও যুৱ ছাত্ৰ পৰিষদৰ

123
0

বাবু মনি শৰ্মা, মৰিগাঁও, ২৮ জুলাই :

মৰাণ জনগোষ্ঠীয়ে বিভিন্ন সময়ত জনজাতিকৰণৰ দাবীত প্ৰতিবাদ কৰি আহিছে। কিন্তু আজি পর্যন্ত আনুষ্ঠানিক ভাৱে তেওঁলোকৰ দাবী সমূহৰ প্ৰতি চৰকাৰে কোনো গুৰুত্ব দিয়া নাই বুলি অভিযোগ কৰিছে মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনে। আজি তিনিচুকীয়া উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত মৰাণ জনগোষ্ঠীক অতিশ্ৰীঘে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা,ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত প্ৰদান কৰা, ৰাজ্যখনৰ বৰ্তমানৰ বান গড়াখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান কৰা,অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত মূল্যবৃদ্ধি ৰোধ কৰা আৰু কেঁচা চাহ পাতৰ উচিত মূল্য নিৰ্ধাৰণৰ দাবীত অসম মৰাণ সভা,সদৌ মৰাণ ছাত্ৰ সন্থা,সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰ,মৰাণ জাতীয় মহিলা পৰিষদ, মৰাণ জাতীয় কৰ্মচাৰী শৈক্ষিক বিকাশ মঞ্চ আৰু মৰাণ সাহিত্য সভাৰ যৌথ উদ্যোগত এক বৃহৎ প্ৰতিবাদী কায্যসূচী গ্ৰহণ কৰে।প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মৰাণ জনগোষ্ঠীৰ ছটা সংগঠনে মৰাণ জনগোষ্ঠীক অতি শীঘ্ৰ জনজাতিকৰণকৰণ কৰাকে ধৰি দাবী সমূহ সমাধান কৰিবলৈ অসম চৰকাৰক আহ্বান জনায় । দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত জিলা উপায়ুক্তৰ জড়িয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here