Home Main Stories অসম-মিজোৰামৰ সংঘাত : কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহঃযুৱ-ছাত্ৰ পৰিষদৰ

অসম-মিজোৰামৰ সংঘাত : কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহঃযুৱ-ছাত্ৰ পৰিষদৰ

141
0

গণবাৰ্তা বিশেষ, যোৰহাট, ২৮ জুলাই :

অসম আৰক্ষীৰ ওপৰত মিজোৰাম আৰক্ষীয়ে বৰ্বৰোচিত ভাৱে কৰা গুলি চালনা কাৰ্যক তীব্ৰভাৱে গৰিহনা দি কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু মিজো মুখ্যমন্ত্ৰী জুৰাম থঙ্গাৰ প্ৰতিমুৰ্তী দাহেৰে নগৰৰ মাজমজীয়াৰ মিঠাপুখুৰীত জংগী প্ৰতিবাদ সাবস্ত্য কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে৷ প্ৰায় অৰ্ধশতাধিক সদস্যই হাতে হাতে প্লেকাৰ্ড লৈ অসম-মিজো সীমা সমস্যা শীঘ্ৰে সমাধান কৰক;কেন্দ্ৰীয় চৰকাৰ হায় হায়; মিজোৰাম চৰকাৰ মুৰ্দাবাদ; কেন্দ্ৰীয় গৃহমন্ত্ৰী মুৰ্দাবাদ; মিজো মুখ্যমন্ত্ৰী হায় হায় আদি প্ৰতিবাদী শ্লগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদকাৰী সকলে ক্ষোভেৰে কয় যে অসমৰ সীমা সমস্যা দিৰ্ঘদিনৰ আৰু অতি স্পৰ্শকাতৰ৷ ৰাজ্যৰ চুবুৰীয়া ৰাজ্য সমূহে বিভিন্ন সময়ত অসমৰ ভূমি আগ্ৰাসন চলাই আহিছে। বিভিন্ন সময়ত নগালেণ্ড,অৰুনাচল ,মেঘাল;মিজোৰাম আদি ৰাজ্যসমূহে অসমৰ মাটি অগ্ৰাসন কৰাৰ উপৰিও অসমীয়া মানুহক অত্যাচাৰ উৎপীড়ন চলাই অহাৰ লগতে অসমীয়া মানুহলৈ লক্ষ্য কৰি গুলিওৱাৰ দৰে ঘটনা সংঘটিত কৰাৰ উপৰিও অসম আৰক্ষীৰ ওপৰতো গুলি বৰ্ষন কৰা ঘটনা সংঘটিত হৈআহিছে। ইতিমধ্যেই মিজোৰামৰ আৰক্ষীয়ে পাশৱিক ভাৱে অসম আৰক্ষীৰ ওপৰত গুলিবৰ্ষন কৰি অসম আৰক্ষীৰ ৬ জনকৈ জোৱানৰ প্ৰান কাঢ়ি লোৱা আৰু অৰ্ধশতাধিকক আহত কৰা কাৰ্য্যক তীব্ৰ গৰিহনা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ যোৰহাট জিলাই আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে যোৰহাট জিলা সমিতিও কেন্দ্ৰীয় চৰকাৰৰ গৃহমন্ত্ৰী অমৃত শ্বাহ আৰু মিজোৰামৰ মুখ্যমন্ত্ৰী জৰাম থাঙ্গাৰ প্ৰতিকৃতি দাহ কৰি মিজো আক্ৰমনৰ তীব্ৰ প্ৰতিবাদ সাৰ্বস্ত্য কৰে যোৰহাট নগৰৰ মাজ মজিয়াৰ মিঠাপুখুৰী পাৰত। অন্যহাতে যুৱ-ছাত্ৰ পৰিষদৰ কৰ্মীৰে যোৰহাট আৰক্ষী প্ৰশাসনৰ মাজত সামান্য টনা আজোৰা হয় যদিও পৰিস্থিতি নিয়ন্ত্ৰন হৈ থাকে। ইয়াৰোপৰি অসমৰ সীমা সমস্যা কেন্দ্ৰীয় চৰকাৰে কাহানিও সমাধান কৰিবলৈ আগ্ৰহ কৰা পৰিলক্ষিত হোৱা নাই আৰু বৰ্তমানৰ বিজেপি চৰকাৰে যদিওবা উত্তৰ-পুৱক অস্তলক্ষী বুলি কয় সেইয়া মাঠো সাধাৰন ৰাইজক যেন আভূৱাভৰা আন্তৰিকতাহীন কথাহে বুলি দাবী কৰে সংগঠনটোৱে৷ সেয়েহে ৰাজ্য খনৰ সীমা সমস্যা সমাধানৰ বাবে নিজাববীয়াকৈ প্ৰদক্ষেপ গ্ৰহন কৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনাইছে সংগঠনটোৰ বিষয়ববীয়াই ৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here