Home অসম মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

মূল্যবৃদ্ধিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ উত্তাল প্ৰতিবাদ

176
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ অক্টোবৰ: অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক কোঙা কৰিছে৷ জুই লাগিছে বজাৰত৷ পেট্ৰ’লৰ মূল্য ১০০ অতিক্ৰম কৰিছে৷ ডিজেলৰ মূল্যও চেঞ্চুৰী কোবোৱাৰ দিশে৷ ইন্ধনজাত সামগ্ৰীৰ মূল্যই এতিয়া সৰ্বসাধাৰণক জলাকলা খুৱাই থকাৰ সময়তেই খাদ্য-সামগ্ৰীৰ মূল্যও অভাৱনীয় হাৰত বৃদ্ধি পাইছে৷ একপ্ৰকাৰ যেন নিয়ন্ত্ৰণহীন হৈ পৰিছে ৰাজ্যৰ বজাৰ৷ অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি অসম জাতীয় পৰিষদে বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ আৰক্ষীৰ প্ৰবল বাধা আৰু প্ৰত্যাহ্বানৰ মাজেৰে আজি অসম জাতীয় পৰিষদে গুৱাহাটী মহানগৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ অসম জাতীয় পৰিষদৰ কামৰূপ জিলা আৰু কামৰূপ মহানগৰ জিলা সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ গুৱাহাটী ক্লাবৰ টিচি স্কুল পইণ্টৰ পৰাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি ৰাজভৱনলৈ যোৱাৰ কথা আছিল যদিও আৰক্ষীৰ বেৰিকেডৰ বাবে প্ৰতিবাদকাৰীসকলৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল৷ অসম জাতীয় পৰিষদৰ প্ৰতিবাদকাৰীসকলক আৰক্ষীয়ে ভেটা দি ৰাখে৷ যাৰ ফলত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয়৷ প্ৰতিবাদৰ অন্তত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকা আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা সমন্বিতে এটা দলে ৰাজভৱনত ৰাজ্যপাল জগদীশ মুখীক সাক্ষাৎ কৰি এখন স্মাৰক-পত্ৰ প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here