Home অসম গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীৰ পুৰস্কাৰ ঘোষণা: খবৰ দিওঁতাই পাব ২...

গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীৰ পুৰস্কাৰ ঘোষণা: খবৰ দিওঁতাই পাব ২ লাখ টকাকৈ

217
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ ফেব্ৰুৱাৰী:গঁড় চিকাৰীৰ সন্ধান দিওঁতালৈ অসম আৰক্ষীৰ পুৰস্কাৰ ঘোষণা৷ ২ লাখ টকাকৈ পুৰস্কাৰ আগবঢ়াব খবৰ দিওঁতালৈ৷ এই কথা টুইটযোগে ঘোষণা কৰিছে জি পি সিঙে৷ টুইটত জি পি সিঙে উল্লেখ কৰিছে যে গঁড়ৰ চোৰাং চিকাৰত জড়িত তিনি পলাতক অপৰাধীকেইজনক কৰায়ত্ত কৰিবলৈ বিচাৰি থকা হৈছে৷ সঠিক খবৰ দিওঁতাই প্ৰতিজনৰ গ্ৰেপ্তাৰৰ বিনিময়ত পাব পাৰে নগদ দুই লাভ টকাৰ পুৰস্কাৰ৷ টুইটাৰত জি পি সিঙে উল্লেখ কৰা অপৰাধীকেইটা হ’ল– ৰ৷ আতাউৰ ৰহমান ওৰফে বাচা, ৩৫ বছৰ, পিতা- মহম্মদ ইফাৰ আলী, গাঁও- ৰনং আদাভেটি, থানা- চতিয়া৷ ২৷ আব্দুল মতিন ওৰফে কালা, বয়স ৩৬ বছৰ, পিতা- মহম্মদ ইছমাইল আলী, গাঁও-ৰনং আদাভেটি, থানা- চতিয়া, জিলা- বিশ্বনাথ৷ ৩৷ আছমত আলী ওৰফে নালকো, ৩৫ বছৰ, পিতা- মহম্মদ আজিবুৰ ৰহমান, গাঁও- মিলনপুৰ [ৰনং আদাভেটি], থানা- চতিয়া, জিলা- বিশ্বনাথ, অসম৷ লগতে গঁড়ৰ খড়গ উদ্ধাৰ হ’ব পৰাকৈ কোনোৱে তথ্য দিলে নগদ প্ত লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে অসম আৰক্ষীয়ে৷ দীৰ্ঘদিন ধৰি পলাতক হৈ থকা গঁড় চিকাৰীৰ ফটো প্ৰকাশ কৰি জি পি সিঙে পুৰস্কাৰ ঘোষণা কৰা বিষয়টোৱে তাৎপৰ্য বহন কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here