Home অসম এনএইচএমৰ ঠিকাভিত্তিক কৰ্মচাৰীৰৰ চাকৰি নিয়মীয়াকৰণৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

এনএইচএমৰ ঠিকাভিত্তিক কৰ্মচাৰীৰৰ চাকৰি নিয়মীয়াকৰণৰ দাবী অসম তৃণমূল কংগ্ৰেছৰ

388
0

গুৱাহাটী, ৩১ অক্টোবৰ: অসম তৃণমূল কংগ্ৰেছ দলটোৱে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছন (এনএইচএম)ৰ অধীনত ২৯ হাজাৰ চিকিৎসক-চিকিৎসাকৰ্মীৰ প্ৰতি ৰাজ্য চৰকাৰে দেখুওৱা হেমাহিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। দলে প্ৰেছ বিবৃতিযোগে কয় যে, ‘এনএইচএমৰ চিকিৎসক আৰু চিকিৎসা কৰ্মীসকলে বিগত সময়ছোৱাত অসমৰ স্বাস্থ্যখণ্ডলৈ আগবঢ়োৱা সেৱা সকলোৱে দেখিছে। ক’ৰনা মহামাৰীৰ সময়ত দিনে নিশাই কাম কৰা এওঁলোকক চৰকাৰে ক’ৰনা যোদ্ধাৰ স্বীকৃতি দিছিল। কিন্তু আজি এই সকল চাকৰিয়ালে চাকৰি নিয়মীয়া নোহোৱাৰ ফলত হাহাকাৰ কৰিবলগীয়া হৈছে। “বিজেপি চৰকাৰে কামত খটুৱাবহে জানে, লোকক দেখুৱাই মুখত প্ৰশংসাও কৰে, কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেন”। ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়তেই ড° হিমন্ত বিশ্ব শৰ্মাই এনএইচএমৰ কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণৰ মহা প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেই প্ৰতিশ্ৰুতি আজিলৈ পূৰণ নহ’ল। প্ৰাপ্য দাবীৰ বাবে এইনএইচএমৰ চিকিৎসাকৰ্মী আদালতৰ দ্বাৰস্থও হৈছে। অসম তৃণমূল কংগ্ৰেছ দলটোৱে বিজেপি চৰকাৰৰ এই কৰ্মচাৰীবিৰোধী নীতিৰ তীব্ৰ বিৰোধ কৰি শীঘ্ৰে চিকিৎসক-চিকিৎসাকৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰি তেওঁলোকক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here