গুৱাহাটী, ৯ জানুৱাৰী: নিৰ্মীয়মাণ জলবিদ্যুত প্ৰকল্পসমূহৰ কু-প্ৰভাৱত উত্তৰাখণ্ডৰ যোশীমঠলৈ ভাবুকি অহাৰ পিছত অসম আৰু চুবুৰীয়া ৰাজ্যসমূহৰ জলবিদ্যুত প্ৰকল্পৰ ক্ষেত্ৰত সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল।
এক বিবৃতিত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কয়:’উত্তৰাখণ্ডত জলবিদ্যুত প্ৰকল্পৰ কু-প্ৰভাৱ আমি সকলোৱে প্ৰত্যক্ষ কৰিছো। আৰু জোৰ পুৰি হাত পোৱা সময়ত কি ৰাজ্য কি কেন্দ্ৰ সকলোৰে খৰখেদা লাগিছে। কিন্তু বিপদ ইতিমধ্যে বহু দূৰলৈকে বিস্তাৰিত হৈছে। আৰু এয়া জলবিদ্যুত প্ৰকল্প নিৰ্মাণ তথা সুৰংগ আদি নিৰ্মাণৰ বাবে ঘটোৱা বৃহৎ বিস্ফোৰণৰে পৰিণতিৰ ফল বুলি দেশৰ বিখ্যাত ভূ-তত্ববিদসকলে মন্তব্য কৰিছে।
আৰু এনে পৰিপ্ৰেক্ষিতত অসমৰ গেৰুকামুখ তথা চুবুৰীয়া অৰুণাচলৰ পাহাৰত নিৰ্মীয়মান জলবিদ্যুত প্ৰকল্পৰ পৰাও যে ভৱিষ্যতে দাতিকাষৰীয়া এলেকাত একেধৰণৰ ঘটনা সংঘটিত হ’ব, সেয়া নিসন্দেহে ক’ব পাৰি। আজি উত্তৰাখণ্ডত পৰিণতি ভুগিব লগা হোৱাৰ পাছত চৰকাৰে খৰখেদা লগাইছে।
অসম চৰকাৰে জনতাৰ সুৰক্ষাৰ স্বাৰ্থত সময় থাকোতেই পৰিস্থিতিৰ বিষয়ে চিন্তা কৰক। শীঘ্ৰে নিজাববীয়াকৈ দেশৰ বিশিষ্ট ভূ-তত্ববিদৰ হতুৱাই পৰ্যবেক্ষণ কৰোৱাই উত্তৰাখণ্ড সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ বিষয়ে অৱগত হোৱাৰ চেষ্টা কৰক।
উত্তৰাখণ্ডত যেনেকৈ জলবিদ্যুত প্ৰকল্প নিৰ্মাণৰ বাবে ঘটোৱা বৃহৎ বৃহৎ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা অস্বাভাৱিক কম্পনে চৌপাশৰ ভূ-স্তৰৰ গাঠনি দুৰ্বল কৰি তুলিছে, সেই একেই কথা অসম-অৰুণাচলৰ ক্ষেত্ৰতো যে নহ’ব, সেই কথাত বিজেপি চৰকাৰে কিবা গ্যাৰাণ্টি দিব পাৰিবনে?
সেয়ে সকলো কথা গুৰুত্বসহকাৰে লৈ এতিয়াই চিন্তা কৰক। অন্যথাই অন্তিম মুহূৰ্তত হাজাৰ বৈঠক কৰি তৎপৰতা দেখুৱাই ঘঁৰিয়ালৰ চকুপানী টুকিলেও লাভ নহ’ব।’