Home অসম বিভাজনৰ ৰাজনীতিত ব্যস্ত থকা বিজেপিৰ ঔদ্যোগিক বিকাশৰ ব্যৰ্থতাক ধিক্বাৰ অসম তৃণমূল কংগ্ৰেছৰ

বিভাজনৰ ৰাজনীতিত ব্যস্ত থকা বিজেপিৰ ঔদ্যোগিক বিকাশৰ ব্যৰ্থতাক ধিক্বাৰ অসম তৃণমূল কংগ্ৰেছৰ

155
0

গুৱাহাটী, ১৯ অক্টোবৰ: ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ বিভাগ (চিটা)ৰ প্ৰতিবেদনত ৰাজ্যখনৰ ঔদ্যোগিক বিকাশৰ লাজলগা স্বৰূপ উন্মোচিত হোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম তৃণমূল কংগ্ৰেছে।

অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত বিজেপি চৰজাৰক ফাঁকিৰ চৰকাৰ বুলি অভিহিত কৰি ঔদ্যোগিক ক্ষেত্ৰত একো কৰিব নোৱাৰাৰ বাবে ক্ষোভ প্ৰকাশ কৰে।

‘কথাৰ ফুলজাৰিৰে দেশৰ ৫ খন ৰাজ্যৰ এখন কৰিব বিচৰা বিজেপি চৰকাৰ বিগত সময়ছোৱাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে। কোনো এটা ক্ষেত্ৰতে তেওঁলোকে ভাল কাম কৰিবলৈ সক্ষম হোৱা নাই। হ’ৰ্ডিঙৰ বিজ্ঞাপনত আকৰ্ষণীয় শ্ল’গান লিখি মানুহক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছো বুলি ভৱ‍া বিজেপি চৰকাৰৰ প্ৰকৃত বিজ্ঞাপন প্ৰকাশ পাই আহিছে বিভিন্ন চৰকাৰী তথ্যত।

ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগ চমুকৈ ‘চিটা’ৰ প্ৰতিবেদন ইয়াৰ জ্বলন্ত উদাহৰণ। আয়োগৰ প্ৰতিবেদনে বিজেপিৰ বিগত ৫ বছৰীয়া কাৰ্যকালত অসমত এটাও উদ্যোগ নতুনকৈ স্থান হোৱা নাই বুলি ক’বলগীয়া যদি হয়েই তেন্তে সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এডভাণ্টেজ আছাম অথবা বিশ্ব বাণিজ্য সন্মিলন পাতি ৰাজকোষৰ কোট কোটি টকা শৰাধৰ অৰ্থ ক’ত থাকিল?

উদ্যোগ স্থাপনৰ ক্ষেত্ৰত বিশেষ ৰাজসাহায্য অব্যাহত থকাৰ পাছতো কথা চহকী বিজেপি নেতৃত্বাধীন চৰকাৰে কিয় একো পদক্ষেপ ল’ব পৰা নাই? কেৱল নিৰ্বাচন কেন্দ্ৰিক সাম্প্ৰদায়িক ৰাজনীতিৰে ভাগ বটোৱাৰাৰ কু-চিন্তাত ব্যস্ত থাকোতে উন্নয়ন আৰু প্ৰগতিৰ হেঙাৰ বিজেপিয়ে ৰাজ্যখনৰ উন্নয়নৰ ক্ষেত্ৰত যে যে একো কৰিব পৰা নাই সেয়া বুজিবলৈ ‘চিটা’ৰ প্ৰতিবেদনেই যথেষ্ট।

নিবনুৱা সমস্যাই আজি ভয়ংকৰ ৰূপ লোৱাৰ সময়ত উদ্যোগ স্থাপন হোৱাটো অতীব জৰুৰী আছিল যদিও সেয়া হৈ নুঠাটোৱে অৰ্থনৈতিকভাৱে ৰাজ্যখনক ভয়াৱহ ভৱিষ্যতৰ পিনে ঠেলি দিয়া কথাটো জলজল পটপটকৈ আজি ওলাই পৰিছে। কৃষিখণ্ডতো কোনো আঁচনি নথকাৰ ফলত বান প্ৰভাৱিত অঞ্চলৰ বহু লোক সামান্য দৰমহাৰ বিনিময়ত অন্য ৰাজ্যলৈ ঢাপলি মেলিব হোৱাৰ কথাও এই প্ৰতিবেদনে দেখুৱাই দিয়াৰ পাছত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কি ক’ব?

নে ৩৬ লাখ নিবনুৱাই গিজগিজাই থকা ৰাজ্যখনত এতিয়ালৈকে দিবলৈ সক্ষম নোহোৱা ‘এক লাখ চাকৰি’ৰ শ্ল’গানে দিনৰ পাছত দিন, মাহৰ পাছত মাহ আওৰাইএ নিৰ্বাচন পৰ্যন্ত ৰাইজক আভুৱা ভাৰি থাকিব।

মুঠতে বিজেপিৰ নাটকে আজি চৰম সীমা অতিক্ৰম কৰিছে। বিজেপিয়ে উন্নয়নৰ বাবে একো নকৰি বিভাজনৰ ৰাজনীতিত ব্যস্ত থকাৰ ফলাফলবোৰ, এনেকুৱা হতাশাজনক প্ৰতিবেদনৰ ৰূপত আজি ওলাই পৰিছে।

আজি আমাক উত্তৰ দিয়ক– ঔদ্যোগিক পৰিমণ্ডল গঠন কৰি উদ্যোগসমূহক আকৰ্ষিত কৰিবলৈ বিজেপি চৰকাৰে কিয় একো ব্যৱস্থা নকৰিলে? বিজেপিয়ে বুজা উচিত কথাৰ কাৰচাজি, কেইলাখমান হিতাধিকাৰীক দুই এখন আঁচনিৰে বিনামূলীয়া সামগ্ৰী যোগান ধৰাটো নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ উপায় হ’ব পাৰে, সি কিন্তু এখন ৰাজ্যই বিচৰা সকলো প্ৰকৃত প্ৰয়োজনৰ জোৰা মাৰিব নোৱাৰে।

‘বিজেপি চৰজাৰে ‘চিটা’ৰ প্ৰতিবেদনৰ পৰা নিজৰ অকৰ্মণ্যতাৰ অনুশোচনা কৰি উদ্যোগ স্থাপনৰ ক্ষেত্ৰত হাতে কামে কিবা কৰি দেখুৱাই আশাপালি থকা জনতাৰ বাবে সংস্থাপনৰ পথ মুকলি কৰাৰ দিশত পদক্ষেপ লওক। এয়া অসম তৃণমূল কংগ্ৰেছৰ দাবী,’ দিলীপ কুমাৰ শৰ্মাৰ মন্তব্য।

LEAVE A REPLY

Please enter your comment!
Please enter your name here