Home অসম অসম তৃণমূল কংগ্ৰেছত বিজেপি সমৰ্থকৰ যোগদান

অসম তৃণমূল কংগ্ৰেছত বিজেপি সমৰ্থকৰ যোগদান

113
0

হাফলং, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যজুৰি অসম তৃণমূল কংগ্ৰেছৰ সদস্য ভৰ্তি অভিযানে ব্যাপক সঁহাৰি লাভ কৰিছে৷ প্ৰতিদিনে ৰাজ্যত শতাধিক লোকে অসম তৃণমূলৰ আদৰ্শ আকোঁৱালি লৈছে৷ আজি ডিমা হাচাও জিলাৰ হাফলংস্থিত দলীয় কাৰ্যালয়ত অনুষ্ঠিত এক যোগদানসভাত হাফলং আৰু জাতিঙ্গা অঞ্চলৰ ৮ জন বিজেপি সমৰ্থকে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ এই উপলক্ষে এক আনুষ্ঠানিক যোগদান অনুষ্ঠান আয়োজন কৰা হৈছিল য’ত ডিমা হাচাও জিলাৰ সভাপতি এচিং জেম, উপ-সভাপতি মাংলেন হাওলাই, সাধাৰণ সম্পাদক চাটমিন্থাং খোংচাই, বোইটেন্দ্ৰ স্ৰোংপাং আদি নেতৃত্ব উপস্থিত থাকে৷ এই সন্দৰ্ভত জিলা সভাপতি এচিং জেমে কয় যে আগন্তুক দিনবোৰত অসম তৃণমূল কংগ্ৰেছত আৰু অধিক লোকে যোগদান কৰিব কাৰণ সম্প্ৰতি ৰাজ্যখনত টিএমচিয়ে হৈছে একমাত্ৰ বিৰোধী দল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here