গুৱাহাটী, ২০ অক্টোবৰঃ অসম তৃণমূল কংগ্ৰেছত অব্যাহত আছে ধাৰাবাহিক যোগদান কাৰ্যসূচী। ৰাজ্যৰ প্ৰতিখন জিলাত এই যোগদান কাৰ্যসূচী অব্যাহত আছে। ইয়াৰ অংশস্বৰূপে ইতিমধ্যে ৰাজ্যৰ বিৰোধী দলবোৰৰ পৰা অহা শীৰ্ষ পৰ্যায়ৰ নেতা-যুৱ নেতাই দলটোত যোগদান কৰিছে। আজি গুৱাহাটীৰ খানাপাৰাস্থিত কায্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত পাঁচজন আপৰ সদস্য়ই সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত তৃণমূলত যোগদান কৰে। আনহাতে গোৱালপাৰাৰ খামাৰি বামুনাডাংগাত অনুিষ্ঠত আন এক কাৰ্যসূচীত জিলা সভাপতি আৰিফ আখটাৰৰ উপস্থিতিত চাৰি শতাধিক লোকে তৃণমূল কংগ্ৰেছক আকোৱালি লয়। ইপিনে কোকৰাঋাৰত আজি অনুষ্ঠিত হয় আন এক যোগদান কাৰ্যসূচী। উক্ত কাৰ্যসূচীত শতাধিক লোকে অসম তৃণমূল কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰে।