Home অসম গহপুৰত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় মুকুলি : ডেৰ শতাধিকৰ যোগদান

গহপুৰত অসম তৃণমূল কংগ্ৰেছৰ কাৰ্যালয় মুকুলি : ডেৰ শতাধিকৰ যোগদান

103
0


গুৱাহাটী, ২০ ছেপ্তেম্বৰঃ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই আজি গহপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত পূৱ ছয়দুৱাৰ আৰু ছয়দুৱাৰ ব্লকৰ কাৰ্যালয় আনুষ্ঠানিকভাবে মুকলি কৰে৷ এই অনুষ্ঠানৰ পূৰ্বে ১৯৪২ চনত আজিৰ দিনটোতে দেশৰ স্বাধীনতাৰ বাবে ভাৰত ত্যাগ আন্দোলনত অংশ লৈ গহপুৰ থানাত জাতীয় পতাকা উত্তোলন কৰিবলৈ গৈ ব্ৰিটিছ বাহিনীৰ গুলীত প্ৰাণ আহুতি দিয়া মুকুন্দ কাকতি আৰু কনকলতা বৰুৱাৰ প্ৰতি বৰাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে ডেৰ শতাধিক লোকে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে৷ এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে বিজেপিয়ে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰে অসমীয়াক ভাগ ভাগ কৰি শাসন চলাই নিব বিচাৰে৷ জাতি মাটি ভেটিৰ কথা কৈ ক্ষমতাৰ গাদী অধিকাৰ কৰা এই বিজেপিয়ে এতিয়া দশম শ্ৰেণীলৈ ইংৰাজী বাধ্যতামূলক কৰি অসমীয়া ভাষাক মৃত্যুৰ মূখলৈ ঠেলি দিব বিচাৰিছে৷ তৃণমূল কংগ্ৰেছ থকালৈকে বিজেপিয়ে এই উদ্দেশ্যত কেতিয়াও সফল হ’ব নোৱাৰে বুলি উল্লেখ কৰি তেওঁ অসমীয়া ভাষাক ধ্বংস কৰিব খোজা যিকোনো ষড়যন্ত্ৰৰ বিৰুদ্ধে যুঁজি যাব বুলিও হুংকাৰ প্ৰদান কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here