Home অসম অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত কেন্দ্ৰ-ৰাজ্যৰ ল’ৰা ধেমালিক কঠোৰ সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ...

অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণত কেন্দ্ৰ-ৰাজ্যৰ ল’ৰা ধেমালিক কঠোৰ সমালোচনা অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ

68
0

গুৱাহাটী, ১৫ ছেপ্তেম্বৰ: অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ হেমাহিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে অসম তৃণমূল কংগ্ৰেছ দল। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ পাঁচ ৰাজ্যৰ ১৫ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত লোৱা সিদ্ধান্তৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰেৰণ কৰা এক বিবৃতিত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অসমৰ আহোম, মৰাণ, মটক, চুতীয়া, কোচ আৰু চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত মাহী আইৰ দৃষ্টি দিয়া বুলি অভিযোগ উত্থাপন কৰে। ‘২০১৪ চনৰ পৰা অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীৰ ক্ষেত্ৰত কেন্দ্ৰই ল’ৰা ধেমালি কৰি আহিছে। নিৰ্বাচনৰ আগে আগে জনগোষ্ঠীকেইটাৰ নেতৃবৃন্দক দিল্লীলৈ মাতি নি প্ৰতিশ্ৰুতি দিয়ে আৰু নিৰ্বাচনৰ পাছত পাহৰি যায়। ইয়াৰ জৰিয়তে জনগোষ্ঠীকেইটাৰ লাখ লাখ লোকৰ লগতে অসমকো চূড়ান্ত অপমান কৰি আহিছে বিজেপিয়ে।’ বিবৃতিটোত বৰাই কেন্দ্ৰীয় চৰকাৰে কেৱল উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডু, ছট্টিশগড়, হিমাচল প্ৰদেশৰ জনগোষ্ঠীকহে গুৰুত্ব দিয়া বুলি মন্তব্য কৰি তেওঁলোকৰ ওচৰত অসমৰ ছয় জনগোষ্ঠীৰ প্ৰয়োজনীয় দাবী কিয় গুৰুত্বহীন বুলি প্ৰশ্ন উত্থাপন কৰে।আনহাতে কেন্দ্ৰীয় কেবিনেটৰ সিদ্ধান্তৰ পাছত বিধানসভাত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডা: ৰণোজ পেগুৱে ‘অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো কেন্দ্ৰৰ বিচাৰাধীন হৈ আছে’ বুলি কৰা নিয়মমাফিক পালমৰা মন্তব্যৰো তীব্ৰ বিৰোধিতা কৰে সভাপতি বৰাই।এই সন্দৰ্ভত মন্ত্ৰীগোটৰ প্ৰতিবেদন চূড়ান্ত নোহোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰিব পৰা নাই বুলি দিয়া মন্ত্ৰী ডা: পেগুৰ মন্তব্য সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। ‘কি কেন্দ্ৰ, কি অসম চৰকাৰ কাৰো এই ছয় গণগোষ্ঠীৰ প্ৰতি দায়ৱদ্ধতা নাই, আগ্ৰহ নাই। প্ৰথমে ন্যায়াধীশ বিপ্লৱ শৰ্মাৰ নেতৃত্বৰ সমিতিক প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ কোৱা হ’ল। ‘কা’ আইন গৃহীত হোৱাৰ পাছত লোকসভাত কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে বিপ্লৱ শৰ্মা সমিতিৰ প্ৰতিবেদনৰ পাছতে জনজাতিজৰণৰ প্ৰতিশ্ৰুতি দিলে। বিপ্লৱ শৰ্মাৰ সমিতিৰ প্ৰতিবেদনখন আজিলৈকে কেন্দ্ৰলৈকে গৈ নাপালে। ২০২১ ৰ নিৰ্বাচনৰ আগে আগে সেই প্ৰতিবেদন সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেহে গ্ৰহণ কৰিলে। সেয়াও এক অপমান বুলিয়ে ক’ব লাগিব। তাৰ পাছতো বিজেপি চৰকাৰৰ নাটক অব্যাহত থাকিল। এইবাৰ অসমৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুতিৰ বাবে গঠন কৰিলে মন্ত্ৰীগোট। আৰু এতিয়া অসম চৰকাৰে বল ঠেলিছে মন্ত্ৰী গোটৰ ক’ৰ্টলৈ। নিজৰ ব্যৰ্থতা, নিজৰ হেমাহি আৰু আগ্ৰহহীনতাক ঢাকিবলৈ কথাচহকী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এইবাৰ অজুহাত হিচাপে লৈছে মন্ত্ৰীগোটৰ প্ৰতিবেদনক। কি ঠিক কাইলৈ মন্ত্ৰীগোটে প্ৰতিবেদন প্ৰস্তুত কৰাৰ পাছত তেওঁলোকৰ প্ৰতিবেদন পৰীক্ষা কৰিবলৈ চৰকাৰখনে আন কিবা গোট, সমিতি গঠন কৰিব পাৰে। মুঠতে অজুহাত বিচৰাৰ এই নাটকেৰে বিজেপি চৰকাৰে অসমৰ ছয় জনগোষ্ঠীৰ দাবীক যে উপলুঙা কৰিছে সেয়া ওলাই পৰিছে। কেন্দ্ৰ-ৰাজ্যৰ অসমবিৰোধী এই নাটক এতিয়া সকলোৱে বুজি পাইছে। আৰু ছয় জনগোষ্ঠীক লৈ কৰা এই ল’ৰা ধেমালিৰ ৰাজনৈতিক পৰিণাম বিজেপিয়ে আগন্তুক সময়ত যে ভুগিব লাগিব সেয়া খাটাং, এইদৰে মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছ দলৰ সভাপতিগৰাকীয়ে। এই সন্দৰ্ভত অসম চৰকাৰে ভাৰতৰ মহাপঞ্জীয়ক আৰু কেন্দ্ৰীয় চৰকাৰৰ লগত কোনোধৰণৰ যোগাযোগ কৰা নাই বুলি বিধানসভাত দিয়া নিৰ্লজ স্বীকাৰোক্তিয়ে ড° হিমন্ত বিশ্ব শৰ্মা চৰকাৰখন যে কেৱল কথাৰ ফুলজাৰি আৰু সাময়িক চমকত চলা চৰকাৰ, সেই কথাকে পুনৰ দাঙি ধৰা বুলি কটাক্ষ কৰে ৰিপুণ বৰাই। সদায় ৰাজনৈতিক অংকত ব্যস্ত নৰেন্দ্ৰ মোডী-অমিত শ্বাহৰ বাবে উত্তৰ প্ৰদেশ, কৰ্ণাটক, তামিলনাডুৰ দৰেহে ৰাজ্যৰ প্ৰয়োজনবোৰহে অগ্ৰাধিকাৰৰ বিষয় বুলি মন্তব্য কৰে অসম তৃণমূলৰ সভাপতিগৰাকীয়ে। তেওঁ লগতে আহোম, মৰাণ, মটক, চুতীয়া, কোচ অাৰু চাহ জনগোষ্ঠীৰ লোকৰ দাবীৰ প্ৰতি অসম তৃণমূল কংগ্ৰেছৰ এশ শতাংশ সমৰ্থনৰ কথা ব্যক্ত কৰি নাটক আৰু ল’ৰা ধেমালি এৰি শীঘ্ৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ দাবী উত্থাপন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here