গুৱাহাটী, ৬ ছেপ্তেম্বৰ: অসম চৰকাৰে শেহতীয়াকৈ পৌৰ নিগম আৰু পৌৰ সভা এলেকাত বাস কৰা লোকৰ সম্পত্তি কৰ বৃদ্ধিৰ প্ৰস্তাৱৰ তীব্ৰ বিৰোধিতা কৰিছে অসম তৃণমূল কংগ্ৰেছ দলে।চৰকাৰখনে ইটোৰ পাছত সিটো জনবিৰোধী সিদ্ধান্ত বলপূৰ্বক জাপি দি নাগৰিকৰ জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰা বুলি মন্তব্য কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সভাপতি বৰাই ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ শেহতীয়া প্ৰস্তাৱৰ বিৰুদ্ধে ৰাজ্যজুৰি ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ’ব বুলি মন্তব্য কৰে।এই গণ আন্দোলনৰ অংশ হিচাপে পৌৰ সভা আৰু পৌৰ নিগম এলেকাত গণ স্বাক্ষৰ অভিযানৰ কাৰ্যসূচী হাতত লোৱাৰ কথা সদৰি কৰে। চৰকাৰৰ বলপূৰ্বক সিদ্ধান্তৰ বিৰুদ্ধে সংগৃহীত স্বাক্ষৰ সম্বলিত এক স্মাৰক পত্ৰ মুখ্য সচিবৰ হাতত অৰ্পণ কৰা হ’ব বুলি অসম তৃণমূল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা দলটোৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।নিজৰ দূৰদৰ্শিতাহীনতাৰ বাবে সন্মুখীন হোৱা শোচনীয় বিত্তীয় অৱস্থাৰ জোৰা মাৰিবলৈ গুৰু গোসাঁই নামানি চৰকাৰখনে সকলো ক্ষেত্ৰতে জনতাৰ পৰা ধন সংগ্ৰহৰ ফান্দ পতা বুলি গুৰুতৰ অভিযোগ কৰে সভাপতি ৰিপুণ বৰাই। বিজেপিক শাসনত বহুওৱাৰ এয়া পুৰস্কাৰ বুলি সভাপতি বৰাই লগতে কটাক্ষ কৰে।চৰকাৰখনে যি মন যায় তাকে কৰিম বুলি যদি ভাৱিছে, তেন্তে সেয়া চৰম মূৰ্খামি বুলি বিবৃতিটোত লগতে সকীয়াই দিয়ে। অসম তৃণমূল কংগ্ৰেছ থাকোতে ৰাইজক হাৰাশাস্তি কৰিবলৈ বিচৰাটো নচলিব বুলি বিবৃতিটোত বৰাই লগতে মন্তব্য কৰে।উল্লেখ্য যে চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগে জাৰি কৰা এক অধিসূচনাত চৰকাৰে পৌৰ এলেকাত বাস কৰা লোকৰ সম্পত্তিৰ কৰ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণৰ কথা উল্লেখ কৰিছে।