Home Main Stories অসমৰ শ্ৰমিকৰ মেঘালয়ত মৃত্যু: বৰপেটাৰ কাশিমপুৰত শোকাকুল পৰিবেশ

অসমৰ শ্ৰমিকৰ মেঘালয়ত মৃত্যু: বৰপেটাৰ কাশিমপুৰত শোকাকুল পৰিবেশ

100
0

গণ বাৰ্তা, নগৰবেৰা, ১ জুন : চুবুৰীয়া ৰাজ্য মেঘালয়ৰ কয়লা খনিত আবদ্ধ হৈ অসমৰ এজন শ্ৰমিকৰ মৃত্যু হোৱা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে মৃত শ্ৰমিকজন বৰপেটা জিলাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাশিমপুৰ গাঁৱৰ ইব্ৰাহিম আলীৰ পুত্ৰ আবুল কালাম বুলি জানিব পৰা গৈছে। পেটৰ তাড়নাত তথা পৰিয়ালটোক পোহপাল দিয়াৰ বাবেই গৈছিল মেঘালয়ৰ কয়লা খনিলৈ । কিন্তু ৩৩ বছৰীয়া যুৱকজন কয়লা খনিত কাম কৰি থকা অৱস্থাতে হঠাতে আবদ্ধ হৈ পৰে । যোৱা ৩০ মে’ তাৰিখে পুৱতি নিশা কৰ্মৰত অৱস্থাত মৃত্যু হোৱা বুলি পৰিয়াললৈ ফোনযোগে এক বাৰ্তা আহে। মৃত্যুৰ বাতৰি পাই পৰিয়ালৰ মাজত এক কান্দোনৰ ৰোল উঠে। লগে লগে এই খবৰ চাৰিওফালে বিয়পি পৰাত সমগ্ৰ গাঁওজুৰি শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। উল্লেখযোগ্য যে যুৱকৰ মৃতদেহটো আজিলৈকে পৰিয়ালক চমজাই দিয়া নাই। যাৰ ফলত পৰিয়ালটোৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । দুৰ্ঘটনাগ্ৰস্ত হৈ অকাল মৃত্যুক আঁকোৱালি লোৱা আবুল কালামে মৃত্যুৰ সময়ত সহধৰ্মিণীৰ সৈতে এটি কণমানি পুত্ৰ আৰু দুগৰাকী কন্যা সন্তানৰ লগতে যথেষ্টসংখ্যক আত্মীয়-স্বজনক ইহসংসাৰত এৰি থৈ যায় । স্মৰ্তব্য যে পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী কালামৰ মৃত্যুত পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব দুয়োখন চৰকাৰে ল’ব লাগে বুলি পৰিয়ালৰ লগতে গাঁওবাসীয়ে দুয়োখন চৰকাৰক অনুৰোধ জনাইছে আৰু দুয়োখন চৰকাৰে মৃতদেহটো উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়াৰ আহ্বান জনাইছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here