Home বিনোদন আন্দামান নিকোবৰ দ্বীপপুঞ্জত উলহ-মালহেৰে ব’হাগ বিহু উদ্‌যাপন: প্ৰৱাসী অসমীয়াৰ

আন্দামান নিকোবৰ দ্বীপপুঞ্জত উলহ-মালহেৰে ব’হাগ বিহু উদ্‌যাপন: প্ৰৱাসী অসমীয়াৰ

263
0

গণ বাৰ্তা, খাৰুপেটীয়া, ১৯ এপ্ৰিল : অসম এছ’চিয়েচন, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ প্ৰৱাসী অসমীয়াসকলে দ্বীপপুঞ্জটোৰ ৰাজধানী চহৰ প’ৰ্টব্লেয়াৰত এইবাৰ উলহ-মালহেৰে ৰঙালী বিহু উদ্‌যাপন কৰে৷ বিহুৰ লগত সংগতি ৰাখি এছ’চিয়েচনৰ সদস্যসকলে প্ৰথমে আন্দামানত অসমীয়া গামোচাৰ পতাকা উত্তোলন কৰে আৰু লগতে সকলোৱে অসমৰ জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ পৰিবেশন কৰে ৷ তাৰ পিছত শ্বহীদ তৰ্পণ, বন্তি প্ৰজ্বলন কৰে৷ উল্লেখযোগ্য যে অসম এছচিয়েছন, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ গঠন কিছুদিন আগত ২০ মাৰ্চ ২০২২ তাৰিখে হয়৷ তাৰে লগত সংগতি ৰাখি কালি এই বিহু অনুষ্ঠানত এছ’চিয়েচন প্ৰতীকীটোও উন্মোচন কৰে৷ বিহুত বিভিন্ন অনুষ্ঠানৰ লগতে টেকেলি ভঙা, কণী যঁুজ সংগীত চকী খেল, চামুচত মাৰ্বল লৈ খোজকঢ়া আদি সাধাৰণ খেল-ধেমালিও অনুষ্ঠিত কৰে৷ উল্লেখ্য যে, ভাৰতৰ মূল ভূখণ্ডৰ পৰা ১৪০০ কিলোমিটাৰ দূৰত এটা দ্বীপত থকা অসমীয়াসকলে বিহু নাচ আৰু হুঁচৰি গাই অসমীয়াৰ বাপতি-সাহোন ৰঙালী বিহু উদ্‌যাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here