Home Main Stories গ্ৰেপ্তাৰ হৈয়ে অসম বিদ্বেষী প্ৰদীপ দত্তৰ নাটক: অসুস্থতাৰ দোহাই দি কাৰামুক্ত হোৱাৰ...

গ্ৰেপ্তাৰ হৈয়ে অসম বিদ্বেষী প্ৰদীপ দত্তৰ নাটক: অসুস্থতাৰ দোহাই দি কাৰামুক্ত হোৱাৰ স্বপ্ন

168
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২৮ নৱেম্বৰ : গ্ৰেপ্তাৰ হোৱাৰ পিছতে এখনৰ পিছত আন এখন নাটক আৰম্ভ কৰিছে অসমৰ বায়ু-পানী খাই অসমতে অসমীয়াৰ বিৰুদ্ধে মাত মতা পাবত গজা বঙালী নেতা প্ৰদীপ দত্ত ৰয়ে৷ বৰাকত অমসীয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়া তথা অসমীয়া হৰ্ডিঙৰ ওপৰত ক’লা ৰং সনাৰ সময়ত শৰীৰ সুস্থ থকা এইজন নেতাৰ কাৰাগাৰত সোমালেই বাঢ়ে অসুস্থতা৷ অসমীয়াৰ বিৰুদ্ধে উত্তেজনাময় মন্তব্য দি অসমীয়া আৰু বঙালীৰ ভাতৃত্ববোধক চিৰকালৰ বাবে থান্‌বান্‌ কৰা ষড়যন্ত্ৰ ৰচনা কৰা পাবত গজা বঙালী নেতা প্ৰদীপ দত্ত ৰয়ক কালি গ্ৰেপ্তাৰ কৰাৰ পিছতে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল৷ কিন্তু কাৰাগাৰৰ বন্ধ কোঠালীত সুস্থ শৰীৰ অসুস্থ হৈ পৰে প্ৰদীপ দত্ত ৰয়ৰ৷ গ্ৰেপ্তাৰ কৰা সময়লৈকে উদাত্ত কণ্ঠেৰে অমসীয়াবিৰোধ শ্ল’গান দিয়া তথা বৰাকত বঙালীৰ অস্তিত্ব সংকটত পৰা বুলি উল্লেখ কৰি পশ্চিমবংগৰ বঙালী ভাইসকলৰ সহায় বিচৰা প্ৰদীপ দত্ত ৰয়ক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ পিছত অসুস্থ হৈ পৰে৷ শিলচৰৰ কাৰাগাৰত নিক্ষেপ কৰাৰ পাছত বুকুৰ বিষত ভোগাৰ এখন নাটক আৰম্ভ কৰে বৰাকত অসমীয়াৰ বিৰুদ্ধে আন্দোলন কৰি চান্দা বুটলা নেতা প্ৰদীপ দত্ত ৰয়ে৷ দীৰ্ঘদিন ধৰি অসমীয়া তথা অসমীয়া ভাষাৰ বিৰুদ্ধে বৰাকৰ বঙালীক উচটাই অহা প্ৰদীপ দত্ত ৰয় বুকুৰ বিষত ভোগাৰ পিছত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে এয়া যে এখন নাটক সেয়া নিশ্চিত কৰাৰ পিছত পুনৰ পুৱাৰ ভাগত কাৰাগৰলৈ প্ৰেৰণ কৰে প্ৰদীপ দত্ত ৰয়ক৷ লক্ষণীয় যে দেশদ্ৰোহিতাৰ গোচৰ ৰুজু কৰা বৰাকৰ আন্দোলনজীৱী নেতাজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে কাৰাগাৰৰ বাহিৰত ভিৰ লাগিছে বৰাকৰ নামি-দামী অধিবক্তাৰ৷ বৰাকৰ বুদ্ধিজীৱীৰ মাজত অসমবিৰোধী মানসিকতা সিঁচি দিয়া প্ৰদীপ দত্ত ৰয়ক মুকলি কৰাৰ বাবে এতিয়া আন একাংশ অসমীয়াবিৰোধী অধিবক্তাই উঠি-পৰি লগা বুলি জানিব পৰা গৈছে৷ ইপিনে, বৰাকত বঙালী বিপন্ন বুলি দাবী কৰা পশ্চিমবংগৰ বঙালীসকলক সহায়ৰ আহ্বান জনোৱাৰ উপৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ হস্তক্ষেপ দাবী কৰিছে পাবত গজা বঙালী নেতা প্ৰদীপ দত্ত ৰয়ে৷ লক্ষণীয় যে কাইলৈ প্ৰদীপ দত্ত ৰয়ৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ’ব৷ এই শুনানিতে নিশ্চিত হ’ব দত্ত ৰয়ৰ বিৰুদ্ধে চৰকাৰী পদক্ষেপ কিমান কঠোৰ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ অসমৰ বায়ু-পানী খাই অসমতে অসমীয়া বিদ্বেষী মন্তব্য কৰা তথা অসমৰ অমসীয়া ভাষাক অসমতে এলাগি কৰাৰ ষড়যন্ত্ৰৰ ৰচনা কৰা পাবত গজা বঙালী নেতাৰ বিৰুদ্ধে কঠোৰ নে সেয়া অসমবাসীক সাময়িকভাৱে সেন্তুাষ্টি লভাৰ বাবে গ্ৰেপ্তাৰৰ এখন চৰকাৰী নাটক সেয়া কাইলৈ জামিনৰ শুনানিৰ ফলাফলে নিশ্চিত কৰিব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here