Home Main Stories অসমীয়া ভাষা নামানে বৰাকৰ বঙালীয়ে! বৰাকত অসমীয়া ভাষাৰ চৰকাৰী ফলকত ক’লা ৰং

অসমীয়া ভাষা নামানে বৰাকৰ বঙালীয়ে! বৰাকত অসমীয়া ভাষাৰ চৰকাৰী ফলকত ক’লা ৰং

169
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৮ অক্টোবৰ : চিলপথাৰ কাণ্ডৰ কথা মনলৈ আহিলে এতিয়াও প্ৰতিগৰাকী অসমীয়াৰ বুকু কঁপি উঠে। অসমীয়াৰ বাপতি-সাহোন গামোচা জ্বলাই দিয়াৰ লগতে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি আৰু শ্বহীদ বেদীত গচকি একপ্ৰকাৰ বঙালী সংগঠনৰ একাংশ তথাকথিত স্বয়ম্ভু নেতাই উদ্দাম নৃত্য কৰিছিল। চিলপথাৰত সংঘটিত এনেধৰণৰ বৰ্বৰ ঘটনাৰ পিছত এইবাৰ বৰাকত চলিছে অসমীয়া ভাষাৰ শ্ৰাদ্ধ। বাঙালী সংগঠনৰ সদস্যই সকলো সীমা চেৰাই অসমীয়াৰ ভাষাৰ ওপৰত চলালে বৰ্বৰ আক্ৰমণ। বঙালী শ্বহীদৰ বৰাক-ব্ৰহ্মপুত্ৰৰ সমন্বয়ক লৈ ৰাজনৈতিক নেতাসকলে দিয়া বৰ বৰ ভাষণক অৰ্থহীন প্ৰমাণিত কৰি বৰাকত মোহাৰি পেলোৱা হ’ল অসমীয়া ভাষাত লিখা চৰকাৰী পোষ্টাৰ। কেৱল সেয়ে নহয়, শিলচৰ ৰে’ল ষ্টেছনত অসমীয়া ভাষাত লিখা পোষ্টাৰ লগোৱাৰ বিৰোধিতাৰে সৰৱ হৈ উঠিল বৰাক ডেম’ক্ৰেটিক যুৱ ফ্ৰণ্টৰ লগতে বঙালী ছাত্ৰ সংগঠন অল বেংগলী ষ্টুডেণ্ট য়ুথ অৰ্গেনাইজেচন। বৰাকৰ এই সংগঠনকেইটাই অসমীয়া ভাষাত লিখা পোষ্টাৰ ক’লা ৰঙেৰে মোহাৰি পেলোৱাৰ লগতে ১৯৬১ চনৰ ভাষা আইনক অমান্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে। অসমীয়া ভাষাত লিখা পোষ্টাৰ ক’লা ৰঙেৰে মোহাৰি প্ৰতিবাদকাৰীসকলে পোষ্টাৰৰ ওপৰত ‘বাংলা লিখুন’ বুলি লিখি প্ৰতিবাদ সাব্যস্ত কৰে। ১১জনকৈ ভাষা শ্বহীদে প্ৰাণ আহুতি দিয়া শিলচৰ ৰে’ল ষ্টেচনৰ কাষতে অসমীয়া ভাষাত লিখা পোষ্টাৰ আঁৰি শ্বহীদক অৱমাননা কৰাৰ লগতে বঙালীভাষী লোকসকলক ব্যংগ কৰা হৈছে বুলি প্ৰতিবাদীকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে বৰাক আৰু ব্ৰহ্মপুত্ৰৰ সমন্বয়ৰ কথা কৈ ফুৰি ১৯৬১ৰ পুনৰাবৃত্তি কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বুলি প্ৰতিবাদকাৰীসকলে অভিযোগ উত্থাপন কৰে। বৰাকৰ চৰকাৰী ভাষা যিহেতু বঙালী আৰু ১৯৬১ চনৰ ভাষা আইনেও যিহেতু বৰাক উপত্যকাৰ সকলো ধৰণৰ প্ৰচাৰ কাৰ্যত বঙালী ভাষাৰ প্ৰয়োগৰ পোষকতা কৰে, সেয়ে বৰাক উপত্যকাত কোনো কাৰণতে বঙালী ভাষাৰ বাহিৰে অন্য কোনো ভাষা প্ৰয়োগ কৰিবলৈ দিয়া নহ’ব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে। বহুবাৰ আবেদন কৰাৰ পাছতো বৰাকত চৰকাৰীভাৱে বঙালী ভাষা প্ৰয়োগত চৰকাৰৰ লগতে স্থানীয়ে বিধায়কেও নিৰ্বাক ভূমিকা পালন কৰা বুলি অভিযোগ উত্থাপন কৰি প্ৰতিবাদকাৰীসকলে অতিশীঘ্ৰে বৰাকত বঙালী ভাষা প্ৰয়োগত গুৰুত্ব আৰোপ কৰাৰ বাবে দাবী উত্থাপন কৰে। ইয়াৰ অন্যথা ১৯৬১ৰ পুনৰাবৃত্তি হ’ব বুলিও প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে। যি কি নহওক, বৰাকত অসমীয়া ভাষাৰ হৰ্ডিঙত এনেদৰে ক’লা ৰং সানি দিয়া বিষয়টোক কেন্দ্ৰ কৰি এতিয়া ৰাজ্যৰ বিভিন্ন দল-সংগঠন জাঙুৰখাই উঠিছে। অসমীয়া ভাষাক অপমান কৰাক লৈ এই স্বয়ম্ভু সংগঠনৰ নেতাসকলক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলিছে বিভিন্ন দল-সংগঠনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here