Home স্থানীয় তিনিচুকীয়াত অসমীয়া মাৰোৱাৰী বিহু সন্মিলন সম্পন্ন

তিনিচুকীয়াত অসমীয়া মাৰোৱাৰী বিহু সন্মিলন সম্পন্ন

256
0

গণ বাৰ্তা, ডুমডুমা, ১৯ এপ্ৰিল : নৃগোষ্ঠীৰ উৎসৱ কৃষিৰ লগত জড়িত। কিন্ত বৰ্তমান বিহুক আৰ্যকৰণ কৰাৰ চক্ৰান্ত চলিছে। বিহু অনাৰ্যকৰণৰ সংস্কৃতি। বহাগ সংস্কৃতিৰ দলীল। আজি অসমীয়া জাতিৰ সংকট কাল। অসমীয়া মহাজাতি নিৰ্মাণৰ পৃষ্ঠা ৰচনা কৰিছিল জ্যোতি প্ৰসাদ আগৰৱালাই। ৰূপকোঁৱৰ জ্যোতি প্ৰসাদে অসমীয়া জাতিক অতুল্য,অমূল্য জীৱন দিছে। জ্যোতি-বিষ্ণু,শ্ৰীমন্ত শংকৰদেৱ,মাধৱদেৱক অসমীয়া জাতিয়ে বুকুৰ মাজত ৰাখিব লাগিব। এই মন্তব্য বিশিষ্ট লেখক,২য় অসম আৰক্ষী বেটেলিয়ানৰ অধিনায়ক ড°নন্দ সিং বৰকলাৰ । তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত মাৰোৱাৰী যুৱ মঞ্চ আৰু প্ৰগতি শাখাই অনুষ্ঠিত কৰা অসমীয়া মাৰোৱাৰী ৰঙালী বিহু সন্মিলনৰ মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাবে বক্তব্য আগবঢ়াই বিশিষ্ট সাহিত্যিক গৰাকীয়ে এইদৰে কয়। বিহু নাচ প্ৰতিযোগিতাৰ অন্তত সন্ধিয়া অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে বাৰ কাউন্সিলৰ উপ সভাপতি বুধকৰণ কেজৰীয়ালে। সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে ভাৰত চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, বিশিষ্ট নিৱন্ধকাৰ,উচ্চ ন্যায়ালয়ৰ অধিবক্তা অৰূপ বৰবৰা। সভাত সাংস্কৃতিক কৰ্মী ননী বৰদলৈ,দিনজয় সত্ৰৰ সত্ৰাধিকাৰ মুকুন্দানন্দ দেৱ গোস্বামী,সত্ৰাধিকাৰ মুনমুন দেৱ গোস্বামী আৰু জ্যেষ্ঠ সাংবাদিক ৰূপহ চলিহা। এই অনুষ্ঠানতে মাৰোৱাৰী যুৱ মঞ্চই তিনিচুকীয়াৰ সাংবাদিক পেন্সনাৰ,যাদু সম্ৰাট ৰূপহ চলিহাক জীৱনযোৰা সাধনা বঁটা প্ৰদান কৰে। এই বঁটা প্ৰদান কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু ডঃ নন্দ সিং বৰকলাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here