Home Main Stories অসমৰ ২৮খন গাঁও অৰুণাচলত চামিল

অসমৰ ২৮খন গাঁও অৰুণাচলত চামিল

388
0

ৰাজ্যৰ ১,৮৯,৭৮২টা পৰিয়ালক ৩,৮০০ টকাকৈ বান-সাহায্য প্ৰদান

ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ১৬ জুলাই ঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি সংবাদ মেল অনুষ্ঠিত কৰি ৰাজ্যৰ কে’বাটাও সমস্যাক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। বিশেষকৈ বান পৰিস্থিতিক লৈ কে’বাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আনহাতে, কালি নামচাইত অৰুণাচলৰ সৈতে সীমা সমস্যা সমাধানৰ বাবে স্বাক্ষৰ কৰা চুক্তি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ তথ্য সংবাদ মাধ্যমৰ যোগেদি ৰাজ্যবাসীক অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ২৫ বছৰ  ধৰি অসম আৰু অৰুণাচল প্ৰদেশে সীমা সমস্যাক লৈ সৰ্বোচ্চ ন্যায়ালয়ত যুঁজি আছিল যদিও বাস্তৱিক ভিত্তিত এই সমস্যা অন্যধৰণৰ। অসম-অৰুণাচলে ১২৩খন গাঁৱৰ বাবে ন্যায়ালয়ত যুঁজি আছিল যদিও বাস্তৱিকতে ইয়াৰে কিছু গাঁও কোনো কালেই অসমৰ সৈতে নাছিল। অৰুণাচলৰ সৈতে হোৱা সীমা-বিবাদ সন্দৰ্ভত জিলা উপায়ুক্তসকলৰ পৰা প্ৰতিবেদন বিচৰা হৈছে। যেতিয়া প্ৰতিবেদন পোৱা গ’ল তেতিয়া দেখা গ’ল যে ২৮খন গাঁও কোনোকালে অসমৰ লগত নাছিল। সীমান্তৰ বহু ভিতৰত এইকেইখন গাঁও আছে আৰু অসমৰ সৈতে কোনো যোগাযোগ নাই। আনহাতে, ন্যায়ালয়ত চলি থকা গোচৰত উল্লেখ থকা ৬খন গাঁৱৰ কোনো তথ্য ৰাজ্য চৰকাৰে উলিয়াব নোৱাৰিলে। তিনিমাহ ধৰি প্ৰশাসনে ৬খন গাঁৱৰ তথ্য বিচাৰি অনুসন্ধান চলাই কোনো তথ্য লাভ নকৰিলে।

নামচাই ঘোষণা-পত্ৰৰ পিছত অৰুণাচলৰ সৈতে মাত্ৰ ৮৬খন গাঁৱলৈ বিবাদ হ্ৰাস হ’ব। আনহাতে, চুবুৰীয়া মেঘালয় আৰু মিজোৰামৰ সৈতেও আলাপ-আলোচনাৰ যোগেদি সীমা-বিবাদ নিষ্পত্তি কৰা হ’ব বুলি নাগালেণ্ডৰ বিষয়টো কিছু সুকীয়া বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। নাগালেণ্ডৰ সৈতে উচ্চতম ন্যায়ালয়ত সীমা-বিবাদ নিষ্পত্তি কৰা হ’ব বুলি তেওঁ উল্লেখ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত উত্তৰ-পূৰ্বাঞ্চল গঢ়া বুলি প্ৰয়াস কৰিছে। সেই ক্ষেত্ৰত অসম চৰকাৰে সহযোগিতা আগবঢ়াব। ইপিনে, ৰাজ্যত অহা প্ৰলয়ংকৰী বান সন্দৰ্ভত মন্তব্য কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে পোনপ্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে বান শিবিৰৰ পৰা উভতি যোৱাৰ লগে লগেই সাহায্য প্ৰদান কৰিবলৈ সক্ষম হৈছে বুলি উল্লেখ কৰে। দুটাকৈ অহা বানৰ বাবে ৰাজ্যৰ বান পৰিস্থিতি জটিল হৈ পৰা বুলি উল্লেখ কৰি ২০০১ চনৰ পৰা এতিয়ালৈকে অহা আটাইতকৈ বৃহৎ বান আছিল বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। দুটাকৈ বানত ৩৪খন জিলাত ১৫২টা ৰাজহ চক্ৰ বানৰ কবলত পৰিছিল আৰু সমগ্ৰ ৰাজ্যত ৯,৯১৮খন গাঁও বানত কম-বেছি পৰিমাণে ক্ষতিগ্ৰস্ত হোৱা বুলি তেওঁ উল্লেখ কৰে। তদুপৰি বানত ৮৯,২১,০৫৬জন লোক ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বান আৰু ভূমি¦খলনৰ ফলত ৰাজ্যত এপ্ৰিলৰ পৰা এতিয়ালৈকে ১৯৫জন লোক নিহত হৈছে। এতিয়াও ৩৭জন লোক নিখোজ হৈ আছে বুলি সংবাদ মেলত অৱগত কৰি এইবেলি বানত ক্ষতিগ্ৰস্ত হোৱা ১,৮৯,৭৮২টা পৰিয়ালক ৩,৮০০ টকাকৈ বেংক একাউণ্টযোগে সাহায্য প্ৰদান কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

ইপিনে, সমগ্ৰ ৰাজ্যত বানৰ বাবে ২৫,৬৭০টা ঘৰ সম্পূৰ্ণৰূপে বিস্তৰ ক্ষতি হৈছে। লগতে ১২,৪০৬টা বাসগৃহ আংশিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। এই ক্ষতিগ্ৰস্ত পৰিয়ালৰ বাবে শীঘ্ৰে ক্ষতিপূৰণ দিয়া হ’ব। কোনেও যাতে বান-সাহায্যৰ পৰা বঞ্চিত হ’ব নোৱাৰে তথা ক্ষতিৰ সন্মুখীন নোহোৱাকৈ সাহায্য লাভ কৰিব নোৱাৰে, তাৰবাবে তালিকা অনুসৰি সেয়া পৰীক্ষা কৰা হ’ব বুলি তেওঁ উল্লেখ কৰি মন্ত্ৰী মণ্ডল আৰু প্ৰশাসনিক বিষয়াই জিলাই জিলাই ২০ জুলাইৰ পৰা ৩০ জুলাইলৈ এই দিশত পৰ্যবেক্ষণ কৰিব বুলি আজি সংবাদ মেলত জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইপিনে, বানক ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি নিদিয়া সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এয়া দল-সংগঠনে লোৱা আৱেগিক দাবী। অসমৰ বান ৰাষ্ট্ৰীয় সমস্যা হ’ব নোৱাৰে। বান ৰাষ্ট্ৰীয় সমস্যা হ’লে অসমে পুঁজি লাভ নকৰিব। এন ডি এম এ আইন অনুসৰি কোনো দুৰ্যোগৰ প্ৰাবল্য অনুসাৰেহে পুঁজি প্ৰদান কৰা হয় বুলি তেওঁ উল্লেখ কৰে। অসমৰ বান বৃহৎ প্ৰাবল্য দুৰ্যোগ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here