Home অসম অসমৰ ডেকা ল’ৰাৰ তেজৰ ফাকু বন্ধ হ’ব লাগে, আলফাৰ শিৱিৰত মৃত্যুদণ্ডক লৈ...

অসমৰ ডেকা ল’ৰাৰ তেজৰ ফাকু বন্ধ হ’ব লাগে, আলফাৰ শিৱিৰত মৃত্যুদণ্ডক লৈ মুখ্যমন্ত্ৰী

170
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৮ মে’ : ‘মৃত্যুদণ্ড আদালতে দিয়ে, মৃত্যুদণ্ড ন্যায়াধীশে দিয়ে৷ মৃত্যুদণ্ড দিয়াৰ আগতে দুয়োপক্ষৰ শুনানি হয়৷ গতিকে এই শব্দবোৰৰ পৰিভাষা জানিলে মৃত্যুদণ্ড শব্দটো ব্যৱহাৰেই নকৰোঁ৷’ এই মন্তব্য মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ৷ আলফা স্বাধীনে চৰম সিদ্ধান্ত গ্ৰহণ কৰি দুজন যুৱকক মৃত্যদণ্ডৰে দণ্ডিত কৰা ঘটনা সন্দৰ্ভত আজি এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷উল্লেখ্য যে চোৰাংচোৱাগিৰি তথা আলফাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অপৰাধত আলফা স্বাধীনে ধনজিৎ দাস আৰু সঞ্জীৱ শৰ্মা নামৰ দুজন যুৱকক শনিবাৰে মৃত্যদণ্ডৰে দণ্ডিত কৰিছিল৷ এই সন্দৰ্ভত আলফা স্বাধীনে বিবৃতি প্ৰকাশ কৰাৰ লগতে যুৱকদ্বয়ৰ ভিডিঅ’ বাৰ্তাও ৰাজহুৱা কৰিছিল৷ যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত কয় যে তেওঁলোকে কোনোৱা ল’ৰা-ছোৱালীক আলফাত যোগদানৰ বাবে লৈ গৈছে আৰু তাতে গৈ হত্যা কৰিছে৷ সাধাৰণ ভাষাত কথাটো হৈছে এইটো৷ তেজৰ ফাকুৰে অসমৰ উন্নতি হ’ব নোৱাৰে বুলি সদৰী কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ আলফা স্বাধীনক আলোচনাৰ মাজলৈ অহাৰ বাবে আহ৩ান জনায়৷ অসমৰ ডেকা ল’ৰাৰ তেজৰ ফাকু বন্ধ হ’ব লাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমীয়াই অসমীয়াক মাৰি কেতিয়াও দেশখন আগুৱাব নোৱাৰে৷ তেওঁ লগতে যিসকল যুৱক-যুৱতী আলফালৈ যাব বিচাৰে নাইবা গৈছে তেওঁলোকক ইয়াৰ পৰা শিক্ষা ল’বলৈ আহ৩ান জনায়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here