ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ৩ ছেপ্টেম্বৰ : নিৰ্মম, নৃশংস, অমানৱীয়, জঘন্য, পাশৱিক…ভগ্নীক পটাগুটিৰে প্ৰহাৰ কৰি মগজু উলিয়াই দিছিল ড্ৰাগ্ছ আসক্ত আশ্বিকেশে। মাহীয়েকৰ ঘৰত আশ্ৰয় লৈয়ে মাহীয়েকৰে কন্যাক নৃশংসভাৱে হত্যা কৰিছিল আশ্বিকেশে। পটাগুটিৰে প্ৰহাৰ কৰিয়েই ক্ষান্ত থকা নাছিল আশ্বিকেশ। ছুৰীৰে ১৮বাৰকৈ হানিছিল আৰু কুকাৰেৰে কে’বাবাৰো প্ৰহাৰ কৰিছিল। ইয়াৰ পিছত ম’বাইলটো লৈ উধাও হৈছিল আশ্বিকেশ। আনকি বন্বুূৰ অজ্ঞাতে সেই ম’বাইলটো বন্বুূৰ ঘৰত লুকুৱাই থৈ হত্যাকাণ্ডৰ সৈতে বন্বুূকো সাঙুৰি লোৱাৰ পাং পাতিছিল আশ্বিকেশে। আৰক্ষীৰ জেৰাত এটা এটাকৈ তথ্য পোহৰলৈ অহাৰ পিছতে উজানবজাৰৰ ডিম্পল হত্যাকাণ্ডকৰ সকলো পৰ্দা আঁতাৰিবলৈ আৰম্ভ কৰিছে। উল্লেখ্য যে ড্ৰাগ্ছ আসক্ত আছিল আশ্বিকেশ। হত্যাকাণ্ডৰ আগদিনাও ড্ৰাগ্ছ আৰু ব্যাপক গাঁজা সেৱন কৰিছিল আশ্বিকেশে। আশ্বিকেশৰ এই পাশৱিক কাণ্ডক লৈ স্তব্ধ ডিম্পলৰ পিতৃ-মাতৃ। আনকি হত্যাকাণ্ড সংঘটিত কৰি মাহীয়েকৰ সন্মুখলৈ গৈ সাধাৰণ আচৰণ কৰি ডিম্পলৰ বাবে বি¦³¨তো লৈ আহিছিল আশ্বিকেশে¸। আজি আশ্বিকেশক কামৰূপৰ মুখ্য দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পিছতে আদালতে দুদিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখ্য যে সম্বন্ধীয় ভনীয়েকক নৃশংসভাৱে হত্যা কৰা আশ্বিকেশৰ হৈ আদালতত যুক্তি আগবঢ়াবলৈ আগবাঢ়ি নাহিল কোনো অধিবক্তা। অৱশেষত চৰকাৰী অধিবক্তাই আশ্বিকেশৰ হৈ যুক্তি আগবঢ়ায়। দুদিনৰ আৰক্ষীৰ জিম্মাত হত্যাকাণ্ডক লৈ আৰু নতুন তথ্য ওলাই অহাৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে।
Home Main Stories ভগ্নী হত্যাকাৰী আশ্বিকেশক দুদিনৰ আৰক্ষীৰ জিম্মাত ১৮বাৰ হানি হানি হত্যা কৰিছিল ডিম্পলক