Home Main Stories মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সদৌ অসম বেংক মিত্র সন্থাৰ ৫৫,৫৫৫/- টকা প্ৰদান

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ সদৌ অসম বেংক মিত্র সন্থাৰ ৫৫,৫৫৫/- টকা প্ৰদান

115
0

পৰাণজ্যোতি বৰা, মাজুলী,৬ জুন : ক’ভিডৰ লগত যুঁজিব পৰাকৈ মুখ্যমন্ত্ৰী আৰোগ্য নিধি লৈ বিভিন্ন জনে ধন আগবঢ়াই থকাৰ সমান্তৰালকৈ সদৌ অসম বেংক মিত্র সন্থাও মুখ্যমন্ত্ৰী আৰোগ্য নিধি লৈ ৫৫,৫৫৫/- টকা আগবঢ়াই।যোৱা ৫ জুন তাৰিখে জনতা ভৱনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি সন্থাৰ সভাপতি উৎপল হাজৰিকা আৰু সম্পাদক দ্বিপেন সজাতিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত চেক যোগে প্ৰদান কৰে।লগতে বেংক মিত্ৰ সকলৰ সমস্যা সমূহৰ বিষয়ে অৱগত কৰাৰ উপৰিও এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়।
সাক্ষাৎৰ সময়ত সন্থা প্ৰতিনিধি দলত কাৰ্যকৰী সভাপতি আছিফিকুৰ ৰহমান,মাজুলী জিলা সম্পাদক বিষ্ণুপ্ৰাণ শইকীয়া,কাৰ্যকৰী সদস্য দীপক নায়ক আৰু ৰূপজ্যোতি নয়ক উপস্থিত আছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here