Home অসম ছাত্ৰক নিৰ্যাতনৰ বিৰুদ্ধে যোৰহাটত আছুৰ বিক্ষোভ

ছাত্ৰক নিৰ্যাতনৰ বিৰুদ্ধে যোৰহাটত আছুৰ বিক্ষোভ

203
0


ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট, ২৯ ডিচেম্বৰ:
ডিব্ৰুগড়ত আছু কৰ্মীৰ ওপৰত ৰাজনৈতিকভাৱে আৰক্ষী প্ৰশাসন ব্যৱহৃত হৈ নিৰ্মমভাৱে চলোৱা অত্যাচাৰৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ৩ানমৰ্মে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ ডিব্ৰুগড় আৰক্ষী হায় হায়, অসম চৰকাৰ হায় হায়, অতুল বৰা গ’ বেক, আছু কৰ্মীৰ ওপৰত আক্ৰমণ সহ্য কৰা নহ’ব ইত্যাদি শ্ল’গানেৰে তিনি শতাধিক ছাত্ৰ কৰ্মীয়ে প্ৰতিবাদস্থলীৰ আকাশ-বতাহ কঁপাই তোলে৷ প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় যে ২৫ ডিচেম্বৰৰ দিনটোত যি সময়ত ভাৰত চৰকাৰে সমগ্ৰ ভাৰতবৰ্ষত সুশাসন দিৱস পালন কৰিছে সেই একেসময়তে সমান্তৰালভাৱে অসমত একে দলৰ নেতৃত্বাধীন অসম চৰকাৰে সুশাসন দিৱসৰ পৰিৱৰ্তে অপশাসন দিৱস পালন কৰা পৰিলক্ষিত হৈছে৷ ডিব্ৰুগড়ত ছাত্ৰ সন্থাৰ কৰ্মীসকলৰ ওপৰত সম্পূৰ্ণ ৰাজনৈতিকভাৱে আৰক্ষী প্ৰশাসনক ব্যৱহাৰ কৰি কৰ্মীসকলৰ ওপৰত বৰ্বৰ নিৰ্যাতন চলাই ছাত্ৰ সন্থাৰ কাৰ্যালয়ত অনধিকাৰ প্ৰৱেশ কৰাৰ লগতে শ্বহীদ বেদী গছকি পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ সন্থাৰ কৰ্মীসকলক জে’ললৈ প্ৰেৰণ কৰিছে৷ এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীৰ নাম সাঙোৰ খাই পৰিছে৷ তাৰ প্ৰতিবাদত আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ৩ান মৰ্মে আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সহযোগত ৰূপায়ণ কৰা বিক্ষোভ কাৰ্যসূচীৰ পৰা আমি ছাত্ৰ সন্থাই ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্বত থকা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীগৰাকীক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেত হয়তো সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী প্ৰাক্তন নেতা যিগৰাকী প্ৰাক্তন নেতাই একাধাৰে আছুৰ সাধাৰণ সম্পাদক, সভাপতি আৰু উপদেষ্টাৰ দৰে পদত অধিষ্ঠিত হৈছিল৷ তেওঁ নিজেই সভাপতি হৈ থকা অৱস্থাত দিছপুৰলৈ উলিওৱা প্ৰতিবাদী ৰেলীত আৰক্ষীৰ লাঠিৰ কোব খাব লগীয়া হৈছিল৷ গতিকে একেগৰাকী নেতাই নিজৰ অতীত ৰোমন্থন কৰিবলৈ নিশিকি কেৱল ক্ষমতাৰ লালসাত লালায়িত হৈ ছাত্ৰ সন্থাৰ কৰ্মীসকলক তিলমানো অনুকম্পা নোহোৱাকৈ প্ৰহাৰ কৰিবলৈ প্ৰশাসনযন্ত্ৰক ব্যৱহাৰ কৰিলে৷ যি কাৰ্য অতিকৈ নিন্দনীয়, গৰ্হিত কাৰ্য আৰু ই এক অক্ষমনীয় অপৰাধ৷ তাৰ লগতে মন্ত্ৰীগৰাকীলৈ ছাত্ৰ সন্থাৰ প্ৰশ্ন, ছাত্ৰ সন্থাৰ ইতিহাসত কেতিয়াও বিনাদোষত আৰু বিনাকাৰণত আৰক্ষীৰ লাঠিৰ কোব তলমূৰ কৰি খোৱাৰ নজিৰ নাই৷ গতিকে ভয়-ভীতি প্ৰদৰ্শন কৰি আৰক্ষী বা প্ৰশাসন যন্ত্ৰক ব্যৱহাৰ কৰি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কণ্ঠক যদি ৰোধ কৰিম বুলি ভাবিছে তেন্তে মন্ত্ৰীগৰাকীয়ে মূৰ্খৰ স্বৰ্গত বাস কৰিছে বুলি ব্যক্ত কৰে৷ লগতে ছাত্ৰ নেতাগৰাকীয়ে প্ৰতিবাদস্থলীৰ পৰা অসম চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীক বিনাকাৰণত, বিনাদোষত গ্ৰেপ্তাৰ কৰা ছাত্ৰ সন্থাৰ কৰ্মীসকলক অনতিপলমে বিনাচৰ্তে মুকলি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণৰ লগতে সম্পূৰ্ণ ৰাজনৈতিকভাৱে ব্যৱহৃত হোৱা ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষকগৰাকীৰ ওপৰত শাস্তিমূলকভাৱে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here