Home যোৰহাট মূল্যবৃদ্ধি ৰোধৰ দাবীত যোৰহাটত আছুৰ অভিনৱ প্ৰতিবাদ

মূল্যবৃদ্ধি ৰোধৰ দাবীত যোৰহাটত আছুৰ অভিনৱ প্ৰতিবাদ

118
0

ষ্টাফ ৰিপৰ্টাৰ যোৰহাট ,২২ অক্টোবৰ :  খাদ্যবস্তু ,অত্যাৱশ্যকীয় সামগ্ৰী , পেট্ৰ’ল , ডিজেল , ৰন্ধন গেছকে ধৰি ইন্ধনজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত আৰু মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে আজি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট নগৰত এক বিশাল সত্যাগ্ৰহ কাৰ্যসূচী অভিনৱ পন্থাৰে ৰূপায়ণ কৰে । গৰুগাড়ী , ঠেলা , মটৰ চাইকেল আৰু গাড়ী ঠেলি নি ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীটোত ছাত্ৰ সন্থাৰ প্ৰায় পাঁচশতাধিক ছাত্ৰকর্মীয়ে ‘অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক ‘ , ‘ খাদ্যবস্তুৰ মূল্যবৃদ্ধি ৰোধ কৰক ‘ , ‘ ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰক ‘ , ‘ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা অকৰ্মণ্য কেন্দ্ৰীয় চৰকাৰ হায় হায় ‘ , ‘ বিজেপি মূর্দাবাদ ‘ , ‘ ভাল দিনৰ সপোন দেখুওৱা প্ৰতাৰক নৰেন্দ্ৰ মোডী হুঁচিয়াৰ  ‘ ইত্যাদি শ্ল’গানেৰে যোৰহাট ষ্টেডিয়ামৰ পৰা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখলৈ ওলোৱা প্ৰতিবাদী শোভাযাত্ৰাটোৰ জৰিয়তে আকাশ-বতাহ কঁপাই তোলে । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ডে কয় , ভাল দিনৰ সপোন দেখুৱাই ক্ষমতালৈ অহা নৰেন্দ্ৰ মোডী ডাঙৰীয়াই প্ৰকৃতাৰ্থত আজিলৈকে দেশৰ নাগৰিকক ভাল দিন দেখুওৱাব নোৱাৰিলে । অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু ৰন্ধন গেছৰ আকাশলংঘী মূল্যবৃদ্ধিৰে জনসাধাৰণক বাৰুকৈয়ে ৰামটাঙোন সোধাইছে ।সাধাৰণ জনতাক কোঙা কৰি পেলোৱা এই মূল্যবৃদ্ধি ৰোধৰ  ক্ষেত্ৰত চৰকাৰৰ ভূমিকা অত্যন্ত পুতৌজনক । কেৱল পুঁজিপতিৰ স্বাৰ্থক চিন্তা কৰা চৰকাৰখনে সাধাৰণ জনতাক বাৰুকৈয়ে জ্বলা-কলা খোৱাইছে । প্ৰতিবাদস্থলীত উপস্থিত থাকি সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক দীপ দত্তই কয় , লকডাউনৰ জৰিয়তে ইতিমধ্যে সমগ্ৰ দেশৰে অৰ্থনীতি ভাঙি টচ-নচ হ’বলগীয়া হৈছে , তাৰপাছতো খাটি খোৱা মানুহৰ কথা চিন্তা নকৰি নিতৌ অত্যাৱশ্যকীয় সামগ্রী,  ৰন্ধনগেছ আৰু ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি কৰি পুঁজিপতিক সন্তুষ্ট কৰাত চৰকাৰখন উঠি-পৰি লাগিছে । সেয়েহে আজি অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ ছাত্ৰ সন্থা বাধ্য হৈছে । চৰকাৰখন দেশৰ নাগৰিকৰ প্ৰতি তিলমানো যদি শ্ৰদ্ধাশীল হয় তেন্তে অনাগত সময়ত মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব লাগে । ছাত্ৰনেতাদ্বয়ে লগতে কয় , ৰাইজৰ চিন্তাত নিজকে মগ্ন ৰখা বুলি সততে জাহিৰ কৰি ফুৰা ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনেও কেন্দ্ৰীয় চৰকাৰক এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত হেঁচা প্ৰদান কৰিব লাগে । ৰাইজৰ ধনৰ শৰাধ কৰি কেৱল উপ-নির্বাচনত কথাৰ ফুলজাৰি মাৰি উন্নয়নৰ ভুৱা প্ৰতিচ্ছবি প্ৰদৰ্শন কৰাতকৈ কামৰ জৰিয়তে মূল্যবৃদ্ধি ৰোধ কৰি জনসাধাৰণক সকাহ প্ৰদান কৰিবলৈ ছাত্ৰনেতাদ্বয়ে আহ্বান জনায় । প্ৰতিবাদী কাৰ্যসূচীটোত জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰাজীৱ বৰাকে প্ৰমুখ্য কৰি জিলা ছাত্ৰ সন্থা আৰু মহকুমা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে অংশগ্ৰহণ কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here