মানকাচৰ,২৫ ডিচেম্বৰ: আজি ভাৰতবৰ্ষৰ প্ৰয়াত প্ৰধান মন্ত্ৰী, ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ ৯৭তম জন্ম–জয়ন্তী। সেই উপলক্ষে আজিৰ দিনটো সমগ্ৰ দেশতে ‘সুশাসন দিৱস ৰূপে উদযাপন কৰিছে বিজেপিয়ে। সেই কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি আজি হাটশিঙিমাৰীতো প্ৰয়াত প্ৰধানমন্ত্ৰীগৰাকী শ্ৰদ্ধাৰে স্মৰণ কৰিবলৈ বিজেপিৰ উদ্যোগত আয়োজিত হৈছে বিশেষ কাৰ্যসূচী। সেই কাৰ্যসূচীৰ অংগ ৰূপে আজি হাটশিঙিমাৰীৰ বিজেপিৰ জিলা কাৰ্যালয়ত প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছত বিজেপিৰ জিলা কাৰ্যকৰ্তা আৰু কৰ্মীসকলে উলিয়ায় এক বিশাল মটৰ চাইকেল ৰেলি। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ ডেৰ শতাধিক সদস্যই মটৰ চাইকেলেৰে হাটশিঙিমাৰী মহাবিদ্যালয় খেল পথাৰৰ পৰা বাইক ৰেলী উলিয়ায়। উক্ত বাইক ৰেলীৰ শুভ উদ্ধোধন কৰে জিলা খনৰ যুব মৰ্চাৰ প্ৰভাৰীৰ দায়িত্বত থকা গনেশ দাস আৰু শুভ উদ্বোধন অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ জিলা সভাপতি অধীৰ চন্দ্ৰ দাসৰ লগতে প্ৰাক্তন সভাপতি আবু নছিৰ মোল্লাই। শুভ উদ্বোধন অনুষ্ঠানত বিজেপিৰ প্ৰাক্তন সভাপতি আবু নাছিৰ মোল্লাই বাইক চালক সকলক সতৰ্কতাৰ বাইক চলাবলৈ পৰামৰ্শ দিয়াৰ লগতে প্ৰয়াত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ আদৰ্শৰে আগবাঢ়িব লাগিব বুলি উল্লেখ কৰি বাজপেয়ীৰ সু-শাসন,ৰাজনৈতিক দৰ্শন সকলোৱে গ্ৰহণ কৰা উচিত বুলি সদৰী কৰে।