Home মতামত আতাউৰ ৰহমান: এক বিৰল ব্যক্তিত্ব

আতাউৰ ৰহমান: এক বিৰল ব্যক্তিত্ব

730
0

: এ এইচ খন্দকাৰ, অ. প্ৰ. সে. (অৱসৰপ্ৰাপ্ত) :

বৰপেটা জিলাৰ সৰভোগৰ ওচৰত জামাদাৰ বড়ী এখন গাঁও, এই গাঁওখনতেই ১৯১৯ চনত আতাউৰ ৰহমান চাহাবৰ জন্ম হয়। পিতৃৰ নাম এবাৰত আলী সৰকাৰ আৰু মাতৃ ছাকিনা খাতুন। সৰুৰে পৰা তেওঁ স্বাস্থ্যৱান, মননশীল আৰু ধীৰ-গম্ভীৰ চাল-চলনৰ আছিল। ১৯২৮ চনত সুখ্যাতিৰে প্ৰতিযোগিতামূলক বৃত্তিসহ জামাদাৰ বড়ীৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ বৰপেটা চৰকাৰী উচ্চ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰে। স্কুলীয়া জীৱনতে তেওঁ লিখা-পঢ়া, বক্তৃতা, তৰ্ক প্ৰতিযোগিতা, ৰচনা পাঠ আদিত অংশগ্ৰহণ কৰিছিল আৰু এইক্ষেত্ৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। বৰপেটা চৰকাৰী উচ্চ বিদ্যালয়ত প্ৰথমখন ছাত্ৰ আলোচনী ‘আমি’ৰ সম্পাদনা কৰিছিল। ১৯৩৭ চনত তেওঁ অসমীয়া আৰু ফাৰ্চী ভাষা দুয়োটা বিষয়ত লেটাৰসহ সুখ্যাতিৰে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৪১ চনত গুৱাহাটীৰ কটন কলেজৰ পৰা ডিষ্টিংচনসহ বি এ পাছ কৰে আৰু পৰৱৰ্তী উচ্চ শিক্ষাৰ অৰ্থে আলিগড় বিশ্ববিদ্যালয়ত নামভৰ্তি কৰে। উক্ত বিশ্ববিদ্যালয়ত তেওঁ ইতিহাস আৰু আইন বিষয়ত একেলগে অধ্যয়ন কৰে। তেখেত ১৯৪৩ চনত ইতিহাস বিষয়ত সুখ্যাতিৰে স্নাতকোত্তৰ আৰু আইনৰ পৰীক্ষাত প্ৰথমস্থান লাভ কৰি উত্তীৰ্ণ হয়। এইখিনিতে এটা কথা উল্লেখনীয় যে অধ্যয়নোৰাগী ৰহমান চাহাবে তেওঁৰ ছাত্ৰ জীৱনৰ প্ৰতিটো শ্ৰেণীত পাঠ কৰা কিতাপসমূহ সজতনেৰে সাঁচি ৰাখিছিল। বিশ্ববিদ্যালয়ৰ শিক্ষাৰ অন্তত সেই সকলো পাঠ্য-পুস্তক নিজ জন্ম গাঁও জামাদাৰ বড়ীলৈ লৈ যায় আৰু তাত নিজ গৃহত এটা পুথিভঁৰাল স্থাপন কৰি সেই কিতাপসমূহ তাত মজুত কৰিছিল। দুৰ্ভাগ্যৰ কথা ১৯৫০ চনৰ সাম্প্ৰদায়িক অশান্তিৰ সময়ত দুৰ্বৃত্তই তেওঁলোকৰ বাসগৃহ জ্বলাই দিয়াত পুথিভঁৰাল আৰু তাত থকা পুস্তকসমূহ পুৰি নষ্ট হয়।

                অধ্যয়নশীল আৰু শিক্ষাব্ৰতী আতোৱাৰ ৰহমান চাহাবে ১৯৪৩-৪৫ চনৰ কালছোৱাত  কটন কলেজত প্ৰবক্তা হিচাপে কাম কৰে। তেখেতৰ পাণ্ডিত্যৰ বাবে বহুতেই তেওঁক বৰপেটাৰ ‘দ্বিতীয় বাণীকান্ত’ বুলি আখ্যা দিয়ে। ১৯৪৪ চনত তেওঁ বৰপেটাবাসীৰ আহ্বানমৰ্মে আৰু সমাজ সেৱাৰ ইচ্ছাৰে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপে যোগদান কৰে আৰু সমান্তৰালভাৱে বৰপেটা আদালতত ওকালতি আৰম্ভ কৰে। তেখেতে মহেন্দ্ৰমোহন চৌধুৰী, অক্ষয় কুমাৰ দাস আৰু উপেন্দ্ৰ দাসদেৱৰ সহযোগত ১৯৪৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰি এগৰাকী নিষ্ঠাৱান কংগ্ৰেছ কৰ্মী আৰু সামাজিক কামত মৃত্যুৰ আগলৈকে উচৰ্গা কৰে।

                তেখেতে কৰ্মজীৱনৰ পাতনিতে ১৯৪৭ চনৰ ১৭ এপ্ৰিল তাৰিখে বঙাইগাঁৱৰ মৌলবী মখলেছুৰ ৰহমান চাহাবৰ ১ম কন্যা নূৰমহল মনোৱাৰা বেগমৰ লগত বিবাহপাশত আবদ্ধ হয়। তেওঁলোকৰ যুগ্মজীৱনত দুজনী কন্যা আৰু তিনিজন পুত্ৰ সন্তান লাভ কৰে। কিন্তু ২য় পুত্ৰ মছিউৰ ৰহমানৰ অতি কম বয়সতে অকাল মৃত্যু হয়। পাৰিবাৰিক জীৱনত তেওঁ মিতব্যয়ী আৰু অনাড়ÿম্বৰ আছিল। বৰপেটা গান্ধী নগৰত প্ৰায় ৬০ বছৰ পূৰ্বে সাধাৰণ ঘৰ সাজি বসবাস আৰম্ভ কৰিছিল।

                ১৯৪৯ চনত আতাউৰ ৰহমান চাহাব কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে উপ-নিৰ্বাচনত জয়ী হৈ বিধানসভাৰ সদস্য হয়। কিন্তু ১৯৫২ চনত সেই সময়ৰ তাৰাবাড়ি সমষ্টিত কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী হিচাপে পাহাৰ খান নামৰ ব্যক্তিৰ লগত পৰাজয় হয়। ১৯৫৫-৫৭ চনৰ কালছোৱাত তেখেত বৰপেটা লোকেল বডীৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে। ১৯৪৭ চনৰ নিৰ্বাচনত সৰভোগ সমষ্টিত প্ৰতিনিধিত্ব কৰি পৰাজিত হয়। নিৰ্বাচনী যুঁজত তেওঁৰ ঘতীয়া প্ৰতিশ্ৰুতি দিয়া নাছিল, বৰং অপ্ৰিয় হলেও তেওঁ খোলাখুলিকৈ ৰাইজক কৈছিল। নিৰ্বাচনী প্ৰচাৰত আৱেগক প্ৰশ্ৰয় দি উচটনিমূলক কথা কেতিয়াও কোৱা নাছিল। ফলত সাধাৰণ ভোটাৰসকলক আকৰ্ষণ কৰাত ব্যৰ্থ হৈছিল আৰু পৰৱৰ্তী সময়ত সত্যৰ উপলব্ধি কৰি কৰি আতাউৰ ৰহমান চাহাবে আক্ষেপ প্ৰদৰ্শন কৰিছিল।

                ১৯৫৯-৬৩ কালছোৱাত ৰহমান চাহাবে মন্দিয়াৰ আঞ্চলিক পঞ্চায়তৰ সভাপতি হিচাপে ২ বছৰ আৰু বৰপেটা মহকুমা পৰিষদৰ প্ৰথমজন সভাপতি হিচাপে ৩ বছৰ কাৰ্যনিৰ্বাহ কৰিছিল।

                আতাউৰ ৰহমান চাহাবে ১৯৬৭ চনত জনীয়া সমষ্টিৰ পৰা সৰ্বাধিক ভোট পাই বিধানসভালৈ নিৰ্বাচিত হয়। তেখেত ১৯৬৭-৭১ সময়ছোৱাত অসম বিধানসভাত উপাধ্যক্ষ হিচাপে মনোনীত হয়। ১৯৭১-৭২ চনত তেখেতে মুখ্যমন্ত্ৰী মহেন্দ্ৰমোহন চৌধুৰীৰ কেবিনেটত কেবিনেট মন্ত্ৰী হিচাপে অসমৰ কৃষি, পঞ্চায়ত, সাংসদীয় পৰিক্ৰমা আৰু পশুপালন তথা পশু চিকিৎসা বিভাগৰ দায়িত্ব গ্ৰহণ কৰি জনসেৱা আগবঢ়ায়।

                আজীৱন সংগ্ৰামী আৰু গান্ধীবাদী নেতা মহেন্দ্ৰমোহন চৌধুৰীদেৱৰ অন্যতম সহযোদ্ধা হিচাপে জননেতা আতাউৰ ৰহমান চাহাবে নামনি অসম তথা বৰপেটাবাসীৰ কল্যাণৰ হকে মৃত্যুলৈকে কাম কৰি গৈছিল।

                অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু গোটৰ সভাপতি হিচাপে অসমৰ ঐক্য আৰু সংহতিৰ জৰিয়তে সংখ্যালঘু শ্ৰেণী, ন-অসমীয়া সমাজ আৰু নিষ্পেষিত চৰ-চাপৰিবাসীৰ সৰ্বাংগীণ কল্যাণৰ হকে তথা অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে ব্যৱস্থা লৈছিল। তাৰেই ফলত ১৯৮৪ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হতুৱাই অসমৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সময়ত ‘অসম চৰ উন্নয়ন কৰ্তৃপক্ষ’ৰ ভেটি স্থাপন হয়। চিন্তানায়ক সমাজদৰদী এইগৰাকী সুপণ্ডিত তথা সু-লেখক, জননেতা আতাউৰ ৰহমান চাহাবৰ ১৯৮২ চনৰ ৫ মে’ত ইন্তেকাল হয়।

                তেওঁ অতিশয় দূৰদৰ্শী চিন্তাৰ তথা উচ্চ পৰ্যায়ৰ আছিল। যাৰ বাবে কেতিয়াবা সমাজে তেওঁক ভুল বুজিছিল। এইগৰাকী প্ৰগতিশীল, চিন্তাশীল বুদ্ধিজীৱী ব্যক্তি হিচাপে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিভিন্ন সভাত তেওঁৰ উচ্চ পৰ্যায়ৰ ভাষণ শুনি প্ৰয়াত মুখ্যমন্ত্ৰী বিমলাপ্ৰসাদ চলিহাই মহেন্দ্ৰমোহন চৌধুৰীক সুধিছিল, এনেকুৱা বিচক্ষণ ব্যক্তি নিৰ্বাচনত পাহাৰ খানৰ লগত হাৰিল কিয়? উত্তৰত মহেন্দ্ৰমোহন চৌধুৰীয়ে কৈছিল, ৰাইজে ভোট দিয়া নাই, সেইবাবে হাৰিল। নতুন বিধায়কসকলক তেওঁ প্ৰায়ে কৈছিল,‘বিধায়কসকল ৰাইজৰ জিম্মাদাৰ। তোমালোকে সদনৰ মজিয়া আৰু বিধানসভাৰ গ্ৰন্থাগাৰৰ পূৰ্ণ ব্যৱহাৰ কৰিবলৈ যথেষ্ট পৰিশ্ৰম কৰিবা।’

                 ৰাজনীতিৰ লগতে তেওঁ সমাজত প্ৰচলিত কু-সংস্কাৰ আৰু কিছুমান কু-প্ৰথাৰ বিষয়ে সভা-সমিতিসমূহত ৰাইজক অতি সৰল ভাষাত বুজাই দিছিল। সম্প্ৰতি যুৱ প্ৰজন্মৰ বুজনসংখ্যককে জনগোষ্ঠীয় পৰিচয়ৰ বাবে এক অভিযান আৰম্ভ কৰিছে। আতাউৰ ৰহমান চাহাবে এই বিষয়ে বহু পূৰ্বেই চিন্তা-চৰ্চা কৰিছিল আৰু বংগ মূলত ধৰ্মীয় সংখ্যালঘুসকলৰ জনগোষ্ঠীয় পৰিচয় ন-অসমীয়া হ’ব লাগে বুলি অভিমত দিছিল। এইক্ষেত্ৰত সাহিত্যিক তথা অধুনালুপ্ত আজান আলোচনীৰ সম্পাদক প্ৰয়াত ইলিম উদ্দিন দেৱানকে আদি কৰি বহু শিক্ষিত লোকে তেওঁৰ লগত সহমত প্ৰকাশ কৰিছিল। আমাৰ যুৱচামৰ একাংশই  এই বিষয়ত তেওঁৰ লগত সহমত প্ৰকাশ নকৰি তেওঁৰ লগত আলোচনাতো বহিছিল। তেওঁৰ নিচিনা পণ্ডিতপ্ৰবৰ জ্যেষ্ঠ নেতাজনে  ধৈৰ্যৰে আমাৰ কথাবোৰ শুনি তেওঁৰ যুক্তিসমূহ আমাক বুজাবলৈ যত্ন কৰিছিল।

                  এবাৰ কথা প্ৰসংগত ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে চৰকাৰী চাকৰিকে আদি কৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আদিত ৩০ শতাংশ সংৰক্ষণৰ দাবী উত্থাপনো কৰিছিল। তেওঁৰ চিন্তাধাৰা আছিল সংৰক্ষণ সমাধান নহয়। আমাক বুজাইছিল নিজকে উপযুক্ত হিচাপে গঢ় দি প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সফল হৈ অধিক চাকৰি লাভ কৰাৰ মানসিকতা গঢ়িবৰ বাবে সামাজিক সজাগতা সৃষ্টিৰ বাবে কাম নকৰা কিয়? তেওঁ আৰু কৈছিল, সংৰক্ষণৰ ওপৰত ভৰসা কৰাৰ অৰ্থ পেঙৰ সহায় লৈ খোজ কঢ়া। 

                    বৰপেটাৰ পৰা জনীয়া-লেংটিচিঙা হৈ অভয়াপুৰীলৈ পথ যোগাযোগ সুচল হোৱাত এই অঞ্চলৰ সমূহ জনগণ যথেষ্ট পৰিমাণে উপকৃত হৈছে। যাতায়াতত যথেষ্ট সময় ৰাহি হৈছে। হয়তো আজিৰ প্ৰজন্মই নাজানিব পাৰে, কিন্তু আমি জানো যে অভয়াপুৰীৰ পৰা বৰপেটালৈ ৰাস্তা নিৰ্মাণৰ বাবে প্ৰয়াত ৰাষ্ট্ৰপতি  ফখৰুদ্দিন আলী আহমেদে চিন্তা কৰি দিল্লীৰ পৰা সেই সময়ৰ বৰপেটা সমষ্টিৰ সাংসদ প্ৰয়াত ইছমাইল হুছেইন খানৰ জৰিয়তে আতাউৰ ৰহমান চাহাবক স্মাৰক-পত্ৰ প্ৰস্তুতিৰ দায়িত্ব অৰ্পণ কৰিছিল। উল্লেখ্য যে জিলাখনত সেই সময়ত আতাউৰ ৰহমান চাহাব Dictionary অৰ্থাৎ অভিধান হিচাপে জনাজাত আছিল। ৰহমান চাহাবে এক যুক্তিযুক্ত স্মাৰক-পত্ৰ প্ৰস্তুত কৰি ৰাষ্ট্ৰপতি ফখৰুদ্দিন চাহাবলৈ প্ৰেৰণ কৰে। সময়ত চৰকাৰে প্ৰাৰম্ভিক জৰীপৰ কামৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰে। কিন্তু বিধিৰ বিপাক, হঠাৎ ফখৰুদ্দিন চাহাবৰ ইন্তেকাল হয় আৰু জৰীপৰ কামো বন্ধ হয়। পিছলৈ আব্দুল খালেক চাহাবে (বৰ্তমান সাংসদ) তৰুণ গগৈৰ প্ৰথমটো কাৰ্যকালত মুখ্যমন্ত্ৰী আৰু কেন্দ্ৰীয় ভূতল পৰিবহণ মন্ত্ৰীলৈ অভয়াপুৰীৰ পৰা বৰপেটালৈ ৰাস্তা নিৰ্মাণ কৰি গুৱাহাটীলৈ যোগাযোগ উন্নত কৰিব লাগে বুলি এখন স্মাৰক-পত্ৰ দাখিল কৰিছিল।

                     উল্লেখ কৰা হৈছে যে তেওঁ (আতাউৰ ৰহমান) বৰপেটা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল। একেখন বিদ্যালয়ত আমাৰ মৰহুম পিতৃ আৰু সাহিত্যিক ইছমাইল হুছেইন জ্যেষ্ঠৰ পিতৃ মৰহুম আব্দুল হামিদ তেখেতৰ সহপাঠী আছিল। আতাউৰ ৰহমান চাহাব ছাত্ৰ জীৱনৰে পৰা সাহিত্যৰ প্ৰতি আগ্ৰহী আছিল। পিছৰ জীৱনত তেওঁ ভাৰত ভ্ৰমিলো, স্বভাৱ কবিতা, ৰহিম-ৰূপভানৰ সাধু, মোৰ দৃষ্টিত অসম আন্দোলন আদি কিতাপ ৰচনা কৰাৰ উপৰি কিছু পৰিমাণে চিন্তাগধুৰ প্ৰবন্ধ আদিও ৰচনা কৰিছিল।

                      আমাৰ পিতৃৰ সহপাঠী তথা কৈশোৰৰ সময়ৰ পৰা বন্ধু হিচাপে আৰু আমাৰ দুয়ো পৰিয়ালৰ মাজত ঘনিষ্ঠতা থকা সূত্ৰে বহু কথাই ক’ব পাৰি। এটা গুণৰ কথাৰে আমাৰ কথা সামৰিম। স্বভাৱত স্বল্পভাষী আছিল যদিও সকলো পিনৰ পৰা তেওঁ যোগ্য, জ্যেষ্ঠ তথা পাণ্ডিত্যসম্পন্ন ব্যক্তি হোৱা সত্ত্বেও সময়ত আমাৰ লগত বা কনিষ্ঠজনৰ লগত মত বিনিময় কৰাত ইতস্ততঃ বোধ কৰা নাছিল। বংগীয় মূলৰ ৰাজনৈতিক নেতাসকলৰ মাজত মেধাসম্পন্ন, দূৰদৰ্শী,  আধুনিক চিন্তাধাৰসম্পন্ন, শিক্ষাবিদ তথা ধৰ্মনিৰপেক্ষ আদৰ্শত বিশ্বাসী নেতাজনক সমাজে তেওঁৰ  প্ৰাপ্য সন্মান দিব লগা ধৰণে দিয়া নাই। সেয়েহে তেওঁৰ জন্ম শতবাৰ্ষিকী পালনৰ আয়োজকমণ্ডলীলৈ কৃতজ্ঞতা জনাইছোঁ। জনীয়া সমষ্টিৰ বামুণটাৰী নামৰ ঠাইত তেওঁৰ জন্ম শতবাৰ্ষিকী পালনৰ প্ৰেক্ষাপটত  এই ক্ষুদ্ৰ লেখাৰ জৰিয়তে তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধাৰ্ঘ্য জ্ঞাপন কৰিছোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here