Home মতামত এতিয়াও স্মৃতিৰ পটত ভাহে আতাউৰ ৰহমান মানুহজন

এতিয়াও স্মৃতিৰ পটত ভাহে আতাউৰ ৰহমান মানুহজন

59
0

:হাইদৰ হুছেইন:

চুটি-চাপৰ, মিঠাবৰণীয়া, শুধ বগা খদ্দৰৰ পাইজামা-পাঞ্জাবী চোলা পৰিহিত মানুহজনৰ নাম মই বহুদিনৰ আগতে শুনিছিলোঁ। কিন্তু মানুহজনক প্ৰথম লগ পাইছিলোঁ ১৯৭৬ চনৰ আগভাগত। তেতিয়া দেশত জৰুৰীকালীন অৱস্থা চলি আছিল। সেই সময়ত কংগ্ৰেছৰ জয়জয় ময়ময় অৱস্থা। যিসকলে জৰুৰীকালীন অৱস্থাৰ বিৰোধ কৰিছিল, কংগ্ৰেছৰ ভিতৰত গা কৰি উঠা স্বৈৰাচাৰী প্ৰৱণতা আৰু ইন্দিৰা-সঞ্জয় প্ৰশস্তিয়েই সাধাৰণ কংগ্ৰেছী নেতা-কৰ্মীৰ একমাত্ৰ ধ্যান, জ্ঞান আৰু ব্ৰত হৈ পৰা বাবে তীব্ৰ কংগ্ৰেছবিৰোধী হৈ পৰিছিল— সেইসকলৰ বৃহৎ সংখ্যকেই নিৰ্লিপ্ত হৈ পৰিছিল। দেশৰ অসংখ্য কংগ্ৰেছবিৰোধী নেতা তেতিয়া কাৰাবন্দী। অসম কংগ্ৰেছৰ আগশাৰীৰ কেইবাজনো নেতাক পৰিস্থিতিয়ে সৰ্বশৰীৰত কঁপনি উঠিবলৈ আৰম্ভ কৰে। দ্বিধা-দ্বন্দ্বৰ দ্বাৰা ভাৰাক্ৰান্ত আমাৰ বাবে সেই অস্থিৰ সময়ছোৱাতে আদৰ্শ আৰু স্বপ্নৰ ফেৰি কৰিবলৈ এগৰাকী প্ৰবীণ ৰাজনীতিক কিদৰে মোৰ প্ৰেৰণাৰ উৎস হৈ পৰিছিল— সেই কথা মই আজিও ভাবিলে আচৰিত হওঁ। সেই ৰাজনীতিকজনেই আছিল— আতাউৰ ৰহমান। ৰহমান চাহাব অসম বিধানসভাৰ উপাধ্যক্ষ আছিল, চৌধুৰী মন্ত্ৰীসভাৰ কৃষিমন্ত্ৰীও আছিল। মই লগ পাওঁতে তেখেত বিধায়ক আছিল। তেখেতৰ লগত মোৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক সম্পৰ্ক থকাৰ পিছতো আমাৰ মাজত ৰাজনীতিৰ বিষয়ে আলোচনা প্ৰায়ে নহৈছিল, আলোচনা হৈছিল— সাহিত্যৰ কথা, সমাজৰ কথা, মানুহৰ কথা। মানুহজনে ৰাজনীতি কৰিছিল, সিও কংগ্ৰেছ ৰাজনীতি অথচ আচল মানুহজনক ৰাজনীতিৰ মাজত বিলীন কৰি দিবলৈ যেন টান পাইছিল। টান পোৱাৰে কথাও, কাৰণ তেখেত একাধাৰে আছিল— সাহিত্যিক, চিন্তাবিদ, শিক্ষাবিদ আৰু একপ্ৰকাৰ ভৱিষ্যদ্ৰষ্টাও।

চিনাকি হোৱাৰ কিছুদিনৰ পিছতে ৰহমান চাহাবে মোক এদিন সুধিছিল—‘তোমাৰ জীৱনৰ উদ্দেশ্য কি? স্পষ্ট উত্তৰ দিবলৈ সেই সময়ত মোৰ অসুবিধা হৈছিল। নিজৰ ভৱিষ্যৎ সম্পৰ্কে মই নিজেই দ্বন্দ্বত ভুগিছিলোঁ। তেখেতে মোক ৰাজনীতিতকৈ লেখা-মেলা কৰিবলৈকেহে অধিক উৎসাহ দিছিল। তেখেতৰ পৰামৰ্শ মানি মই লেখা-মেলাত মনোনিৱেশ কৰিব নোৱাৰিলোঁ। এদিন সক্ৰিয় ৰাজনীতিৰ পৰা মই আঁতৰি আহিছিলোঁ। তেখেতে তেতিয়াই সেই সন্দেহ কৰিছিল। ইংৰাজী, অসমীয়া আৰু বঙালী তিনিওটা ভাষাতে সমানে দক্ষ আছিল  আতাউৰ ৰহমান চাহাব। মই জীৱনত সৰ্বভাৰতীয় পৰ্যায়ত খ্যাতি লাভ কৰা অসংখ্য ৰাজনীতিকৰ লগত পৰিচিত হোৱাৰ লুযোগ লাভ কৰিছিলোঁ। দেশ-বিদেশৰ ৰাজনৈতিক উত্থান-পতনৰ ইতিহাস নখদৰ্পণত থকা, প্ৰকৃতাৰ্থত শিক্ষিত আতাউৰ ৰহমান সেইসকল বৰেণ্য ৰাজনীতিকৰ সমকক্ষ হোৱাৰ যোগ্যতাৰ অধিকাৰী আছিল। ইংৰাজী, অসমীয়া তেখেতে লিখিছিল ভাল, কিন্তু তেখেতে যে সমান দক্ষতাৰে ইংৰাজীত বক্তৃতাও দিব পাৰিছিল, সেই কথাৰ উমান পাইছিলোঁ মুম্বাই, কোচিন আদি ঠাইত একেলগে যোগদান কৰা কিছুমান সভা-সমিতিতহে। ইমান গভীৰ প্ৰত্যয়েৰে তেখেতে নিজৰ মত আৰু চিন্তা শুদ্ধ আৰু সাৱলীলভাষাৰে ব্যক্ত কৰিব পাৰিছিল তেনে গুণ খুব কমসংখ্যক ৰাজনীতিকৰহে আছিল। তাৰ পিছতো কংগ্ৰেছ ৰাজনীতিত ৰহমান অবিসম্বাদী হৈ উঠিব পৰা নাছিল। তেখেতে সংসদীয় ৰাজনীতি কৰা দিনত অসমৰ সংখ্যালঘু ৰাজনীতিক ফখৰুদ্দিন আলী আহমেদ আৰু মইনুল হক চৌধুৰী চাহাবৰ একপ্ৰকাৰ পকেটত সোমাই পৰিছিল বুলিয়ে ক’ব পাৰি। অধ্যায়নপুষ্ট মন, পৰিমাৰ্জিত ব্যক্তিত্ব আৰু নিজে যিখন সমাজৰ মাজত ডাঙৰ-দীঘল হৈছিল সেইখন সমাজক পাহৰিব নোৱাৰা ৰহমানে নিজে অকলে ক্ষমতাৰ ডেউকাত ভিৰ দি ওপৰলৈ উঠাৰ কথা কোনোদিনে ভবা নাছিল। চাৰিওফালৰ নিপীড়িত সমাজখনকো লগতে আগলৈ নিয়াৰ কথাও তেখেতে ভাবিছিল। মিছা কথা, ভুৱা প্ৰতিশ্ৰুতি আৰু কৌশলী ৰাজনীতিৰে জনসাধাৰণৰ চকুত চমক সৃষ্টি কৰা ৰাজনীতিৰ লগত তেখেত অভ্যস্ত নাছিল। বিবেক-বুদ্ধিৰ নিৰ্দেশ মানি চলি ভালপোৱা আতাউৰ ৰহমানে তোষামোদ কৰাৰ পৰা বিৰত আছিল। তোষামোদ আৰু স্বৈৰাচাৰবিৰোধী ৰহমানে সেয়ে ’৭৮ৰ কংগ্ৰেছ বিভাজনৰ পিছত কংগ্ৰেছ (এছ)ত ৰৈ গৈছিল। সঞ্জয় গান্ধী আৰু ইন্দি গান্ধীৰ স্বৈৰাচাৰী প্ৰৱণতাৰ বিৰুদ্ধে তেখেতে এখন পুস্তিকা প্ৰণয়ন কৰি মৰহুম ওমৰুদ্দিন চাহাব, ইদ্ৰিছ আলী আৰু মৌলানা আব্দুল জেলিল চাহাবৰ স্বাক্ষৰ লৈ বাছকান্দীৰ পীৰ মৌঃ আহমদ আলী চাহাবৰ অনুমোদন লৈ প্ৰকাশ কৰি কংগ্ৰেছীসকলৰ মাজত বিতৰণ কৰিছিল। সাধাৰণ সংখ্যালঘু ৰাইজক প্ৰতিষ্ঠিত ৰাজনৈতিক দলসমূহৰ পিছে পিছে ডলাৰ বগৰীৰ দৰে বাগৰি ফুৰা আৰু সেই অনগ্ৰসৰ জনসমষ্টিটোক ভোট-পণ্যৰ দৰে ব্যৱহাৰ কৰাৰো তেখেত বিৰোধী আছিল। যোগ্যতাৰ তুলনাত তথাকথিত ৰাজনৈতিক কৃতকাৰ্যত তেখেতে লাভ কৰিছিল কম।

আতাউৰ ৰহমান আছিল প্ৰচাৰবিমুখ। বৰপেটাৰ ভিতৰুৱা সংখ্যালঘু অভিবাসী পৰিয়ালত এই ক্ষণজন্মা পুৰুষ এজনৰ যে বিগত শতিকাৰ দ্বিতীয়টো দশকতে জন্ম হৈছিল ভাবিলে আচৰিত হ’ব লাগে। তেখেতৰ প্ৰধান দোষ আছিল তেখেতৰ সমসাময়িক সংখ্যালঘু সমাজখনতকৈ তেখেতৰ চিন্তা-ভাবনা বহু আগবঢ়া আছিল সেইটো। দেশ বিভাজনৰ তিক্ততাই সৃষ্টি কৰা সাম্প্ৰদায়িক আৰু ধৰ্মীয় অসূয়া, অবিশ্বাসক আৱেগলৈ ৰূপান্তৰিত কৰাত সিদ্ধহস্ত ৰাজনীতিকসকলে এইজনগোষ্ঠীটোক ভোটভঁৰাল হিচাপে সদায় ব্যৱহাৰ কৰিবলৈ তেওঁলোকক অন্ধ আৰু আতংকগ্ৰস্ত কৰি ৰখাৰ পোষকতা কৰিছিল। ৰহমান সেই অৱহেলিত জনগোষ্ঠীটোৰবোধহয়। প্ৰথমগৰাকী বৌদ্বিক, শৈক্ষিক ক্ষেত্ৰত কালোত্তীৰ্ণ ব্যক্তি আছিল, যিগৰাকীয়ে আৱেগ নহয়, যুক্তিৰে আৰু ভৱিষ্যদৃষ্টিৰে সকলো কথা চিন্তা-ভাবনা কৰিছিল। আতাউৰ ৰহমান ধৰ্মমতত গোড়া নাছিল, কিন্তু ধৰ্মবিৰোধীও নাছিল। ধৰ্মৰ ক’লা চছ্‌মা পিন্ধাই অৱহেলিত সংখ্যালঘু জনগোষ্ঠীটোক অন্ধকাৰত ৰাখি যিসকল সংখ্যালঘু নেতাই ৰাজনীতি কৰিছিল, তেওঁলোকে ৰহমানক বিৰোধ কৰিছিল। সেই বিৰোধ ভয়ৰ পৰা সৃষ্টি হোৱা বুলি মই এতিয়াও ভাবোঁ। কাৰণ ৰহমান সৰ্বজন সমাদৃত হ’লে- এই জনগোষ্ঠীটোৱে সাহসেৰে আগবাঢ়ি আহি কেতিয়াবাই অসমৰ সামাজিক আৰু ৰাজহুৱা ক্ষেত্ৰত সফল বৰãনিৰে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিলেহেঁতেনহ্ল অসমৰ ধৰ্মীয় সংখ্যালঘুসকলৰ ভিতৰৰ সৰ্ববৃহৎ জনগোষ্ঠীটোৱে হ’ল — অভিবাসী মুছলমানসকল। বিদেশী, অনুপ্ৰৱেশকাৰী আদি শব্দই এই গোষ্ঠীটোক খেদি ফুৰিছিল। মৰহুম ফখৰুদ্দিন আলী আহমেদৰ দৰে ৰাজনীতিকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদ পৰ্যন্ত উধাইছিল। তেখেতৰ ৰাজনৈতিক উত্থান সহজ কৰি তুলিছিল বৰপেটাবাসী ৰাইজৰ পৃষ্ঠপোষকতাতহে। প্ৰচুৰ সম্পত্তিৰ অধিকাৰী আলী আহমেদে প্ৰচুৰ ক্ষমতাৰ অধিকাৰীও হৈছিল। বৰপেটাত তেখেতসকলৰ উন্নয়ন আৰু চাকৰি দানৰ ক্ষেত্ৰই ৰাজনৈতিক লাভালাভৰ হিচাপৰ সীমা কেতিয়াও অতিক্ৰম কৰা নাছিল। কঁচুপাতৰ পানীৰ দৰে অস্থিৰ আৰু অস্থায়ী ভাগ্যৰ দাস সংখ্যালঘু ৰাইজক ক্ষমতাইহে ৰক্ষা কৰিব পাৰিব, তেনে এটা ভাবেৰে মোহাচ্ছন্ন কৰি ৰখা বাবে আতাউৰ ৰহমানৰ দৰে ‘ভূমি-পুত্ৰ’ৰ উত্থান আৰু ৰাজনৈতিক ব্যক্তিত্বৰ বিকশ ঘটিব দিয়াৰ ক্ষেত্ৰত কংগ্ৰেছৰ শীৰ্ষতম নেতৃত্বই সদায় কাৰ্পণ্য কৰি আহিছিল। সেইবাবে অভিবাসী ধৰ্মীয় সংখ্যালঘু জনগোষ্ঠীটোৰ মাজত কিছুমান ৰাজনৈতিক এজেন্টে ৰহমানৰ বিৰুদ্ধে সততে অপপ্ৰচাৰ চলাই সফল হৈছিল। যিটো সময়ত আতাউৰ ৰহমানৰ দৰে ধীশক্তিৰ অধিকাৰী ব্যক্তিৰ মাজেৰে সংখ্যালঘুই নিজৰ প্ৰতিবিম্ব প্ৰত্যক্ষ কৰি আগবাঢ়িব লাগিছিল, সেইটো সময়ত তেখেতক ‘বন্ধু’ বুলি ভবাৰ সৌজন্য প্ৰদৰ্শন নকৰাৰ ঘটনা প্ৰত্যক্ষ কৰি আমি নিজেই মৰ্মাহত হৈছিলোঁ।

আতাউৰ ৰহমানে এখন সমৃদ্ধ, ঐক্যবদ্ধ আৰু একভাষী অসমৰ কল্পনা কৰিছিল। তেখেতে কে’বাখনো লেখত ল’বলগীয়া পুথি প্ৰণয়ন কৰি প্ৰকাশ কৰি উলিয়াইছিল। ‘অস্তিত্ব ৰক্ষাৰ’ আন্দোলনবিৰোধী স্থিতি ল’বলৈ সংখ্যালঘু ৰাইজক উচটনি দি ৰাজনীতি কৰিব খোজাসকলৰ পক্ষলৈ তেখেত গুচি যোৱা নাছিল। তেখেতে কৈছিল ‘এই ভাবে ৰাজনীতি হ’ব, কিন্তু মুছলমানসকলৰ সমস্যা কিন্তু সমাধান নহ’ব। সহঅৱস্থান আৰু উভয় ফৈদৰ অসমীয়াৰ মাজত সোমাই দিয়া অবিশ্বাসৰ বীজ উলিয়াই আনি চিৰদিনলৈ এই অসূয়াৰ অৱসান ঘটাব লাগিব।’ তাৰবাবে তেখেতে চেষ্টা কৰিছিল। গুৱাহাটীৰ বহুকেইজন আন্দোলনৰ তাত্ত্বিক নেতাক যুক্তিৰে বুজনি দিয়াৰ বাবে তেখেতে উদাৰ আৰু যুক্তিনিষ্ঠ মনলৈ আলোচনাত বহিছিল। বহুকেইখন আলোচনাত আমিও তেখেতৰ সংগী হৈছিেলাঁ। আমি তেখেতৰ লগত সংখ্যালঘু অধ্যুষিত দৰং, বৰপেটা, ধুবুৰী আৰু গোৱালপাৰা জিলাৰ বিস্তীৰ্ণ এলেকা ভ্ৰমণ কৰিছিলোঁ। এবাৰ লেংটিচিঙাৰ আৰক্ষীৰ গুলীত দুজন ব্যক্তিৰ মৃত্যুৰ পিছত উত্তেজিত ৰাইজৰ মুখামুখি হৈ তেখেতে অসমীয়াতে ভাষণ দিওঁতে ৰাইজৰ একাংশই ক্ষোভ আৰু ক্ৰোধত জ্বলিপকি অসমীয়াত নহয় বঙালীতে বক্তৃতা দিবলৈ আহবান জনাওঁতে ৰহমানে দুগুণ ক্ৰোধান্বিত হৈ কৈছিল- ‘তোমালোকে কাৰ উচটনিত এই ভুল কৰিব ওলাইছা ? ময়ো তোমালোকৰ মাজৰে এজন। আমি অসমীয়া। বঞ্চিত আৰু ষড়যন্ত্ৰৰ বলি হ’বলৈ ওলোৱা আমি এই দুৰ্যোগৰ দিনত উত্তেজিত হৈ ভুল কৰিলে নহ’ব, সাহসেৰে প্ৰতিৱেশীক সদ্ভাবেৰে বুজনি দি এদিন ষড়যন্ত্ৰকাৰীক এঘৰীয়া কৰাত আমি সফল হ’মেই।’ তেখেতে সেই সাহসী আৰু বুদ্ধিদীপ্ত যুঁজ চলাই থাকিবলৈ বৰ বেছিদিন বাচি নাথাকিল। আজিও সেই উত্তেজনাই সৃষ্টি কৰা ৰাজনীতি অব্যাহত আছে, পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে, কিন্তু সমস্যা সমাধান নহ’ল, বৰং জটিলহে হ’ল।

বৰপেটা জিলাৰ প্ৰায়þবোৰ শিক্ষানুষ্ঠান গঢ়াত তেখেতৰ অৱদান আছিল প্ৰচুৰ। মন্ত্ৰী আছিল, উপাধ্যক্ষ আছিল, বিধায়ক হৈছিল, অধ্যাপনা কৰিছিল, কিছুদিন বোধহয় ওকালতিও কৰিছিল, কংগ্ৰেছৰ প্ৰাদেশিক সভাপতি, সম্পাদকো হৈছিল। কিন্তু মৃত্যুৰ আগতে দৰিদ্ৰতাই ঘেৰি ধৰিছিল তেখেতক। গুৱাহাটীলৈ আহিলে শিখ মন্দিৰৰ ওচৰৰ মংগাৰামৰ বিস্কুটৰ দোকানৰ পৰা কঁটা বিস্কুট কিনি লৈ যায়। বৰপেটাৰ ঘৰলৈ গ’লে কঁটা বিস্কুট আৰু মুড়িৰে চাহ খাব দি প্ৰায়ে কৈছিল— ‘কি কৰিবা- গাই দুজনীৰ গাখীৰ অলপ বিক্ৰী কৰিয়ে চলি আছোঁ দিয়া। শৰৎ সিংহক কৈ অলপ মাননি দিয়াৰ ব্যৱস্থা কৰি দিবা নেকি? মোৰচোন লাজেই লাগে।’ এবাৰ হাৰ্টৰ অসুখত গুৱাহাটী মেডিকেল কলেজত চিকিৎসাধীন হৈ আছিল তেখেত। এদিন মোক ক’লে — ‘দুখনমান ৰুটি হ’লেই হৈ যায় মোৰ। তোমাৰ অসুবিধা হ’ব নেকি?’ তেতিয়া মোৰ এখন চাইকেল আছিল তাৰেই মই চিকিৎসালয়লৈ অহা-যোৱা কৰিছিলোঁ। অভাৱৰ কথা তেখেতে সকলোকে নকৈছিল। এবাৰ নে দুবাৰ গুৱাহাটীত তেখেত এশটকীয়া টানত পৰিছিল। কাকো ক’ব নোৱাৰাৰ কথাটো মোৰ লগত আলোচনা কৰিছিল। লেনদেনত তেখেত আছিল সাংঘাতিক নিয়মীয়া। এতিয়াৰ ৰাজনীতিৰ ‘তাউট’বোৰক দেখিলে ৰহমান চাহাবৰ কথা মনত পৰে। কি বিৰাট ব্যক্তিত্বৰ অধিকাৰী আছিল, বিদ্বান আছিল— অথচ পথচ্যুত নহৈছিল। অসম চৰকাৰৰ বহু শীৰ্ষ বিষয়াই তেখেতক ‘ছাৰ’ বুলি সম্বোধন কৰিছিল, অন্তৰৰ পৰা শ্ৰদ্ধাও কৰিছিল তেখেতক। তেখেতে কিবা অনুৰোধ কৰিলে— অনুৰোধ ৰক্ষাও কৰিছিল বিষয়াসকলে। কিন্তু সুবিধা। নলৈছিল। অবিচলভাবেই আদৰ্শক খামোচ মাৰি ধৰি জীৱন অতিবাহিত কৰিছিল তেখেতে।

গুৰু-গম্ভীৰ মানুহজনৰ মুখেৰে ফুচুৰি কথা ওলাইছিল প্ৰচুৰ। প্ৰায় গধূলি তেখেতৰ দিছপুৰৰ বিধায়ক হোষ্টেলত প্ৰয়াত সেই সময়ৰ মন্ত্ৰী বিজয় শৰ্মা, বিজনীৰ প্ৰয়াত বিধায়ক গোলোক পাটগিৰী বহি আড্ডা দিছিল। তেখেতসকলে ‘জিলাপী ক্লাব’ বুলি এটা ক্লাব গঠন কৰিছিল। বিধানসভাৰ মজিয়াত কোনোবাই জিলাপীৰ দৰে পাকলগা কথা ক’লে নাইবা টান শব্দ ব্যৱহাৰ কৰিলে ক্লাবৰ সদস্যসকলক চাহ খুৱাব লাগে। এদন আমাৰ উপস্থিতিতে ডাঃ ৰবীন গোস্বামীয়ে ‘চাকচিক্য’ শব্দটো ক’লে— বিজয় শৰ্মাই টুকি ল’লে আৰু তাকে লৈ হুলস্থূল— চাহ খুৱাব লাগে। তেখেতসকলে ৰাজনীতিক ব্যৱসায় হিচাপে কোনোদিনে কল্পনা কৰা নাছিল। ৰাজধানী শ্বিলঙত থাকোঁতে বন্ধু এজনে জালুকবাৰী থানাৰ পিছফালৰ পিতনিখনত তিনি হেজাৰ নে চাৰি হেজাৰ টকাত এডৰা মাটি কিনি দিছিল। ’৭২ চনৰ পিছত তেখেত বিধায়ক হৈ থাকোতে এদিন মোক ক’লে— ‘জালুকবাৰীৰ থানাৰ পিছফালে মোৰ মাটি আছিল, মাটিখিনি হেৰাল, বিচাৰি উলিয়াই এজন গ্ৰাহক উলিয়াই দিবানে? চলিব নোৱাৰা হৈছোঁ।’ তেখেতৰ মৃত্যুৰ পিছত কি হ’ল গম নেপাওঁ।

তোষামোদ কৰিব নোৱাৰিছিল, যিফালে ৰাইজ যায় সেইফালে দৌৰিব নোৱাৰিছিল, সুবিধা আৰু ক্ষমতাৰ স্বাৰ্থত প্ৰতিদিনে মোট সলাব নোৱাৰিছিল, অথচ ৰাজনীতি কৰিছিল— তেনে মানুহ অসমৰ অভিবাসী মুছলমানৰ মাজত এতিয়াও কিমানজন আছে সেই সম্পৰ্কে সন্দেহ আছে। আজি অভিবাসী মুছলমান সমাজত এচাম প্ৰগতিশীল তৰুণ ওলাইছে, যথেষ্টসংখ্যক চোকা বুদ্ধিৰ ছাত্ৰ ওলাইছে, চাকৰি-বাকৰিত অসংখ্য লোক প্ৰতিষ্ঠিত হৈছে, আতাউৰ ৰহমানৰ দিনত সিমানসংখ্যক। চিন্তা-ভাবনা কৰিব পৰা সাহসী আৰু হীনমন্যতা পৰিহাৰ কৰি চলিব পৰা লোক ওলোৱা নাছিল। গতিকে ৰহমানৰ চিন্তা-চৰ্চাই উদ্বেলিত কৰিব পৰা এচাম যোগ্য উত্তৰসূৰীৰ অভাৱ হয়তো আছিল। যাৰ বাবে উপৰুৱা কথা, চমৎকৃত কৰিব পৰা প্ৰতিশ্ৰুতি আৰু সদায় ভোটবেংক হিচাপে ব্যৱহাৰ কৰি থাকিবলৈ সম্প্ৰদায়টোক সদা-উত্তেজিত কৰি ৰাখিবলৈ চেষ্টা কৰা ৰাজনীতিকসকল সফল হৈছিল। উপযুক্ত পৰিৱেশনৰ অভাৱত বিৰল প্ৰতিভাধৰ হৈয়ো, মনে মিলা সহযোগীৰ সহযোগ নোপোৱা ববে ৰহমান চাহাবে দীৰ্ঘদনলৈ তেখেতক মনত ৰাখিব পৰাকৈ স্থায়ী প্ৰভাৱ ব্যাপক পৰিসৰত ৰাখি থৈ যাব নোৱাৰিলে। তেখেতে নিজকে অকল সংখ্যালঘু বুলি ভবা নাছিল।

বৃহৎ অসমীয়া সমাজখনক লৈয়ে তেখেতৰ চিন্তা-ভাবনাৰ বিস্তৃতি ঘটিছিল। বহু বছৰ পিছত হ’লেও এই মহান জননেতা তথা বৰ্ণাঢ্য ব্যক্তিত্বৰ অধিকাৰী বহু দিশতে পাৰদৰ্শী ৰহমানক নতুনকৈ আৱিষ্কাৰ কৰাৰ চেষ্টা উদ্যোক্তাকলৰ প্ৰশংসনীয় চেষ্টা বুলি ক’বই লাগিব। এতিয়াও নানা বিভ্ৰান্তি আৰু চিন্তাৰ দৈন্যৰ দ্বাৰা আক্ৰান্ত সমাজখনক উদ্ধাৰ কৰাৰ বাবে আতাউৰ ৰহমানৰ স্মৃতি ৰোমন্থন প্ৰেৰণা হ’ব পাৰে। দৰিদ্ৰতা আৰু অন্ধকাৰৰ মাজত ইজ্জতৰ বাবে যুঁজিবলগীয়া সমাজখনৰ বাবে ৰহমানৰ স্মৃতি ৰোমন্থন আন্ধাৰৰ মাজতো পোহৰ বিচৰাৰ সাহসী প্ৰেৰণা হওক বুলি— ৰহমান চাহাবলৈ শ্ৰদ্ধা নিবেদিলোঁ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here