Home অসম গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী তদানীন্তন উপায়ুক্ত আতিকা চুলতানাৰ জামিন নাকচ

গাঁওবুঢ়া নিযুক্তি কেলেংকাৰী তদানীন্তন উপায়ুক্ত আতিকা চুলতানাৰ জামিন নাকচ

224
0


ষ্টাফ ৰিপ’ৰ্টাৰ, গুৱাহাটী, ২ ফেব্ৰুৱাৰী:
লাখ লাখ টকাৰ বিনিময়ত গাঁওবুঢ়াৰ পদ বিক্ৰী কৰা দক্ষিণ শালমাৰা-মানকাচৰৰ তদানীন্তন উপায়ুক্ত আতিকা চুলতানাৰ বিপদ নিশ্চিত৷ গ্ৰেপ্তাৰৰ ভয়ত অসুস্থতাৰ নাটক ৰচি হাস্পতালত ভৰ্তি হৈ থকা এইগৰাকী ঘোচখোৰ আতিকা চুলতানাই যিকোনো সময়তেই গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ অসুস্থতাৰ দোহাই দি অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ কাষ চাপিছিল যদিও ন্যায়ালয়ে আতিকা চুলতানাৰ জামিন আজি নাকচ কৰে৷ উল্লেখ্য যে দক্ষিণ শালামাৰা-মানকাচৰৰ প্ৰায় ৯০ গাঁওবুঢ়া পদৰ নিযুক্তিক লৈ বিয়াগোম কেলেংকাৰি সংঘটিত হৈছিল৷ ৮ লাখৰ পৰা ১০ টকাৰ বিনিয়মত গাঁওবুঢ়াৰ পদ বিক্ৰী কৰা হৈছিল৷ উক্ত গাঁওবুঢ়া নিযুক্তি কেলেংকাৰিৰ এক অন্যতম অভিযুক্ত চইবৰ ৰহমান ইতিমধ্যে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ হাতত গ্ৰেপ্তাৰ হৈছে৷ গাঁওবুঢ়া নিযুক্তি কেলেংকাৰি সংঘটিত হোৱাৰ সময়ত দক্ষিণ শালামাৰা-মানকাচৰ জিলাৰ উপায়ুক্ত আছিল আতিকা চুলতানা৷ গাঁওবুঢ়া নিযুক্তিৰ নামত সংঘটিত এই বিয়াগোম কেলেংকাৰিৰ সন্দৰ্ভত চইবৰ ৰহমানক মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে জেৰা চলোৱাত বহু তথ্য পোহৰলৈ আহে৷ আতিকা চুলতানা উক্ত কেলেংকাৰিৰ সৈতে জড়িত বুলি চইবৰে তদন্তকাৰী দলৰ সন্মুখত স্বীকাৰোক্তি প্ৰদান কৰে৷ সমান্তৰালভাৱে আতিকা চুলতানাকো তদন্তকাৰী দলটোৱে কেইবাবাৰো জেৰা চলায়৷ এইগৰাকী তদানীন্তন উপায়ুক্ত আতিকা চুলতানাই গ্ৰেপ্তাৰৰ ভয়ত অসুস্থতাৰ দোহাই দি চিকিৎসালয়ত ভৰ্তি হৈ আছিল৷ আনকি অগ্ৰিম জামিন বিচাৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ কিন্তু আজি আদালতে আতিকা চুলতানাৰ জামিন নাকচ কৰে আৰু বিষয়টো অতি গুৰুত্বপূৰ্ণ আৰু ডাঙৰ গোচৰ বুলি উল্লেখ কৰে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here