Home স্থানীয় গাঁওবুঢ়া নিযুক্তিৰ নামত কোটি কোটি আত্মসাৎ তদানীন্তন উপায়ুক্ত আতিকা চুলতানাৰ: দক্ষিণ শালমাৰা...

গাঁওবুঢ়া নিযুক্তিৰ নামত কোটি কোটি আত্মসাৎ তদানীন্তন উপায়ুক্ত আতিকা চুলতানাৰ: দক্ষিণ শালমাৰা -মানকাচৰ জিলাৰ ভয়াৱহ কেলেংকাৰীক লৈ তদন্ত আৰম্ভ

162
0


মানকাচৰৰ পৰা ফাৰহাদ আহমেদ, ১৬ নৱেম্বৰ ঃ ৰাজ্য চৰকাৰে দুৰ্নীতি, ভ্ৰষ্টাচাৰ, দালালৰাজৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ৷ দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া- কৰ্মচাৰী, ৰাজনৈতিক নেতা-পালিনেতা, দালালক গ্ৰেপ্তাৰ কৰি জে’ললৈ প্ৰেৰণ কৰি ৰাজ্যখনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক নজিৰ সৃষ্টি কৰিছে৷ সমান্তৰালভাৱে দক্ষিণ শালমাৰা-মানকাচৰ জিলখনতো চৰকাৰৰ কঠোৰ নিৰ্দেশৰ ফলত আৰক্ষী, জিলা প্ৰশাসনে কে’বাগৰাকী দালালক আটক কৰি জে’ললৈ প্ৰেৰণ কৰিছে৷ এইবাৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন উপায়ুক্ত আতিকা চুলতানাৰ ক’লা অধ্যায় খোল খাইছে৷ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ তদানীন্তন অতিৰিক্ত উপায়ুক্ত ছইবৰ ৰহমানক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত দক্ষিণ শালমাৰা- মানকাচৰ জিলাত বিভিন্ন বিভাগত দীৰ্ঘদিন ধৰি চলি থকা দুৰ্নীতি, দালালৰাজৰ নতুন ক’লা অধ্যায় পোহৰলৈ আহিছে৷ ২০১৮ চনত দক্ষিণ শালমাৰা- মানকাচৰ জিলাৰ মানকাচৰ বিধানসভা সমষ্টিত ৭০গৰাকী গাঁওবুঢ়াক বিভিন্ন ল’টত নিযুক্তি দিয়াৰ বাবে সেই সময়ৰ জিলা উপায়ুক্ত আতিকা চুলতানাই বাছনি প্ৰক্ৰিয়া সম্পন্ন কৰিছিল৷ কিন্তু লক্ষ্যণীয় যে বাছনিকৃত ৭০গৰাকী গাঁওবুঢ়া প্ৰাৰ্থী নিজৰ নিজৰ দলীয় নেতাৰ নেতৃত্বত প্ৰতিগৰাকী বাছনিকৃত প্ৰাৰ্থীৰ পৰা চাৰি লাখৰ পৰা দহ লাখ টকাকৈ উৎকোচ সংগ্ৰহ কৰি জিলা উপায়ুক্ত আতিকা চুলতানাৰ লগত বজাবুজি কৰি গাঁওবুঢ়া প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ঘোষণা কৰিছিল বুলি জানিব পৰা গৈছে৷ বহু বছৰৰ পৰা গাঁওবুঢ়া হিচাপে কাম কৰি থকা ব্যক্তিসকলক বিভিন্ন কৌশলেৰে উপায়ুক্তগৰাকীয়ে বঞ্চিত কৰাত তেওঁলোকে গুৱাহাটী হাইক’ৰ্টৰ দ্বাৰস্থ হয়৷ যাৰ ফলত উপায়ুক্তগৰাকীয়ে চূড়ান্তভাৱে বাছনি কৰা গাঁওবুঢ়াসকলক নিযুক্তি প্ৰদান কৰিব পৰা নাছিল৷ উল্লেখ্য যে আইনী মেৰপেঁচৰ বাবে ২০২১ চনত তদানীন্তন উপায়ুক্ত গুৰুদীপ পানেশৰৰ নেতৃত্বত বাছনিকৃত প্ৰাৰ্থীৰ ভিতৰত ৬৮গৰাকী গাঁওবুঢ়া প্ৰাৰ্থীক ৫৬ হেজাৰৰ পৰা ৬০ হেজাৰ টকাকৈ সংগ্ৰহ কৰি নিযুক্তি প্ৰদান কৰে বুলি অভিযোগ উত্থাপিত হৈছে৷ আনহাতে, গাঁওবুঢ়া বাছনি আৰু নিযুক্তি প্ৰক্ৰিয়াত বৃহৎ দুৰ্নীতি আৰু বহু লটত ব্যাপক অনিয়ম কৰি সমষ্টিৰ প্ৰায় সকলোবোৰ নেতাৰ আশিস¸ তথা হস্তক্ষেপত মোটা অংকৰ ধনৰ লেনদেন কৰি এনে কাৰ্য সম্পাদন কৰে বুলি পুৰণি বেচৰকাৰী গাঁওবুঢ়াসকলে গুৰnতৰ অভিযোগ উত্থাপন কৰিছে৷ মানকাচৰ সমষ্টিৰ গাঁওবুঢ়া প্ৰাৰ্থী বাছনি আৰু নিযুক্তি কেলেংকাৰীত মহানায়িকা তদানীন্তন উপায়ুক্ত আতিকা চুলতানা, তদানীন্তন উপায়ুক্ত গুৰnদীপ পানেশৰ আৰn এই কেলেংকাৰীত সক্ৰিয়ভাৱে জড়িত ৰাজনৈতিক নেতাসকলক মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাই তদন্তৰ আওতালৈ আনি স্বচ্ছ, নিকা তদন্তমৰ্মে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি বিহাৰ লগতে বহু বছৰ ধৰি গাঁওবুঢ়া হিচাপে কাম কৰি অহা ব্যক্তিসকলক ন্যায় প্ৰদান কৰিবলৈ অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে৷ আজি মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ দল এটাই হাটশিঙিমাৰীস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ গাঁওবুঢ়া নিযুক্তিৰ কেলেংকাৰী সন্দৰ্ভত দাখিল কৰা গোচৰৰ ভিত্তিত ধৰি কালি আবেলি দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ তিনিজনীয়া ভিজিলেন্সৰ দলে তদন্ত আৰম্ভ কৰা পৰিলক্ষিত হৈছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here