Home Main Stories জুৰীয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড : ঘাতকৰ নৃশংসতাৰ বলি এগৰাকী কণমানি : দহবছৰীয়া...

জুৰীয়াত চাঞ্চল্যকৰ ডকাইতি কাণ্ড : ঘাতকৰ নৃশংসতাৰ বলি এগৰাকী কণমানি : দহবছৰীয়া নাবালিকাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা দুষ্কৃতিকাৰীৰ

392
0

ষ্টাফ ৰিপ’ৰ্টাৰ, নগাঁও, ২৮ ডিচেম্বৰ : নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত পূব মাহেৰীপাৰত যোৱা নিশা এগৰাকী কণমানি শিশুক নৃশংস ভাবে হত্যা কৰি চীপ লৈ ওলমাই থোৱা অভিযোগৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।  উত্থাপিত অভিযোগ অনুসৰি, জুৰীয়াৰ পূৱ মাহেৰিপাৰৰ ছাইদুৰ ইছলামে স-পৰিয়ালে ফুৰিবলৈ যোৱাত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে ধন-সোণ আ-অলংকাৰ লুটপাট কৰি বাসগৃহ লণ্ড ভণ্ড কৰাৰ লগতে ঘৰ খনত  থৈ যোৱা ছুমায়া আখতাৰ নামৰ এগৰাকী কণমানিক হত্যা কৰি পাকঘৰত ওলমাই থৈ আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা চলাই। উল্লেখ্য যে উক্ত কণমানি গৰাকীক কাষৰে ক’কাকৰ ঘৰত পিতৃ মাতৃয়ে থৈ বিয়া খাব গৈছিল আৰু নিজ বাসগৃহটো সম্পূৰ্ণ ৰূপে তলা লগাই ছাবি লগত লৈ গৈছিল যদিও ৰহস্যজনক বিষয়টো হ’ল যে বাসগৃহটোৰ সম্পূৰ্ণৰূপে তলা ভঙাৰ লগতে আচবাব, বয়বস্তু লণ্ড ভণ্ড হৈ থকা পৰিলক্ষিত হয়। ইপিনে, কণমানি গৰাকীও মূলগৃহৰ লগতে থকা পাকঘৰত চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। নিশাই জুৰীয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে নগাঁঁৱলৈ প্ৰেৰণ কৰে। ঘটনা সংক্ৰান্তত পৰিয়ালৰ লোকে আজি দুজন লোকৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত গোচৰ ৰুজু কৰে। অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে অধিক তথ্য প্ৰদান কৰাৰ পৰা বিৰত থাকে। আনহাতে, মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত আজি বিয়লি কণমানি গৰাকীৰ মৃতদেহ ঘৰলৈ আহি পোৱাৰ পিছত এক শোকাকুল পৰিবেশৰ সৃষ্টি হয়। পূৱ মাহেৰীপাৰ এল পি স্কুলৰ তৃতীয় শ্ৰেণীৰ মেধাৱী ছাত্ৰী গৰাকীৰ অকাল মৃত্যুয়ে সকলোকে হতচকিত কৰি তোলে। বিভিন্ন দল- সংগঠনেও ছাত্ৰী গৰাকীৰ মৃত্যুৰ এক উচিত তদন্তৰ দাবী কৰাৰ লগতে হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবী জনাইছে।আৰক্ষীৰ উচিত তদন্তইহে পৰৱৰ্তী সময়ত প্ৰকৃত সত্য পোহৰলৈ আনিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here