Home Uncategorized ডবকাত পুনৰ উত্তপ্ত পৰিস্থিতি ,দুই শিক্ষাৰ্থীৰ মুক্তিৰ দাবীত মদাৰতলী উচ্চ ইংৰাজী বিদ্যালয়ৰ...

ডবকাত পুনৰ উত্তপ্ত পৰিস্থিতি ,দুই শিক্ষাৰ্থীৰ মুক্তিৰ দাবীত মদাৰতলী উচ্চ ইংৰাজী বিদ্যালয়ৰ একাংশ শিক্ষাৰ্থীৰ পথ অৱৰোধৰ চেষ্টা৷

106
0

গণ-বাৰ্তা,নীলবাগান,২১ ফেব্ৰুৱাৰী :-বিগত তিনিদিন ধৰি এটা মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা উত্তেজনা আজিও অব্যাহত আছে৷ উক্ত মাৰপিটক লৈ আজিও উত্তাল হৈ আছে ডবকাৰ মদাৰতলি উচ্চ ইংৰাজী বিদ্যালয়৷তিনিদিন পুৰ্বে বিদ্যালয়খনত বিদায়ী সভা চলি থকাৰ সময়তে বিদ্যালয়ৰ বাহিৰত ফটো তোলাক কেন্দ্ৰ কৰি দুজন শিক্ষাৰ্থী আৰু দুজন বড়ো যুৱকৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হয়৷ বড়ো দুই যুৱকে মেহমুদ আলম আৰু চামচ উদ্দিনক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰে৷ প্ৰত্যুত্তৰত এওঁলোকেও আন একাংশ ছাত্ৰক লগত লৈ বড়ো দুই যুৱকক প্ৰত্যাক্ৰমন কৰে৷ঘটনাস্থলীত ডবকা আৰক্ষীৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত হৈ শিক্ষাৰ্থী ক্ৰমে মেহমুদ আলম,চামচ উদ্দিন সহ আনটো পক্ষৰ দিপো বড়োক আটক কৰিছিল৷আৰক্ষীয়ে তদন্ত মৰ্মে শিক্ষাৰ্থী দুয়োগৰাকীক যোৰহাটৰ শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰে৷ তাতে OBSERVATION গৃহত শিক্ষাৰ্থী দুগৰাকীৰ চলি থকা পৰীক্ষা দিয়াৰ ব্যৱস্থাও কৰি দিয়ে৷ আনহাতে দিপো বড়োক জেল হাজোতলৈ প্ৰেৰণ কৰে ডবকা আৰক্ষীয়ে৷আৰক্ষীয়ে বাকী অভিযুক্ত সকলক আটক কৰিবলৈ জোৰদাৰ অভিযান অব্যাহত ৰাখিছে৷ইয়াৰ মাজতে এই ঘটনাক কেন্দ্ৰ কৰি বিগত তিনিদিন ধৰি প্ৰতিবাদেৰে উত্তাল কৰি দুয়ো ছাত্ৰক বিনা চৰ্তত মুক্তিৰ দাবী জনায় শিক্ষাৰ্থীসকলে৷আৰক্ষীয়ে বুজাই পৰাই প্ৰতিবাদী সকলক সৈমান কৰায় যদিও পিছদিনা পুনৰ ৰাজপথত ওলাই আহে শ-শ শিক্ষাৰ্থী প্ৰতিবাদকাৰী৷ প্ৰতিবাদকাৰীসকলে ডবকা থানা ঘেৰাও কৰিবলৈ ৰাওনা হয়৷ হোজাই অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিত দুৱৰা আৰু উপ আৰক্ষী অধীক্ষক ৰৌজি তালুকদাৰে আধাবাটতে শিক্ষাৰ্থী সকলক বুজনি দি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ইফালে এই ঘটনাক সাম্প্ৰদায়িক ৰহন সানি বড়ো আৰু মুছলিমৰ মাজত সংঘাত লগাব বিচাৰিছে এটা চক্ৰই৷যাৰ বাবে শিক্ষাৰ্থীসকলক বিভিন্ন ধৰণে উত্তেজিত কৰি আছে এইসকলে৷এই কাৰ্যত বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি জড়িত বুলিও সন্দেহ কৰিছে একাংশই৷আজি পৰিচালনা সমিতিৰ সভাপতিক সোধপোছৰ বাবে আটক কৰিছে আৰক্ষীয়ে৷বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণ কৰিছে আৰক্ষীয়ে কিন্তু এটা দুষ্ট চক্ৰই শিক্ষাৰ্থীসকলক উচতনি দি থকাত আৰক্ষীয়ে এই চক্ৰটোৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here